মানৱতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

মানৱতা

 


মানৱতা


ভূমিকা দাস



    মোবান্ধৱী ৰিমিয়ে এদিন  ততাতৈয়াকৈ বজাৰখিনি লৈ ৰাস্তাৰ কাষত ৰাখি থৈ যোৱা গাড়ীখনৰ দৰ্জাখন খুলিবলৈ লোৱা‌ৰ লগে লগেই হাতৰ পৰা গাড়ীৰ চাবিপাত  পদ পথত থকা ঢাকনিৰ ভিতৰেৰে সোমাই গ’ল।

তাই বিবুদ্ধিত পৰিল কিয়নো গাড়ীৰ ছিটত তাইৰ সাতমহীয়া কেচুৱাটি শুৱাই থৈ গৈছিল। তাই চাৰিওফালে চালে। অহাই আহিছে, যোৱাই গৈছে কিন্তু তাইক সহায় কৰিবলৈ কোনো এজনেই আগবাঢ়ি নাহিল। কাৰো যেন তাইৰ অসহায় অবস্থাটোৰ কথা হৃদয়ঙ্গম কৰিবলৈ সময় নাই...!!

  তাই নিজেই ড্ৰাইভাৰৰ চিটৰ কাষৰ দৰ্জাখনৰ আইনাখন খুলিবলৈ যৎপৰোনাষ্টি চেষ্টা কৰিও ভাগৰি পৰিল। ঠিক সেই সময়খিনিতে বিপৰীত দিশৰ পৰা আহি থকা মগনীয়া এজনে মাগি মাগি আহি সেই ঠাইখিনি পাইছিলহি। তেওঁ এই দৃশ্যটো দেখি ৰৈ থাকিব নোৱাৰি ওচৰলৈ আহি তাইক দোকানৰ পৰা এটা চেল’টেপ আনিব দিলে আৰু কোনোমতে চেল’টেপ দীঘলকৈ লগাই পিছফালৰ আইনাখন অলপ খুলি দিলে। ৰিমিয়ে কান্দি থকা কেঁচুৱাটোক আইনাখনৰ ওপৰেৰে সাৱধানে উলিয়াই আনি কোঁচত লৈ দীঘল হুমুনিয়াহ এটা কাঢ়িলে..!! 

   মগনীয়া লোকজনেই পদপথৰ ওপৰত থকা ঢাকনিখন আঁতৰাই গাড়ীখনৰ চাবিটোও উলিয়াই আনি তাইৰ হাতত দিলে। মগনীয়া লোকজনৰ পোছাক পৰিচ্ছদ লেতেৰা, চুলিবোৰ ফপৰা-জপৰা আছিল যদিও তেওঁ এজন মানৱীয় গুণসম্পন্ন বিশাল হৃদয়ৰ গৰাকী আছিল যে সেয়া তেওঁৰ কৰ্মৰ জড়িয়তে নিশ্চিতভাৱে প্ৰমাণ হ’ল।

অথচ,স্মাৰ্ট চিটিত বাস কৰা উচ্চ শিক্ষিত, ধনবান, গাড়ী ঘোঁৰা থকা মানুহবোৰ আচলতে মনৰ পৰা স্মাৰ্ট নে এটি প্ৰশ্ন হৈ তাইৰ মনত ওলমি থাকিল।


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages