সতীয়া সন্তান
ৰেজিয়া চৌধুৰী
সুখৰ মুখ নেদেখা জীৱনটোৱে যেন কিছু সুখানুভৱৰ সংকেত পোৱা যেন পালে যদিওবা তাইৰ অজ্ঞাতে সকলো হৈ আছিল।
কাৰণ তিল তিল কৈ ভুগি ..…সঞ্চয় কৰি থকা কটূক্তিৰে ভৰা জীৱনটোৰ পৰা পৰিত্ৰাণ পাবলৈ কেতিয়াবাৰে পৰা পণ গণি আছিল।
সকলোবোৰ ইমান খৰ-খেদাকৈ হৈ গ'ল তাই টলকিবয়ে নোৱাৰিলে ।
ফুলশয্যা ৰাতি ...যেতিয়া পলৰ লগে লগে দুজোপাকৈ গা গছ কোঠাটোৰ ভিতৰলৈ সোমাই আহিল তেতিয়া তাইৰ বুজিবলৈ একোৱে বাকি নাথাকিল ....সতীয়া মাকৰ উদ্দেশ্য কি আছিল ...?
যিটো কাৰণতে তাই অতদিনে ভয়তে পলাই ফুৰিছিল অৱশেষত সেয়াই হ'ল।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪
No comments:
Post a Comment