মনৰ উকা বহী
আব্দুৰ ৰহমান প্ৰামাণিক
কুৰ্শাকাটি, কোকৰাঝাৰ
এখন উকা বহীত নিজৰ ইচ্ছাৰ কথা লিখিছিলো
নিজৰ আশা আকাংক্ষাৰ এক চিত্ৰ আঁকিছিলো
পোৱা নোপোৱা, হাৰ জিত, সুখ দুখৰ গীত লিখিছিলো
হাঁহি কান্দোনত চলাথ কৰি নিজকে বিচাৰি পাইছিলো
দুৰ্বলতাৰ ছেগ বিচাৰি সেই উকা বহী পূৰ্ণতা পালে
কাল গ্ৰাসত ওলোটা মোকেই আঘাত হানিলে!
এবিধ বনৰীয়া গছ, অৰ্জুন বুলি স্নেহে দীঘল কৰিলোঁ
মনত অপাৰ আশা লৈ তাৰ গুণাগুণ জানি আপ্লুত হলো
হাবিবে ক'লে নাই অৰ্জুন নহয়, বনৰীয়া বিষাক্ত বৃক্ষ হে
মনত বেজাৰ পালো অপকাৰী জানি
মোৰ মৰম, আশা সকলো অথলে গল
হাটৰো নহল ঘাটৰো নহল মাথো গৰম উশাহ ........
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪
No comments:
Post a Comment