এটি আৱেগ
সৰিফুল আলম
মায়ং, মৰিগাঁও
এটি আৱেগ
এটি অনুভূতি
ওৰ পৰিল এটি যুগৰ,
তাহাতেই সৃষ্টি হ'ল
“অতীত” নামে এটি আৱেগৰ।।
অতীত,
তুমি বৰ আচৰিত
তুমি বৰ মধুৰ
তুমি বৰ ছদ্মবেশী
কেতিয়াবা যদি হহুৱা,
কেতিয়াবা আকৌ কন্দুৱা।
পিছে,
তোমাৰ মাজতেই মোৰ এই
শুষ্ক হ্নদয়ে বিচাৰি পায় যেন
এটি শান্তসূলভ অনুভূতি।
তোমাৰ স্মৃতিতেই মোৰ
নিশাবোৰ উজাগৰী।।
অতীত,
ভালপাওঁ তোমাক মই
উভতি নহা সজাটিৰ
মইনা পাখিৰ দৰে।
তোমাৰ আৱেগবোৰ
তোমাৰ বেদনাবোৰ
মোৰ মনত জিলিকি
থাকিব চিৰদিনলে।
অতীত,
তোমাতেই বিলুপ্ত হৈছে
মোৰ এটি সোণালী যুগ।
অতীত,
তুমি বৰ মধুৰ।।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪
No comments:
Post a Comment