খামিডাঠ
জুনু বুঢ়াগোহাঞি
গুৱাহাটী
পোৱাৰ সুখতকৈ
হেৰুওৱা সুখত সুখী।
নিজক নিজৰ পৰা নিলগাব নোৱাৰিলোঁ
বাবেই বহুত হেৰুৱালোঁ
কাৰণ চুলিৰ আগলৈকে আছে
নিজাববীয়া এখন স্বাধীন উদ্যান।
অহংকাৰে কয়
আকাশ-বতাহ সকলো নিজৰ
সৰলতাই কয়
মাত্ৰ বিন্দু এটা হ’ব পৰা হ’লে
বিন্দুৱেই বিস্তাৰ।
সময়ে কথা সলাই ৰহণ লগাব পাৰে
কথা বহলাব পাৰে
মিছাখিনিক ঢাৰি এখনৰ দৰে
মাটিত পাৰি দিব পাৰে
তাত অজলা মানুহক বহাই থ’ব পাৰে
বাঃ প্ৰতাৰণা !
মিতা-যুগত সকলো কৰিব পাৰি।
যন্ত্ৰণাৰ টুকুৰা পনীয়া কোঠাত
আইনাৰ দৰে ভাগে
এতিয়া
একোলৈ ভয় নালাগে
কাৰণ
ভঙা ৰঙীন পেঞ্চিলৰো ৰং থাকে
ৰং দিবলৈ মাত্ৰ
হাতৰ টিপনি লাগে।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:
Post a Comment