উদাসীনতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

উদাসীনতা

 

উদাসীনতা 


                         হিমাংশু কলিতা 

                          গোলাঘাট 


উদাসীনতা অগ্ৰাহ্য কৰা নাই মই

দূৰভাষৰো এটা আভাস দিবলৈ

পাহৰিযোৱা ভাসৰো আছিল এটা প্ৰয়োজন 

বা 

মই  কি জানো বা আপোনাৰ কি চলি আছে নাজানো !!

 উত্তৰবোৰ ইয়াতে সীমাবদ্ধনে 

নে আপোনাৰ শব্দবোৰে আত্মহত্যা পথ বাচি ললে

নে প্ৰাচীন শব্দকোষত আপোনাৰ শব্দবোৰক পৰুৱায়ে পালে.....


মুখপত্ৰতত আপোনাক কেতিয়াবা দেখা পাওঁ 

আপুনি আপোনাৰ ছবিসমূহত

আপোনাৰ অবস্থানৰ স্থিতি নিৰ্ণয় কৰে

কোনে কোনে  এভূমুকি মাৰিছে তাৰো মাজে মাজে আপুনি উমান লয়

তথাপিও 

আমাৰ ফালে কেৰাহিকৈও চোৱাৰ অনুভৱও নকৰে।


স্থিৰচিত্ৰ বোৰত আপোনাৰ ধুনিয়াবোৰ ফুটি উঠে

বেছ ভাল লগা কৰে 

কিনো সানে হে আপুনি 

 ৰং তুলিকা বোৰে  যে আপোনাক   ইমান ধুনীয়া কৰি তোলে 

নে

পিক chart ত আপুনি আপোনাৰ ছবিসমূহৰ আধুনিক ৰূপ দি লয় 

নে আমাৰ ভাষাত পাউদাৰ হিমানি fair handsome সানি 

সাওঁতকে কলা ছবি খন বগা কৰি লয় ।


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages