কথকতা জীৱনৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

কথকতা জীৱনৰ

 কথকতা জীৱনৰ


                                যাদবেন্দ্ৰ বৰা

                                       ধেমাজি


কিমান যে কথা

কত যে ঘটনা


কেইটামান নিৰ্দিষ্ট বৰ্ণৰ

গাত ভেজা দিয়ে

অসংখ্য শব্দ-বাক্যৰ সমাহাৰ


শব্দ-বাক্যৰ গাত আঁউজিয়েই

সঁচা-মিছাৰ কিমান যে ভিন্নতা

হাঁহি-কান্দোন, আক্ৰোশ তথা সমবেদনাৰ ভাগ-বটোৱাৰা

দুটামান শব্দৰ ইফাল সিফালতে সম্ভৱ


জীৱনে যে ঢাপলি মেলে

দিগন্তৰ সীমনা বিচাৰি


পাম নে বাৰু সীমাৰ সিটো পাৰৰ

সুখৰ আকৰৰ সন্ধান কেতিয়াবা!!


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages