শুনা কাঞ্চনপ্ৰিয়া
জ্যোতিস্মিতা বৰা
ৰাধা সময়ৰ বিৰূপ আহ্বানত যে
নিৰূপিত হৈ মই দহিব লৈছোঁ,
মোহন বংশীৰ ধ্বনিত কেৱল তোমাৰ নাম
তথাপিও যে বৃন্দাবনৰ প্ৰান্তৰ
বতাহৰ কম্পনত জাগ্ৰত হৈছে,
ৰাধাহীন আকাংক্ষাৰ অস্তৰাগ।
কি জানা ৰাধা গোপীৰ সঙ্গে
তোমাৰ মিষ্ট হাঁহিৰ অনুৰণন
মোৰ বুকুৰ পৰা আঁতৰাব নোৱাৰে,
হৃৎৰ কোনোবা স্থলত লিখা আছে
তেজৰ আখৰে তোমাৰ নাম,
এই কানাইৰ হৃদয় আজি তোমাৰ সুবাসত কল্লোলিত কৰিছে
আস: কি এক মিঠা শিহৰণ ।
প্ৰণয়ৰ কাৰেঙত আজি যে
কৃষ্ণপ্ৰিয়াৰ চাৱনিত শব্দৰে সৃজন কৰিছে।
তুমি অভ্যস্ত হৈ পৰা কথা নক’বা ৰাধা
পৃথিৱীয়ে তোমাৰ নামেই প্ৰথমে লয়
প্ৰথম ৰাধা, আৰু অন্তত মই।
কিয় আক্ষেপ কৰিছা ৰাধা (!)
মইতো তোমাৰ বাবেই বজালোঁ
সুৰৰ বীণা;
আজি জোনাকৰ স্নিগ্ধতাবোৰে
মোৰ স্বকাৰেঙত আবিৰ সানিছে।
যেতিয়া আৱেগে খুন্দিয়াই হিয়াত
তোমাৰ অনুপস্থিতিত,
হৈ পৰে আজি মুৰুলীও ৰুদ্ধ;
কিয় মোৰ বংশীয়ে তোমাক
আহ্বান কৰে ৰাধা,
পাই ৰুক্মিণীৰ সানিধ্য ।
তুমি নুবুজিবা!
ৰাজকাৰেং শুৱনি কৰাই জানো
আত্মাৰ মিলন হ’ব পাৰে ৰাধা।
মলয়াৰ কম্পণত আজি বিৰিখৰ পত্ৰয়ো
গুণগুণ কৰিছে তোমাৰ নাম।
কেৱল বিবাহেই জানো প্ৰাপ্তি!
এই যে বুকুৰ ঠিকনাত তোমাৰ নাম ৰ’ল থিতাপি,
মোক কিয় জীয়া যন্ত্ৰণা দিয়া,
ৰুক্মিণী যে মোৰ তিৰুধানৰ পিছতো ৰৈ গ’ল ধৰাত।
কিন্তু তুমি...
তুমিতো হিয়াৰ পাৰিজাত
এক সুষমা ঝংকাৰ।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment