এটাই মাথোঁ শৰীৰ
নাছিৰ আহমেদ
শিমলাবাৰী, গোৱালপাৰা
এটাই মাথোঁ শৰীৰ,
ওঠৰ বিশজন দানৱ,
এশ তেইশ ঠাইত অসুৰৰ বিষাক্ত দাঁতৰ দংশন,
এশ পঞ্চাশ মিলিগ্ৰাম অপৰিশোধিত বীৰ্য!
সিহঁতে গৰুৰ মাংস ভক্ষণ নকৰে; কাৰণ, সিহঁত নৈষ্ঠিক হিন্দু,
সিহঁতে গাহৰিৰ মাংস ভক্ষণ নকৰে; কাৰণ সিহঁত খাটি মুছলমান।
সিহঁত আমিষভোজী বা নিৰামিষভোজীও নহয়;
কাৰণ, সিহঁত হিন্দু বা মুছলমান নহয়;
সিহঁতে কেঁচা মাংসৰ স্বাদ ভক্ষণ কৰা সৰ্বগ্ৰাসভোজী!
সিহঁত বহুৰূপীও হয় —
কট্টৰ ৰাজনৈতিক নেতা
কেতিয়াবা ৰাম, কেতিয়াবা বাম;
কেতিয়াবা আকৌ বাপু আশাৰাম! ভকত বা আল্লাৰ বান্দা।
চোৰৰ মুখত আল্লাহ, গড বা ঈশ্বৰৰ নাম!
নিজ গৃহৰ আৰামদায়ক শয়নকক্ষ, পছোৱা বতাহ প্ৰৱাহিত হোৱা ৰাজআলি বা পাৰ্ক,
জীৱন-দায়িনী মহৌষধ কৰ্মক্ষেত্ৰ বা হাস্পতালত
লালিতা, পালিতা, নিৰ্ভয়া, অভয়াৰ শৰীৰ হয় ক্ষত-বিক্ষত!
এটাই মাথোঁ শৰীৰ
ওঠৰ বিশজন দানৱ,
এশ তেইশ ঠাইত অসুৰৰ বিষাক্ত দাঁতৰ দংশন,
এশ পঞ্চাশ মিলিগ্ৰাম অপৰিশোধিত বীৰ্য!
তেতিয়াহে চাৰিওফালে আৰম্ভ হয় —
গণ-মিছিল, গণ-সমাৱেশ, ৰেলি, ধৰ্ণা, পিকেটিং, হৰতাল আৰু সৰ্বাত্মক বন্ধ!
মৰমীয়াল চৰকাৰেও কোমল দেহৰ অবোধ নাৰীৰ হাতত তুলি দিলে “ৰাত্ৰিৰেৰ এপপ”
চোৰ গ’লে বুধি
বৰষুণ গ'লে জাপি।
তাতকৈ সকলোৱে সাজু হ’বৰ হ’ল
মহিষাসুৰক বধিবলে’
সাজি কাছি ওলাই আহা সিংহবাহিনী মা দুৰ্গা!
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment