এটি অশান্ত ৰজনী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

এটি অশান্ত ৰজনী

 

এটি অশান্ত ৰজনী


চিমি চিদ্দিকা 

তামুলপুৰ


সংযম হৃদয়ৰ এটি কোঠালিত,

উমলি থকা বিমুগ্ধ ভাবনাবোৰে

নিটাল মাৰিবলৈ উদ্বিগ্ন হৈ পৰে।

ৰজনীৰ ৰঙীন এটি ‌ক্ষণত 

এজাক ভোকাতুৰৰ স্বপ্নৰ আৰ্তনাদ। 

স্পষ্টভাৱে সেমেকি থাকে চকুলো 

দূৰণিৰ এটি প্ৰতিধ্বনি শব্দত,

সন্তেক মূহূৰ্তৰ বাবে হলেও 

দীপ্তিময় হৈ পৰে হৃদয়ৰ এচুক।

মনৰ‌ হাবিয়াহবোৰ পূৰাৱলৈ 

অস্থিৰ বুকুৱে হাহাকাৰ কৰে 

অস্পৃশ্য সপোনৰ মোহত।

এটি নিৰ্বিকল্প অহোৰাত্ৰি 

মৰহা সপোনবিভোৰ মনটিত

সাঁচ বহুৱাই মেলানি মাগে। 


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages