জীৱন
অসমী গগৈ
নাজিৰা
আনদিনাতকৈ অলপ সোনকালে সাৰ পালে সি। বিচনাখনত পৰি থাকোতেই উমান পালে, বৰষুণ দি আছে। তথাপিতো উঠি আহিল সি, হাতত সাৰে ভৰিত সাৰে। তেতিয়াও পাটীতে থকা মানুহজনীলৈ এপলক ঘূৰি চাই আহিল । ওফোন্দা পেটটো লৈ মানুহজনী বাওঁফালে কাটি হৈ শুই আছে। সিদিনা আশা বাইদেৱে আহি কৈ যোৱাৰে পৰা মানুহজনী তেনেকৈয়ে শুইছে। সময় তেনেই ওচৰ চাপিল। নতুন মানুহ, আগো বাঢ়িব পাৰে, সবেই কৈছে তাক সজাগ হৈ থাকিবলৈ। সি হে পৰা নাই আজৰি হ'বলৈ।
আজি সেয়ে সি সোনকালে উঠিছে। আধি লোৱা মাটিৰ এবিঘা বাকী ৰৈছেগৈ। সোনকালে মৈয়াই থলে ৰোৱনীবোৰ আহিলে ৰ'ব নেলাগে। কোন কাহানিবাতে বুধবৰীয়া বজাৰৰ পৰা কিনা এতিয়া ৰঙ যোৱা লংপেণ্টটো কাটি বনোৱা হাফ পেন্টটোৰ লগত গেঞ্জীটো পিন্ধি সি আগফালৰ বাৰান্দালৈ ওলাই আহিল। বৰষুণ কমিল । বুৰুলি খেৰে চোৱা বাৰান্দাৰ আওলাটোৱেদি তেতিয়াও টোপ টোপকৈ পানী পৰি আছে। সদায় পানী পৰি পৰি হোৱা লোৰটোৱেদি পানীবোৰ বৈ গৈ আছে। মনলৈ আহিল তাৰ। সিও তাৰ সপোনবোৰ এনেদৰেই পানীৰ টোপালৰ দৰেই গোটাইছে, আগলৈ গৈ থাকিবলৈ।
কাণ এৰোৱা মাটিৰ কেৰাহীটোত আগদিনাই আনি থোৱা পানী বাল্টি ঢালি দুমুঠি তুঁহ আৰু এজেবা নিমখ গুলি গৰু হালক গোহালিৰ পৰা উলিয়াই আনিলে। গাঠি কেইটা খোলোতেই গৰুহালৰ লগতে তাকো মহ,ডাঁহ, চেৰেপাই খাই আধ্যা পেলাও যেন কৰিলে। গধুলিলৈ ভালকৈ জাক দিব লাগিব। পথাৰৰ কাষতে আছে বিহলঙনী এডৰা। তুঁহ আছেই।
গৰুহালে খাবলৈ লাগিল তৃপ্তিৰে। খালী বাল্টিটো লৈ সি নাদৰ পাৰলৈ দৌৰ দিলে। দিনটোলৈ দৰকাৰ হোৱা পানীখিনি উঠাই থৈ নগ'লে বৰ কষ্ট হ'ব মানুহজনীৰ। নিমিষতে ভৰাই পেলালে টৌ কেৰাহী কলহ বাল্টি আটাইবোৰ। পাকতে খুলি দিলে হাঁহ কুকুৰা কেইটা। ছেহ: দেৰিয়ে হৈছে! নাদৰ পানীতোলা বাল্টিটোৰ পৰা আজলি ভৰাই পানী পি থাকোতেই শুনিলে সি মাতষাৰ…
: ইমানকৈনো চেঁচাপানীবোৰ কিয় খাইছে? হো লওঁক চাহপানী বাতি খাই যাওঁক।
পুৱাৰ সুৰুযৰ ৰঙেৰে ৰঙাই গ'ল তাৰ মন। এইষাৰ মাত, এইবোৰ মৰমৰ বাবেই সি তেজক পানী আৰু হাঁড়ক মাটি কৰিব পাৰে। কাৰণ সপোন গজাই ভালপোৱা খেতিয়কৰ ল'ৰা সি। মানুহজনীৰ ওফোন্দা পেটটোলৈ চকু গ'ল তাৰ, সকলো ভালে ভালে হ'লেই হয়……
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪
No comments:
Post a Comment