এক জীপাল জীৱনৰ পৰিসমাপ্তিত…
কেশৱানন্দ ওজা
জীপাল জীৱন আৰু
বৰণীয়া উশাহৰ তাগিদা,
থাকে মাথো
নিৰ্মোহ, নিৰ্ভেজাল আশা।
এয়েতো জীৱন...
য'ত আছে হালধীয়া ৰ’দ,
সময়ৰ দলিচাত স্থিতপ্ৰজ্ঞ দুচকু...
আৰু দুচকুত যেন প্ৰতিবিম্বিত
জীৱনৰ প্ৰবোধ।
হঠাতে হেৰাই জীৱন
লগতে হেৰাই জীৱনৰ ৰঙ,
আৰু অমানিশাৰ আকাশত
উচুপিছে শেষ ৰাতিৰ জোন।
সময়ে সোঁৱৰাই অতীত...
আৰু স্মৃতিৰ বুকুত
জীপাল হৈ ৰয় মাথো
সোঁৱৰণিৰে ভৰা বাস্তৱ।
আজি জীৱশ্ৰেষ্ঠ মানৱৰ হাততেই
ভূলুন্ঠিত হৈছে মানৱতা,
সেয়ে আজি চতুৰ্দিশে নিনাদিত
মৃত্যুৰ কাল বিভীষিকা।
(চিকিৎসক মৌমিতা দেৱনাথৰ সকৰুণ স্মৃতিত
একাঁজলি বিনম্ৰ শ্ৰদ্ধাঞ্জলি)
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪

No comments:
Post a Comment