ভূলুণ্ঠিত কৰিলে সভ্য সমাজৰ গৰ্ব-অহংকাৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

ভূলুণ্ঠিত কৰিলে সভ্য সমাজৰ গৰ্ব-অহংকাৰ

 

কলকাতাৰ চিকিৎসক ধৰ্ষণকাণ্ডই

ভূলুণ্ঠিত কৰিলে সভ্য সমাজৰ গৰ্ব-অহংকাৰ


ভূপেন মহন্ত


    কোন দিশে আজিৰ আজি মানৱ সভ্যতা। আৰু কিমান তললৈ নামিব পাৰিব মানুহ নামৰ এই জাতিটো। ভাবিলেই যেন গাৰ নোম শিয়ৰি উঠে। ২১ শতিকাৰ মানুহৰ কিয় এনেদৰে স্খলন হ'ল, যি বন্য পশুৰ লগতো তুলনা কৰিব নোৱৰা পৰ্যায় এটা পাইছেহি। বন্য জীৱ-জন্তুয়েও সিহঁতৰ চিৰাচৰিত তথা সু-শৃংখল নিয়ম-নীতিৰ মাজেদিহে চলে। এইক্ষেত্ৰত যেন মানুহতকৈ ভালদৰে বুজি পায় বন্য জীৱ-জন্তু, চৰাই-চিৰিকটি আদিয়েও। সিহঁতে কেতিয়াও সিহঁতৰ জীৱন ধাৰণৰ প্ৰণালীত হানি হ'ব পৰা কাৰ্য নকৰে। সৃষ্টিৰ আৰম্ভণীৰে পৰা সিহঁতৰ মাজত নাই ঘৃণা, হাই-কাজিয়া অথবা যৌন উৎপীড়ন। কিন্তু আজি মানুহে চন্দ্ৰত গৈ বাস কৰাৰ চিন্তা কৰাৰ সময়তে এচাম মানুহৰূপী দানৱে সমগ্ৰ মানৱ জাতিটোকেই কলংকিত কৰি পেলালে। ধূলিসাৎ কৰি পেলালে সভ্য মানুহ বুলি পৰিচয় দি অহা অহংকাৰ। কাৰো যেন মূৰ তুলি চাবলৈকে সাহস নোহোৱা হৈ গৈছে। আজি যেন সঁচা অৰ্থতে মানৱতাৰ অপমৃত্যু হৈছে। এনেবোৰ কথা ভাবিয়েই হয়তো আমাৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই তাহানিতে সোঁৱৰাই দিছিল--- 'মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ/ যদি দানৱ কাহানিবা হয় মানুহ লাজ পাব কোনেনো কোৱা...' পিছে লাজ পাবনো কোনে ? এতিয়াচোন মানুহে পৰিৱৰ্তন হৈ গ'ল দানৱলৈ। ভৃপেন হাজৰিকাৰ সেইষাৰ কথা এতিয়া অসাৰ প্ৰতিপন্ন হ'ল। আজি আমি মানুহৰ শাৰীৰ পৰা বৰ দুখ লগাকৈ পিছলি পৰিছো। পৃথিৱীৰ একমাত্ৰ সভ্য, জ্ঞানী প্ৰাণী বুলি দম্ভালি মাৰি ফুৰা মানুহ নামৰ প্ৰাণীবিধ  দেখোন বন্য জীৱ-জন্তুতকৈয়ো বেছি হিংস্ৰ হৈ গৈছো। আজি মানৱ সমাজৰ পৰা সহিষ্ণুতা বোলা শব্দটো লোপ পাই গৈছে। এতিয়া কাকো কোনেও বিশ্বাস কৰিব নোৱৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে। এতিয়া মানৱ সমাজখনত দ্ৰুততাৰে বিয়পিবলৈ ধৰিছে হিংসা, প্ৰতিহিংসা, বিদ্বেষ, উচ্ছৃংখলতা, যৌন লিপ্সাৰ প্ৰৱণতা। এতিয়া মানুহ নামৰ এই প্ৰাণীবিধে ক'ত কেনেকৈ সিহঁতৰ বিকৃত যৌন ক্ষুধা নিৰ্বাপন কৰিব পাৰে তাৰেই সুযোগৰ যেন অপেক্ষাত খাপ পিটি থাকে। যিটো সভ্য মানুহৰ ক্ষেত্ৰত নীতিবিৰুদ্ধ কাৰ্য। কিন্তু তাকেই সুযোগ পালে একাংশ মানুহ নামৰ এই দানৱবোৰে সততে কৰি আহিছে। সমাজ এখনৰ মানসিকতা বা চৰিত্ৰ প্ৰকাশ পায় সেই সমাজখনত ঘটি থকা এনে নিকৃষ্ট কৰ্ম-কাণ্ড, চিন্তাধাৰা, আৰু কাৰ্য প্ৰণালীৰ দ্বাৰা। ভাল কাম এটাই যেনেদৰে সমাজখনক উচ্চ প্ৰশংসাৰে ওপচাই পেলাই, ঠিক তেনেদৰে এটা মাত্ৰ বেয়া কামেই সমগ্ৰ সমাজখনকেই কলুষিত কৰি পেলায়। যেনেদৰে এগিলাছ গাখীৰত মাত্ৰ এটোপাল বিষ মিহলি হ'লেই সম্পূৰ্ণ গাখীৰ গিলাছেই বিষাক্ত হৈ পৰে। 

        এনে মানুহৰূপী দানৱৰ হাততে এইখন অসমতে এটি অকণমানি নাবালিকাক বৰ্বৰভাৱে ধৰ্ষণ কৰি হত্যা কৰি পেলাই দিয়া হৈছিল পাইখানাৰ টেংকীত। অনন তাঁতী নামৰ এটা নৰ পিশাচে এই বৰ্বৰ, জঘন্য কাণ্ড কৰিছিল। ইমান ঘৃণনীয় কাণ্ড  সংঘটিত হৈছে কেৱল পৃথিৱীৰ একমাত্ৰ জ্ঞানী মানৱ সমাজতে। পিতৃতুল্য মানুহ এজনো যে কেৱল যৌনক্ষুধা নিবাৰণৰ বাবেই এগৰাকী কণমানিৰ ওপৰত ইমান নিৰ্দয় ৰূপত জঁপিয়াই পৰিব পাৰে বুলি সেই কণমানিজনীয়ে হয়তো কল্পনাই কৰিব পৰা নাছিল। এই ঘটনাই সমাজৰ প্ৰতিগৰাকী পুৰুষকেই  নিন্দিত কৰিলে আৰু সমাজখনকো  লজ্জানত কৰিলে। এই ঘটনাই এটি কণমানিকো শংকিত কৰি তুলিলে পিতৃতুল্য প্ৰতিগৰাকী পুৰুষকে। তেওঁলোকে হয়তো ভাবে এই পুৰুষ সমাজখনে এনে প্ৰতিগৰাকী কণমানিকে ভক্ষণ কৰিব নেকি ? যিখন সমাজত পুৰুষৰ দৃষ্টিত এটি অবুজ কন্যা শিশুও যৌন উপভোগৰ সামগ্ৰীৰ বাহিৰে আন একো নহয়, সেই সমাজৰ মনঃস্তত্বলৈ পৰিশুদ্ধি আনিব নোৱাৰিলে  কোনো আৰ্থিক সংস্কাৰৰ বিকাশে সমাজ শুদ্ধ কৰিব নোৱাৰে। যিখন ভাৰতবৰ্ষত নাৰীক কামাখ্যা, দুৰ্গা, লক্ষ্মী, সৰস্বতী, কালী আদিৰ ৰূপত পূজা কৰা হয়, সেইখন দেশতে নাৰীক বৰ্বৰভাৱে যৌন নিৰ্যাতন চলাই হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰে একাংশ মানুহে। এয়াই হ'ল চৰিত্ৰ মানুহৰ। নাৰীয়ে ভাৰতবৰ্ষত পুৰুষৰ সমানে খোজ দিয়াৰ সময়তে, অৰ্থাৎ দেশৰ প্ৰতিৰক্ষাই হওক, শাসনকৰ্তাই হওক, বিজ্ঞানী, ডাক্তৰ, ইঞ্জিনিয়াৰ, অধ্যাপক-শিক্ষক আদি পদত অধিষ্ঠিত হৈ দেশৰ প্ৰগতিত আগ ভাগ লোৱাৰ পিছতো আজি নাৰী সমাজ সুৰক্ষিত নহয় কেৱল মানুহৰ পৰা, পুৰুষ সমাজৰ পৰা।  

            দেশ জোকাৰি যোৱা ডামিনী কাণ্ড, নিৰ্ভয়া কাণ্ড, বিলকিছ বানু কাণ্ডৰ লগতে আমাৰ অসমত সংঘটিত অৰ্ণমাই বৰা কাণ্ডৰ উত্তাপ মাৰ নৌযাওঁতেই আকৌ দেশৰ সকলো প্ৰান্তকে জোকাৰি গ'ল কলকাতাৰ এক নিৰ্লজ্জ, অক্ষমণীয় বৰ্বৰ হত্যাকাণ্ডই। আকৌ যেন ডামিনী-নিৰ্ভয়া কাণ্ডৰে পুনৰাবৃত্তি। কেইটামান নৰাধম পিশাচে পৈশাচিক উন্মাদনাৰে বলাৎকাৰ কৰি হত্যা কৰিলে এগৰাকী অসহায় চিকিৎসকক। পশ্চিমবংগৰ ৰাজধানী কলকাতাৰ আৰ জে কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদৰ ভিতৰতে এগৰাকী স্নাতোকোত্তৰ মহলাৰ চিকিৎসক শিক্ষাৰ্থীক অতি নৃশংসভাৱে কেইটামান নৰ পিশাচে বৰ্বৰতাৰে ধৰ্ষণ কৰি হত্যা কৰি পেলাই থৈ গ'ল চিকিৎসা মহাবিদ্যালয় চৌহদতে। নৰ পশুকেইটাৰ বাঘ নখৰ আঁচোৰত বিদীৰ্ণ হৈ গৈছিল দুৰ্ভগীয়া চিকিৎসকগৰাকীৰ শৰীৰ। চিকিৎসকৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিৱেদন মতে চিকিৎসকগৰাকীক শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল। তেওঁৰ ব্যক্তিগত অংশত হোৱা ঘাই বিকৃত যৌনতা দেখুৱাই আৰু জনানংগত নিৰ্যাতন কৰা হৈছিল। তদুপৰি তেওঁৰ ডিঙিত কামোৰাৰ চিন পোৱা গৈছে । তেওঁৰ চচমা ভাঙি টুকুৰা-টুকুৰ হৈছিল আৰু সেই কাচৰ ভঙা টুকুৰা চকুত সোমাই গৈছিল  আৰু চকুৰ পৰা তেজ ওলাই আছিল। চিকিৎসকগৰাকীৰ মূৰটো বেৰত খুন্দিয়াই দিয়া হৈছিল, যাৰ ফলত মূৰত আঘাত পাইছিল। মুখৰ পৰা তেজ ওলাই থকাৰ উপৰি গোপন অংগৰ পৰাও ৰক্তক্ষৰণ হৈ আছিল। পেট, ভৰি, হাত, ওঁঠ আদিতো যথেষ্ট আঘাতৰ চিন পোৱা গৈছে। শ্বাসৰুদ্ধ কৰিবলৈ অপৰাধীয়ে ডিঙিত চেপি ধৰাৰ ফলত   থাইৰয়ড কাৰ্টিলেজ ভাঙি গৈছিল। ভৰি দুখন ৯০ ডিগ্ৰী দূৰত আছিল ফলত পেলভিক গাৰ্ডল ভাঙি গৈছিল। চিকিৎসকগৰাকীৰ মৰণোত্তৰ প্ৰতিবেদন দেখি গাৰ নোম ডাল ডাল  হোৱা অৱস্থা । কিমান নৃশংস হ'ব পাৰে সভ্য বুলি ফিতাহি মাৰি ফুৰা মানুহ নামৰ শ্ৰেণীটো। এনে ঘটনাৰ গৰিহণা দিবলৈও ভাষা নাই। বলাৎকাৰৰ বলি হোৱা দুৰ্ভগীয়া চিকিৎসকগৰাকীলৈ সন্মান জনাই এই লেখাটোত তেওঁ নামটো প্ৰকাশ কৰাৰ পৰা বিৰত থাকিলো । চিকিৎসকগৰাকীৰ বলাৎকাৰ আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত সঞ্জয় ৰায়ক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু কি শাস্তি হ'ব সঞ্জয়ৰ লগতে কালপ্ৰিতকেইটাৰ। নে বছৰ বছৰ বাগৰি থাকিব হত্যাৰ গোচৰত অভিযুক্ত সঞ্জয়ৰ বিচাৰ প্ৰক্ৰিয়া। হয়তো সাৰিও যাব পাৰে হত্যাকাৰী। আৰু এনেবোৰ সুযোগৰ বাবেই কোনো অপৰাধীয়ে ভয় নকৰে অপৰাধ কৰিবলৈ। সঞ্জয়ৰো এনে অপৰাধ কৰাৰ পিছতো কোনো অনুশোচনাই হোৱা নাই। আকৌ কেতিয়াবা ৰাজনৈতিক ৰক্ষণা-বেক্ষণৰ বাবেও অপৰাধী সাৰি যাবলৈ সক্ষম হয়। বিলকিছ বানু হত্যাত জড়িত অপৰাধীসকলক হঠাতে এনে কাৰণতেই হয়তো কাৰাগাৰৰ পৰা মুক্ত কৰি দিয়া হৈছিল। কিন্তু উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত সেইসকল অপৰাধীক পুনৰ কাৰাগাৰলৈ নিক্ষেপ কৰা হ'ল। আনহাতে, ২০১৭চনত দুগৰাকী যুৱতীক বলাৎকাৰ কৰাৰ অভিযোগত  ২০ বছৰ কাৰাদণ্ড বিহা হৈছিল আৰু এগৰাকী সাংবাদিকক  হত্যাৰ গোচৰত কুখ্যাত অপৰাধী ৰাম ৰহিমক জাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈছিল। কিন্তু এনে এগৰাকী কুখ্যাত অপৰাধীয়ে এতিয়ালৈ ১৩বাৰ পেৰেলত মুক্তি পাইছে। যোৱা সাত বছৰত ২৫৫ দিনৰ পেৰল দিয়া হৈছে।  এনেবোৰ ঘটনাৰ পৰাই কুখ্যাত অপৰাধীবোৰে যে কাৰোবাৰ আশীৰ্বাদধন্য হৈ সাহস গোটাই থাকে তাকেই প্ৰমাণ কৰে। আমি ভাবো এনে অপৰাধী কেতিয়াও সাৰি যাব নালাগে। বা এনে জঘন্য অপৰাধত জড়িত অপৰাধীৰ বিচাৰ প্ৰক্ৰিয়া দীঘলীয়া হ'বও নালাগে। ফাষ্টটেক আদালতত বিচাৰ কৰি সিহঁতক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে, যাতে দ্বিতীয়বাৰ কোনোবাই এনে অপৰাধ কৰিবলৈ সাহস নকৰে বা হাজাৰবাৰ ভাবিব লাগে। ইতিমধ্যে কাকতত প্ৰকাশ পোৱা অনুসৰি খোদ ৰাজধানী চহৰ দিল্লীতেই নিতৌ প্ৰায় পাঁচটাকৈ বলাৎকাৰৰ ঘটনা সংঘটিত হয়। লক্ষণীয়ভাৱে ১জুলাইৰ পৰা দেশত নতুন ন্যায় সংহিতা বলৱং হোৱাৰ পিছতো দিল্লীত এনে অপৰাধৰ ঘটনা হ্ৰাস পোৱা নাই। অকল যোৱাতো মাহতে নতুন দিল্লীত ১৪৯টা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে। গতিকে এই ছবিখন চালেই অনুমান কৰিব পাৰি মানুহৰ মানসিকতা কোন দিশে ধাৱমান হৈছে। আজি একৈশ শতিকাতো অকলে সন্ধিয়া পৰাত বা দিনতো অকলশৰীয়াকৈ মুকলি মনে ফুৰিব নোৱাৰে গাভৰু-বোৱাৰী । ক'ৰবাত নহয় ক'ৰবাক ৰৈ থাকে নাৰী মাংস লোলুপ নৰ পিশাচবোৰ। হায় মানৱতা। যিখন দেশত প্ৰতিদিন বেটি বাচাও বেটি পঢ়াও শ্ল'গান আওৰোৱা হয় সেইখন দেশতে আকৌ নিতৌ ধৰ্ষণৰ দৰে ঘটনা সংঘটিত হৈ আহিছে সেই দেশতে আজি নিৰাপত্তা নোহোৱা হৈ পৰিছে নাৰী সমাজৰ। শ্ল'গান আওৰাবলৈ বৰ ভাল কিন্তু সেই কথাবোৰ নিৰাময় কৰাটোহে ডাঙৰ কথা। কিয় এনেবোৰ ঘটনা প্ৰতিদিনে ঘটিবলৈ ধৰিছে ইয়াৰ এক গভীৰ গৱেষণাৰ প্ৰয়োজন আছে। এনে ঘটনাক ৰাজনীতিৰ পৰা দূৰত ৰাখি বিচাৰ প্ৰক্ৰিয়া কঠোৰ কৰিলে হয়তো একেবাৰে নিৰাময় নহ'লেও দ্ৰুত হ্ৰাস পাব। মানুহৰ মনৰ পৰা যৌন বিকৃতি নিৰাময়ৰ উপায় চিন্তা কৰাৰ প্ৰয়োজন আহি পৰিছে। এই ব্যাধি যেতিয়ালৈ ৰোধ কৰিব পৰা নাযাব তেতিয়ালৈ পুনৰাবৃত্তি ঘটিয়েই থাকিব এনে জঘন্য অপৰাধ কাৰ্য। আনহাতে, পুৰুষতান্ত্ৰিক দেশত নাৰী সুৰক্ষাৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিব লাগিব পুৰুষ সমাজে। নহ'লে পুৰুষ সদায়ে লজ্জানত হৈ থাকিব লাগিব। মৃন্ময় মূৰ্তিক মাতৃ জ্ঞান কৰি যেনেদৰে পূজা কৰা হয়, তেনেদৰে বাস্তৱ ক্ষেত্ৰত নাৰীক দেৱী জ্ঞান কৰি সন্মান কৰিবলৈ শিকক আজিৰ পুৰুষ সমাজে।


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages