প্ৰকৃতিৰ বিলৈ
ৰুবি বুঢ়াগোহাঁই
কিমান যে আৰ্তনাদ
শুনিছোঁ দুখৰ
যান্ত্ৰিকতাৰ হাতোৰাই
মেৰিয়াই ধৰিছে চতুৰ্দিশ
শ্বাস - প্ৰশ্বাসত জন্মিছে বাধা।
গছ - গছনিয়েও কান্দিছে
নাই হেনো শান্তি
পৰিয়ালৰ সদস্যকো
নিছে আতঁৰাই
ফ্লেট, অট্টালিকাই
নিছে সকলো কাঢ়ি
ৰাস্তা, ঘাট বহল হৈছে
নাই আমাৰ স্হান
কাটি, চিঙি চলাথ কৰিছে
নাই কাৰো অনুভৱ
নাই কাৰো দুখ।
গছ-গছনি নহ'লে যে
জীৱকুল নাথাকে জীয়াই
গৰম, ঠাণ্ডাইও যে
দহিব সকলোকে
পৰিৱেশেও যে ভাৰসাম্য হেৰুৱাই
আমাক কৰিব অনিষ্ট।
আকাশৰ নীলা ৰং
বিৰিখৰ সেউজীয়া
চাই চাই ভাল লগা
সেইবোৰ আছিল
তাহানিৰ সাধুকথা।।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment