মই সোৱণশিৰিয়ে কৈছোঁ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

মই সোৱণশিৰিয়ে কৈছোঁ

 

মই সোৱণশিৰিয়ে কৈছোঁ


                                   শিৱ প্ৰসাদ ৰাভা হাদু

                                  ছাটাবাৰী, গোৱালপাৰা


মই সোৱণশিৰিয়ে কৈছোঁ

সোৱণশিৰি,

মোৰ কোনো নাই দুখ, নাই খেদ

আছে মাথোঁ সোঁৱৰণি স্মৃতি,

মোৰ অতীতৰ কাহিনী

বুৰঞ্জীৰ পাতত থাকিব জিলিকি

নৱ প্ৰজন্মই সেইবোৰ পাঠ লুটিয়াই

পঢ়িব জংকি পানৈৰ অমৰ প্ৰেমৰ কাহিনী

কনেঙে বজোৱা বিৰহ ৰাগিণীৰ বাঁহীৰ সুৰ 

শুনিবা চাং ঘৰত বহি।

মই সোৱণশিৰি, মোৰ বুকুত

অলেখ অযুত বৈ আছে জীয়া কাহিনী

সভ্যতা সংস্কৃতি কত গঢ়ি হ’ল ধ্বংস

জীৱন্ত সাক্ষী মই সোৱণশিৰি,

আজি মই তৰাং শতকৌটি প্ৰণাম

মোৰ সন্তান সন্ততি গমকে নেপায়

মোৰ বুকুৰ উমত লালকাল 

টোপনিত মগ্ন।

মাতৃ হৃদয় সন্তানৰ প্ৰতি সদায় সদয়

আজি মই দিশহাৰা….

মোৰ বুকুত বোৱা ৰঙা তেজ

বিলীন হ’ল সৌ দুৰণিতে।

মোৰ নাই দুখ,নাই ভাগৰ

নাই মোৰ কাৰো প্ৰতি আক্ষেপ,

বাৰিষা আহিলে আহিম পুনৰ

লগ হ’ম নৈৰ ঘাটত

মোৰ বাবে ৰৈ থাকিব নাৱৰীয়া ককাই

চোমচেং পাংগিং, নৰত্তম পামেগাম

সেয়াই হওক মোৰ বাবে 

আৰুনো কি লাগে;

বুৰঞ্জীৰ পাতে পাতে লিখা থাকিব

মোৰ নাম সোৱণশিৰি।

মোৰ বুকুত বৈ আছে এতিয়াও

ৰঙা ৰক্তবীজৰ কণিকা গোপনে গোপনে

সোণসেৰীয়া বালিৰ চাপৰিত জিলিকি৷

মই মৰিলেও মৰক, কাৰনো কি হ’ব ক্ষতি

আগতেও আছিল এতিয়াও আছে

আগলৈও থাকিব সোৱণশিৰিৰ দুয়োপাৰে

ভগ্ন মথাউৰি জীৱন্ত সাক্ষী;

মাছ,কাছ,ভেকুলী আৰু শিহুৰ পোৱালি

ভটিয়াই যামগৈ ব্ৰহ্মপুত্ৰৰ বুকুত

সোণ বুটলি সোণোৱাল হওক চহকী

পৰিভ্ৰমী চৰাইবোৰ উৰি যাব মোক দেখি

মিছিকিয়াই হাঁহি হাঁহি 

সোৱণশিৰিৰ বিলাই বিপত্তি 

লেখি লেখি দুৰলৈ উৰি

এয়াই হ’ব নেকি

সোৱণশিৰিৰ সভ্যতা সংস্কৃতিৰ

অমোঘ পৰিণতি ?

জাগা উঠা জাগ্ৰত হোৱা

হে মোৰ সু-সন্তান সোৱণশিৰী বাসী

মই মৰিব নোখোজো জীৱন্ত অগ্নিদগ্ধ হৈ

মোক জীয়াই থাকিবলৈ দিয়া 

স্বাভিমানী হৈ চিৰদিন সোৱণশিৰী হৈ।


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages