ৰাখী বন্ধন
কাব্যশ্ৰী হেমেন হাজৰিকা
কামৰূপ
ওপজা ক্ষণৰ পৰাই
আমি সংযুক্ত
একেদাল নাড়ীৰে
একেই তেজ
একেই গোত্ৰ
একেই উশাহ
একোতা বৃত্তৰ পৰিধিত
আমি আবৃত্ত
বন্ধনৰ এনাজৰী
জন্ম জন্মান্তৰৰ
তিথি তাৰিখ বাৰে
চিনাক্ত কৰিব নোৱাৰে
তেজৰ কণিকা কি
এদাল ৰাখীৰে
সুৰক্ষিতৰ পৰিচয় নহয়
আমি ৰক্ষক পৰস্পৰে
জন্ম জন্মান্তৰৰ।।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment