সোঁৱৰণী
প্ৰিয়ংকা চমুৱা
ঢকুৱাখনা, লখিমপুৰ
নীলা চোলাটিৰে মিঠা হাঁহিটি মাৰি
তোমাৰ উজ্বলা মুখ খনি
আজিও মানস পটত জিলিকে
বুকুত বাজে দুন্দুভি তোমাৰ হেঁপাহ জাকৰ...।
ভেট ফুলকে পদুম ভাবি
সুখৰ হাঁহি জিলিকা দিনৰ সাধু এটিয়ে
আজিও সুখৰ চকুলো নিগৰায়
যেন তুমি হেৰাই যোৱা বাঁহীটি বুটলি
বজাবা আকৌ এবাৰ।
কৈ কৈ শেষ নোহোৱা কথাবোৰ
গালে শেষ নোহোৱা গীত বোৰ
আল্পনা যেন হেঁপাহৰ নতুন ৰঙৰ
জীৱনৰ অনুপম ৰাগৰ।
ক’ব নোৱাৰাকৈ তোমাক
নিজৰ বুলি ভবা দিনবোৰ
জীপাল হৈ থাকে মন দাপোনত
ঘূৰাই পাব নোৱাৰা দিনবোৰে
হাত বাউলী মাতে যেন আকৌ
যাওঁ বুলিও উভতি যাব নোৱাৰা দিনবোৰলৈ
য'ত মই তোমাৰ আৰু তুমি
মোৰ আছিলা অকপতে…!
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪

No comments:
Post a Comment