বৰদোৱা থানত ভাদ মাহ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

বৰদোৱা থানত ভাদ মাহ

 


বৰদোৱা থানত ভাদ মাহ


নৱজ্যোতি বৰা


   সমীয়া জাতিৰ সামাজিক, সাংস্কৃতিক ধৰ্মীয় আদি সকলো দিশৰ পৰাই ভাদ মাহ অতি গুৰুত্বপূৰ্ণ। অসমৰ অন্যান্য সএৰ লগতে মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বৰদোৱাত ভাদমাহৰ স্বকীয়তা উল্লেখনীয়া। বটদ্ৰৱাৰ ঐতিহাসিক শ্ৰী শ্ৰী শ'লগুৰি সএ আৰু শ্ৰী শ্ৰী নৰোৱা সএৰ ভকত বৈষ্ণৱে একগোট হৈ একান্ত সান্তিকভাৱে ভগৱন্তক গুণ, যশ, শ্ৰৱণ কীৰ্ওণ কৰি বিমল পৰামাৰ্থিক আনন্দ উপভোগ কৰে।

   ভাদ মাহ সোমোৱাৰ এপষেক আগৰে পৰা বৰদুৱাৰ দুখন সএত ( শ'লগুৰি সএ আৰো নৰোৱা সএ ) বায়নসকলৰ ঘৰত শুনিবলৈ পোৱা যায় দৈৱবাদ্য খোলৰ চাপৰ । লগে লগে সমগ্ৰ বটদ্ৰৱা অঞ্চলত এক আধ্যাত্মিক বাতাৱৰণে আৱৰি ধৰে । শাওন ভাদৰ সংক্ৰান্তিৰ দিনা দুপৰিয়াৰ পৰা বটদ্ৰৱা থানত নাম ৰখা হয় । যাক ' নাম ডাক ' বুলিও কোৱা হয় ।পৱিএ ভাদ মাহত শ্ৰীমন্ত শংকৰদেৱৰ তিথিৰ দিনা বৰদোৱাত গুৰুজনাৰ তিৰোভাৱ তিথি ' গুৰু কীৰ্তন ' পৰম্পৰাগতভাৱে ধৰ্মীয় ৰীতি-নীতি নিয়মেৰে পালন কৰা হয় । গুৰু কীৰ্তনৰ আগদিনাৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হয় গন্ধ গোৱা অনুষ্ঠানেৰে আৰু বিয়লি বাহাৰ গোৱা হয় । গন্ধৰ দিনা বিয়লি বৰদোৱাৰ শ্ৰী শ্ৰী শ'লগুৰি আৰু নৰোৱা সএৰ প্ৰতিটো পৰিয়ালৰ হৈ ঘৰৰ মূৰব্বীগৰাকীয়ে কীৰ্তন ঘৰলৈ গৈ ' গুৰু কৰ ' দিয়াৰ নীতি পালন কৰা হয় । দুপৰীয়া বিশেষ নাম কীৰ্তনৰ বিভিন্ন স্থানৰ পৰা থানলৈ অহা হাজাৰ ভক্তপ্ৰান তীৰ্থযাএীয়ে ভাগ লৈ আশিৰ্বাদ গ্ৰহণ কৰে । ইপিনে বটদ্ৰৱা থানৰ লগতে পদশিলা , দৌলমন্দিৰৰ উপৰি বৃহতম অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠান , পুথিভঁৰাল , সংঘ , ক্লাব আদিতো গুৰু কীৰ্তনৰ আগদিনা সন্ধ্যাৰ পৰাই নাম কীৰ্তন আৰম্ভ হয় । গুৰু কীৰ্তনৰ দৰেই মাধৱদেৱৰ কীৰ্তনো পৰম্পৰা অনুসৰি বটদ্ৰৱা থানত পালন কৰি গীত , ঘোষা কীৰ্তন গোৱা হয় । মাধৱদেৱ গুৰুজনাৰ কীৰ্তনত বটদ্ৰৱা থানত শ্ৰী শ্ৰী নৰোৱা সএৰ আইসকলে 'ন-ঘোষা ' গায় । ন-ঘোষা চাৰিজনে , মাধৱদেৱ ঘোষা এজনে- মুঠ পাঁচজনে ঘোষা গায় ।

অসমীয়া জাতিৰ প্ৰান প্ৰতিষ্ঠাতা , মহাপুৰুষ শংকৰদেৱৰ পবিএ জন্মস্থান বটদ্ৰৱা থানত তেৰাই দি যোৱা চৈধ্য প্ৰসংগ গীত-মাত , নাট ভাওনা , কলা -কৃষ্টি প্ৰদৰ্শন গুৰুজনাৰ আদৰ্শৰেই বছৰটোৰ বাৰ মাহেই বৰদোৱাৰ ভকত বৈষ্ণৱসকলে পালন কৰি বৰদোৱাক দ্বিতীয় বৈকুন্ঠত পৰিণত কৰি আহিছে । পৱিএ ভাদ মাহৰ বাহিৰে বছৰটোৰ বাকীকেইটা মাহত বৰদোৱা থানত চৈধ্য প্ৰসংগ চলি থাকে । ভাদ মাহত আৰু চাৰি প্ৰসংগ বেছি যোগ কৰি ওঠৰ প্ৰসংগ কৰা হয় । ভাদ মাহত ওঠৰ প্ৰসংগৰ মাংগলিক ধ্বনিৰ আধ্যাত্মিক বাতাবৰণে আকাশ বতাহ মুখৰ কৰি প্ৰিতিজন ভক্তপ্ৰাণৰ মনত সঞ্চাৰিত কৰি তোলে অফুৰন্ত ভক্তিৰসৰ অনুপম তৃপ্তি ।

        বৰদোৱা থানত গোটেই ভাদ মাহটো দিনে ৰাতিয়ে সমানে ' নাম ডাকৰ ' অন্তত ভাদ মাহৰ শেষৰ দিনটোত নাম সামৰণি মৰা হয় । ভাদ মাহত থানত চলি থকা ওঠৰ প্ৰসংগৰ নাম সামৰণি দিনা ধৰ্মীয় পৰম্পৰাৰে পুনৰ চৈধ্য প্ৰসংগলৈ ঘূৰি যোৱা হয় । বৰদোৱা থানত নাম সামৰণিৰ দিনা উৎসৱৰ মূল আকৰ্ষণীয় অনুষ্ঠান হ'ল ঘোষা কীৰ্তনীয়া নাম । সেইদিনা বিয়লি ভাগত কীৰ্তনঘৰত নাম আৰম্ভ কৰে । এই নাম থিয় হৈ গোৱা হয়, যাক মান দিয়া বুলি কোৱা হয় । অংশগ্ৰহণকাৰী ভকতসকলে বহি চিৰল, থিয় চিৰল, ঘূৰা চিৰল , এপকীয়া ছিটিকা ,নূপুৰ চলোৱা আদি গান দিয়ে । শতাধিক তাল , নেগেৰা, দবা ব্যৱহ্নত হয় এই ঘোষা কীৰ্তনীয়া নামত । ঘোষা কীৰ্তনীয়া নামৰ অন্ত পৰাৰ আগে আগে নামত অংশগ্ৰহণ কৰা ভকতসকলে তাল বজাই  বজাই কীৰ্তনঘৰ , পদশিলা , পৰিক্ৰমা কৰে । সন্ধ্যাভাগত এই ঘোষা কীৰ্তনীয়া নামেৰেই বৰদোৱা থানত পবিএ ভাদ মাহৰ নামৰ আনুষ্ঠানিক সামৰণি পৰে যদিও এই উৎসৱৰ লগত সংগতি ৰাখি পৰম্পৰা অনুসৰি দুই সএই বটদ্ৰৱা থানত দুখনকৈ ভাওনা অনুষ্ঠিত কৰি ভাদ মাহৰ নাম সামৰণি মাৰে।


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages