নাৰীঃ এক ভুল
জয়শ্ৰী বৰা
বোকাখাত
নাৰী !
নিজতেই এক শক্তিপীঠ
আকাংক্ষাৰ বিস্তৃত পৃথিৱীত হেজাৰৰ বাবে
প্ৰাণ তুলি উঠা স্ৰোতশ্বিনীৰ এক জোৱাৰ,
ধৰাৰ পৰ্দাত প্ৰকাশিত বাস্তৱিক নাটকখনৰ
ভিন্নৰূপীত জীয়া চৰিত্ৰ ।
মাদাৰ টেৰেছাৰ সেৱাৰ পৰিচয়,
কল্পনা চাওলাৰ সাহসী চিহ্ন,
এই মঞ্চতেই উজলিত।
দ্ৰৌপদীৰ সতীত্বক অৱমাননা কৰাৰ দৃশ্যও
এইখন ভূমিতেই সম্প্ৰচাৰিত,
আই! প্ৰতিটো সংক্ষিপ্ত চৰিত্ৰৰ হৃদয়স্পৰ্শিত বৰ্ণালীয়ে
সাহসী কৰি তুলিছিলি,
যেন একবিংশ শতিকাৰ এক তীব্ৰতম শক্তি।
ক্ষমা কৰি দিবি অ’ আই
তই দিয়া অটুট সাহ খিনিও ঠুনুকা পৰি ৰʼল,
মই নোৱাৰিলোঁ অ’ বৰ বেছি দিনলৈ
তই আপোন বুলি ভৱা
মানৱী সেৱাৰ বিশালতাত প্ৰাণ ঢালিবলৈ;
নৃশংস অসুৰ কেইটাৰ পাষাণহৃদয়খন
মোৰ আৰ্তনাদত
এবাৰলৈও নগলিল !
কষ্টয়ো যেন এবাৰলৈ থমকিছিল
তাহাঁতৰ নিৰ্মমতাত,
শেষলৈ যুঁজিছিলো অʼ আই ;
তই দিয়া সাহসেৰেই
কিন্তু !
নিয়তিৰ ছায়াত
নিথৰ হৈ মাথোঁ পৰি ৰʼল ৰক্তঅক্ষিজলেৰে দুনয়ন,
এইখন সমাজৰে নৰপিশাচে
তোৰ গৰ্ভত জীপাল হোৱা শৰীৰটো
শেষ কৰি দিলে অʼ,
তই মোক লৈ দেখা সপোনবোৰো এইখিনিতে নিষ্পাণ হৈ ৰʼল।
সকলোৰে প্ৰাণ আকোঁৱালি নিজৰ ৰক্ষিতা হ'বলৈ হাৰি গʼলো,
আয়তীৰ উৰুলিয়ে ৰজনজনাই তোলা ৰভাৰ তলিৰ সপোনো
তোৰ নয়নাশ্ৰুয়ে সামৰি ল’ব,
সৰুতে পিতায়ে শিকোৱা সত্য অহিংসাৰ পথটোও আজি
বিপৰীতে গতি কৰিলে,
ক্ষমা কৰি দিবি অ’ আই
তোৰ কোলা উদঙ কৰাৰ মোৰ অধিকাৰ নাই,
কিন্তু মই যে পৰাজয়ৰ অৱস সমুদ্ৰত শুই পৰা
এজনী ধৰ্ষিতা,
ভুল কʼত আছিল
সত্যৰ আকাশত সমাজৰ সপোন দেখা ?
এগৰাকী মাতৃয়ে কন্যা সন্তানক লৈ
কল্পনা কৰা সপোনবোৰ ?
নে এই সমাজখনৰ
এগৰাকী নাৰীৰূপে জনম ?
প্ৰতিফলিত হ’বনে একবিংশ শতিকাৰ মজিয়াত
নাৰীৰ মান,
ন্যায় পাবনে প্ৰতিবাৰে পোৱা লাঞ্চনাৰ, কষ্টৰ ?
আমাৰো জীয়াই থাকিবলৈ মন যায় অ’ আই
এই বসুন্ধৰাত।।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪
No comments:
Post a Comment