অস্তগামী
ৰিচা গগৈ
ডিব্ৰুগড়
দুয়োৰে বয়স এতিয়া অস্তগামী সূৰুয সদৃশ। অথচ মৰমবোৰ সৌ সিদিনাৰ দৰেই। যিদিনা বকুলবন গাঁৱৰ নদীৰ পাৰত দুয়োজনে কথা দিছিল....এই প্ৰেমক যুগমীয়া কৰি ৰাখিম ।
সময়ৰ ৰথ খন চলি গৈ বৰ্তমানৰ অৱস্থাত উপনীত হ'ল। দিনবোৰ বাগৰিল, বসন্তবোৰ আহিল আৰু গ'ল, বয়সে কিছু দিনৰ আগতেই ষাঠিৰ দেওনা পাৰ হ'ল। অথচ মৰম, বিশ্বাস, অভিমানবোৰ কোনো ক্ষেত্ৰতেই সলনি নহ'ল ।
গাঁৱৰ নামঘৰত বৰসবাহ। পুত্ৰ - বোৱাৰীৰ ব্যস্ততাৰ পৰা আহৰি নাই। পুৱাতেই কৰ্মস্থলীলৈ যাত্ৰা। আবেলি ঘৰমুৱা পক্ষীৰ দৰেই উভতনি যাত্ৰা। শৰীৰত বয়সৰ চাপ। তথাপি তেওঁলোকেও পুত্ৰ - বোৱাৰীৰ দৰেই ব্যস্ততাৰ জীৱন পাৰ কৰিছে।
..... মই নাযাওঁ বুলিয়ে ভাবিছোঁ। আপুনিয়ে যাওঁক নাতিনী জনীক লগত লৈ.।....
বৃদ্ধ ৰবীন দত্তৰ কৃত্ৰিম খঙে চুলিৰ আগ পালেগৈ
..…. কি কথা কোৱাহে..। কিয় নোযোৱা তুমি ? গোটেই গাঁৱৰ মানুহ আহিব। তুমিও ওলোৱা সোনকালে। অজুহাত নেদেখুৱাবা কিন্তু।....
কথা পেলাব নোৱাৰি যাবলৈ বাধ্য ৰবীন দত্তৰ পত্নী মীনা দত্ত। অৱসৰপ্ৰাপ্ত আৰক্ষীৰ পত্নী। কিন্তু গপ, ভেম বুলিবলৈ একেবাৰে শূণ্য।
কোনে কয়... সময়ৰ সোঁতত মৰম বোৰ চেদেলি - ভেদেলি হয় বুলি ? প্ৰকৃত প্ৰেমত মৰমৰ অন্ত নাই। জীৱনৰ ৰঙা বেলি অস্তগামী হ'লেও ভালপোৱাবোৰ কমি নাযায়।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪
No comments:
Post a Comment