বিহুৰ চোলা
অঞ্জুমণি বড়া
শিৱসাগৰ
বিহু আহিলে সকলোৰে মন আনন্দৰে উপচি পৰে। তাতে আকৌ ভোগালী বিহু কথাই সুকীয়া। কিয়নো গাঁৱৰ চহা কৃষকে আঘোণৰ পথাৰৰ সোণোৱালী সোণগুটি আনি ভঁৰালত থয়হি।
সকলোৰে ঘৰত এমুঠি খাবলৈ যোগাৰ হোৱাৰ লগতে ভোগালী বিহু সকলোৱে ৰঙে-আনন্দে পালন কৰে।
অতি পৰিতাপৰ বিষয় যে ধনবৰ খুৰাহঁতৰ গাঁৱত এইবাৰ কাৰোৱে ঘৰত বিহু পালন কৰা নহ’ব। কাৰণ গাঁওখনৰ মানুহবোৰে ভাতমুঠিকে যোগাৰ কৰিব পৰা অৱস্থাত নাই। আহিনৰ বানে খুৰাহঁতৰ অঞ্চলটোৰ পথাৰখন সাংঘাটিক ধৰণে নষ্ট কৰি পেলালে। পলসে পুতি পেলোৱাৰ বাবে সোণোৱালী পথাৰ ৰূপোৱালী হৈ পৰিল।
…শুনিছেনে, ঘৰখনত একো এটা নাই। বিহু বুলি ল'ৰাটোৰ আগত কি দিম ? ...... খুৰীৰ কথা মতে ধনবৰ খুৰাই পোহনীয়া পাৰযোৰ আৰু বাৰীত নতুনকৈ লগা কোমোৰা দুটামান লৈ বজাৰলৈ বুলি ওলাই গ’ল। বস্তু কেইপদ বিক্ৰি পোৱা পইচাৰে বজাৰ খন কৰি খুৰা ঘৰ সোমালহি।
… দেউতা, মোলৈ বিহুৰ চোলা আনিছানে ?... বুলি সৰুপোণাই সোধাত ধনবৰ খুৰাৰ চকুলো বাগৰিল। সৰুপোণাক পিছত আনি দিম বুলি কৈ মনৰ দুখ পাতলাবৰ বাবে কুঁৱাৰ পাৰ পালেগৈ।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪
No comments:
Post a Comment