নিষিদ্ধ চেতনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

নিষিদ্ধ চেতনা

 

নিষিদ্ধ চেতনা


                  বিশ্বজিৎ শইকীয়া

                      কাৰ্বি আংলং

 

              (১)

আজিৰ আবেলিটো কেৱল তোমাৰ বাবে

আমি উঠি যাম ভূৱনেশ্বৰী পাহাৰলৈ বুলি....

শুনিছোঁ তাৰ পৰা হেনো ব্ৰহ্মপুত্ৰ খনক নীলা চাদৰ হেন দেখি,, 

আমি মেখেলা-উজোৱা বাটেদি উঠি যাম কামাখ্যালৈ 

কামাখ্যাৰ শিলৰ ভাস্কৰ্যত বিচাৰি চাম আমাৰ প্ৰেমৰ নিষিদ্ধ পাণ্ডুলিপি,,

                  (২)

তুমি সেউজীয়া উপত্যকা এটাত গা তিয়াই 

মোৰ দুহাতলৈ এদাল সৰল ৰৈখিক ৰেখা হৈ নামি আহিবা, 

কেনভাছৰ আকাশত আঁকিবা বহুবৰ্ণী ফুল-চানেকি তোমাৰ ওঁঠত বিৰিঙি থকা মেঘবোৰ মই পি খাম

মোৰ বুকুত তুমি দুবৰি হৈ গজি উঠিবা

মই ফুটুকী হৰিণ এটা হ'ম। 

                 (৩)

পানী তৰোৱাল এখন লৈ মোৰ ডিঙিত আঘাত কৰিবা,

শৰীৰৰ ছাল ফালি সৰকি যাওক

আমাৰ গধূৰ উশাহবোৰ, 

আমি দুটা পৰুৱা হৈ জোনাক বগাম

গাত নাথাকিব গেঞ্জী,


-এৰাতিৰ একুৰিয়ামত দুটা স্বপ্নমগ্ন মাছ।


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages