মৌনতাৰ সাজ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 30, 2024

মৌনতাৰ সাজ

 

মৌনতাৰ সাজ 


                          কল্পনা শৰ্মা

                          গুৱাহাটী-২১


কাহানিবা বুজি চাও নে পুৰুষ সত্বাৰ অন্তৰ্দন্দৰ উকমুকনিবোৰ....

নিৰ্য্যাতিত পুৰুষৰ ব্যাথাৰ গীত

গায়নে কোনোবাই ??


ছবি আঁকেনে কোনোবাই

হৃদয়ত জ্বলি থকা জুইকুৰাৰ

কুকুহাবোৰৰ...


দুখবোৰক মৌনতাৰ সাজ পিন্ধাই

মুকবধিৰ হৈ জীয়াই থাকে

যন্ত্ৰনাবোৰে হাড়বোৰ চোবাই আতিশায্যবোৰ মাতাল হয়

দিন অথবা ৰাতিৰ পৰত....


সপোন তেওঁলোকৰো থাকে

পৰিপন্থী নহয় নাৰীৰ 

সহমৰ্মীতা কিয় ভাগ হয়

দোষৰ ভাৰখন গধুৰ কিয় 

পুৰুষ হোৱাৰ বাবেই নে  ???


Doksiri দকচিৰি, অক্টোবৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages