বিশ্বস্ত সংগী
অশোক ৰাম ভট্টাচাৰ্য্য
আমোলা পট্টি, নগাঁও
ভালেই হওঁক কিম্বা বেয়াই হওঁক
এই অবিৰত যাত্রাত
নিসংগতাই শ্ৰেষ্ঠ আচ্ছাদন,
হিয়াভগা বেদনাৰ সাগৰ
কিম্বা আতুৰতা, কাতৰতাত
সংগীয়ে সশব্দে অট্টহাস্য কৰে
মইবৰ ভাবত পৰিহাস কৰে;
তেতিয়াই ভাবো তোমাৰ কথা
নিসংগতা তোমাক মিনতি
সংগ দিয়া আকৌ এবাৰ
বোৱাম জুৰিৰে সত্য সুন্দৰক
যদিওবা জানো _
সাগৰলৈ বহু দূৰ বাকী।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪
No comments:
Post a Comment