সম্পাদকীয় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, October 1, 2024

সম্পাদকীয়




মহাত্মা গান্ধীৰ পৰা আজিৰ প্ৰজন্মই শিকিবলগীয়া কিছু কথা 

(Mahatma Gandhi-kélog anu sí:rum ope:é kangkaisupénam agomékké)


   বিশ্ব ইতিহাসত মহাত্মা গান্ধী এক অনন্য ব্যক্তিত্ব। তেওঁৰ জীৱনৰ মূল আদৰ্শ আছিল সত্য আৰু অহিংস। গান্ধীজীৰ জীৱন আমাৰ বাবে এক প্ৰেৰণা, এক আদৰ্শ আৰু এক সত্য শক্তি। স্বাধীনতা সংগ্ৰামৰ এক অনবদ্য নেতা হিচাপে তেওঁ অহিংস আন্দোলন, সত্যাগ্রহৰ মাধ্যমেৰে বৃটিছ সাম্রাজ্যৰ বিৰুদ্ধে সংগ্ৰাম কৰি ভাৰতবৰ্ষক স্বাধীনতা দিবলৈ সক্ষম হৈছিল। গান্ধীজীৰ জীৱন আৰু আদৰ্শ আজিও আমাৰ কাৰণে এক প্ৰেৰণাৰ উৎস। বিশেষকৈ আজিৰ প্ৰজন্মৰ বাবে। মহাত্মা গান্ধীৰ অহিংস আন্দোলন, সত্যাগ্রহ আৰু সামাজিক ন্যায়ৰ বাবে কৰা সংগ্ৰামে বিশ্ববাসীক প্ৰভাৱিত কৰি আহিছে। 

  গান্ধীৰ অহিংসা আন্দোলনে প্ৰমাণ কৰিছিল যে যুদ্ধত কোনো অস্ত্ৰ শস্ত্ৰ নোলোৱাকৈও শান্তিপূর্ণ আৰু নৈতিক পদ্ধতিৰ জৰিয়তেও এক শক্তিশালী শাসকক পৰাজিত কৰিব পাৰি। মহাত্মা গান্ধীৰ আদৰ্শ কেৱল ভাৰতবৰ্ষতেই নহয়, এদিন সমগ্ৰ বিশ্বতেই গান্ধীৰ সত্য আৰু অহিংস আদৰ্শ প্ৰতিষ্ঠা হ’ব আৰু সেই দিনাই মানুহৰ অন্তৰৰ মাজৰ পৰা অন্তৰ্দ্বন্দ্ব নোহোৱা হ’ব।

   সম্প্ৰতি ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়াৰ আৱিৰ্ভাৱৰ দ্বাৰা চিহ্নিত প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ ফলত সমগ্ৰ বিশ্বৰ যোগাযোগ অতি সহজ হৈ পৰিছে। আৰু সমগ্ৰ বিশ্বকে এখন বিশ্বব্যাপী গাঁওলৈ ৰূপান্তৰিত কৰিছে। যাক আমি বিশ্বায়ন বুলি অভিহিত কৰোঁ। এই বিশ্বায়নৰ যুগত এদিন অৱশ্যেই মানুহে মানুহৰ প্ৰতি থকা ঈৰ্ষা, ক্ৰোধ আদি প্ৰেমলৈ ৰূপান্তৰ হ’ব। 

   মই ভাবো, বিশ্বত যেতিয়া মহাত্মা গান্ধীৰ সত্য আৰু অহিংস আদৰ্শ প্ৰতিষ্ঠা হ’ব তেতিয়া মানৱ জাতিত শান্তি আৰু প্ৰগতিৰ বিৰাজমান হ’ব। প্রতি গৰাকী মানুহৰ হৃদয়ত গান্ধীজীৰ সত্য আৰু অহিংস প্ৰতিষ্ঠা হ’লেহে মানৱ আৰু প্ৰকৃতিৰ ভাৰসাম্যও ৰক্ষা হ’ব। নহ’লে নিজৰ স্বাৰ্থৰ বাবে এদিন সমগ্ৰ পৃথিৱীখনকেই মানৱ জাতিয়ে ধ্বংস কৰিব।

    আমি সকলোৱে জ্ঞাত যে মহাত্মা গান্ধীয়ে সত্যতা, অহিংসা, নম্ৰতা, সেৱা, নিস্বাৰ্থতা আদি প্ৰমূল্যবোধ আৰু সমাজ সংস্কাৰৰ যুঁজেৰে ভাৰতীয় স্বাধীনতা আন্দোলনলৈ অনবদ্য অৱদান আগবঢ়াইছিল আৰু সেই আগবঢ়োৱাৰ অৱদানৰ বাবেই তেওঁক ভাৰতৰ জাতিৰ পিতৃ হিচাপে অভিহিত কৰিছিল। শতিকাজুৰি ব্ৰিটিছ শাসনৰ পৰা ভাৰতক স্বাধীন কৰি তোলাত মহাত্মা গান্ধীৰ অৱদান অনন্য।

  গান্ধীজীৰ দৰে মহৎ লোক এজনৰ বিষয়ে লিখি শেষ কৰাটো ইমান সহজ কথা নহয় যদিও তেওঁৰ জীৱনাদৰ্শনৰ পৰা আজিৰ প্ৰজন্মই শিকিবলগীয়া কিছু গুৰুত্বপূৰ্ণ কথা উনুকিয়াব বিচাৰিছোঁ। গান্ধীজীৰ জীৱন দৰ্শনৰ যি আদৰ্শই আজিৰ প্ৰজন্মক উৎসাহিত কৰে, অনুপ্ৰেৰণা যোগায়।

    প্ৰথমতে, সত্য আৰু অহিংসাৰ প্ৰতি গান্ধীৰ অটল বিশ্বাসে আমাক এইটো শিকায় যে সমস্যা সমাধানৰ বাবে হিংসা কেতিয়াও মাৰ্গ হ’ব নোৱাৰে। তেওঁৰ জীৱন আছিল সত্য আৰু অহিংসাৰ এক জীৱন্ত উদাহৰণ। তেওঁ বিশ্বাস কৰিছিল যে অহিংসাই সকলো সমস্যাৰ সমাধানৰ পথ। বৃটিছ সাম্রাজ্যৰ বিৰুদ্ধে তেওঁৰ সংগ্ৰাম আছিল সম্পূর্ণ অহিংস, তেওঁ কেতিয়াও হিংসাৰ পথ গ্রহণ কৰা নাছিল।

    আজিৰ সমাজত যি বিতণ্ডা আৰু সংঘাত দেখা যায়, সেইবোৰৰ বাবে গান্ধীজীৰ অহিংসাৰ শিক্ষা লোৱাটো অতি প্ৰয়োজনীয়। আজিৰ যুৱ প্ৰজন্মই শিকা উচিত, কোনো সমস্যাৰ সমাধানৰ বাবে বাক বিতণ্ডা নহয়, কথা-বাৰ্তা, বুজাবুজিৰ মাধ্যমেৰে সমাধান বিচাৰিব লাগিব। সমাজৰ সৈতে সংঘাত নহয়, বুজাবুজি বৃদ্ধি কৰিব লাগিব।

    দ্বিতীয়তে, সামাজিক ন্যায় আৰু সমতাৰ বাবে গান্ধীৰ অক্লান্ত সংগ্ৰামে আমাক সকলো মানুহৰ মাজত সমতা আৰু ন্যায় প্ৰতিষ্ঠা কৰাৰ প্ৰতি উৎসাহিত কৰে। তেওঁ সকলো মানুহৰ মাজত সমতা আৰু ন্যায় বিধানৰ প্ৰতি অটল বিশ্বাসী আছিল। তেওঁ ভাৰতৰ দলিত, মহিলা, আৰু অন্যান্য পিছপৰা শ্রেণীৰ লোকসকলৰ অধিকাৰৰ বাবে কাম কৰিছিল।

     আজিৰ সমাজ ব্যৱস্থাত শোষিত, নিষ্পেষিত লোকসকলৰ অধিকাৰৰ বাবে মাত মাতিবলৈ যেন কাৰো সময় নাই। এনে যান্ত্ৰিক মনোভাৱ আজিৰ প্ৰজন্মই পৰিত্যাগ কৰি গান্ধীৰ দৰে সকলো শ্ৰেণীৰ লোকৰ অধিকাৰৰ বাবে মাত মাতিবলৈ শিকিব লাগিব।

     তৃতীয়তে, স্বাধীনতা আৰু স্বনিৰ্ভৰতাৰ প্ৰতি গান্ধীৰ দৃষ্টিভংগীয়ে আমাক নিজৰ জীৱন আৰু দেশৰ ভৱিষ্যতৰ বাবে দায়িত্ববোধ হ’বলৈ শিকায়। গান্ধীজীয়ে সাৰ্বভৌমত্ব আৰু আত্মনির্ভৰশীলতাৰ ওপৰত বিশেষভাৱে জোৰ দিছিল। তেওঁ ভাৰতীয় জনসাধাৰণক স্বাধীনতা আৰু স্বনির্ভৰতাৰ প্ৰতি উৎসাহিত কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে ভাৰতীয় জনসাধাৰণে নিজৰ দেশৰ ভৱিষ্যতৰ বাবে নিজেই দায়িত্ব ল’ব লাগিব।

   আজিৰ প্ৰজন্মই নিজৰ পৰিৱেশ, সমাজ ব্যৱস্থা আৰু দেশৰ প্ৰতি দায়িত্বশীল হোৱা উচিত। বিদেশী সংস্কৃতিৰ প্ৰভাৱৰ সলনি নিজৰ ঐতিহ্য, ভাষা-সাহিত্য কৃষ্টি-সংস্কৃতিত গৰ্ব অনুভৱ কৰিব পৰা কৰ্মত আত্ম নিয়োগ কৰা উচিত। নিজৰ উৎপাদন আৰু সম্পদক লৈ সচেতন হোৱা উচিত আৰু ইয়াক লৈ পিছৰ প্ৰজন্মক উৎসাহিত কৰা উচিত, যাতে দেশৰ অৰ্থনীতি অধিক সবল হয়।

   চতুর্থতে, সহিষ্ণুতা আৰু সম্প্রীতিৰ প্ৰতি গান্ধীৰ বিশ্বাসে আমাক বিভিন্ন জাতি, ধৰ্ম আৰু ভাষাৰ লোকসকলৰ মাজত সহিষ্ণুতা আৰু সম্প্রীতি বজাই ৰাখিবলৈ শিকায়। তেওঁ বিভিন্ন ধর্ম, জাতি, আৰু ভাষাৰ লোকসকলৰ মাজত একতা আৰু সম্প্রীতি বজাই ৰাখিবলৈ চেষ্টা কৰিছিল।

   আমি সকলোৱে প্ৰকৃতিৰ সন্তান হিচাপে গান্ধীজীৰ দৰে ভিন্ন জাতি, বৰ্ণ, ধৰ্ম, ভাষা, নিৰ্বিশেষে ভাতৃত্তবোধ আৰু সম্প্ৰীতি বজায় ৰাখিবলৈ শিকিব লাগিব। আজিৰ প্ৰজন্মই নিস্বাৰ্থ ত্যাগ কৰি সমাজৰ এগৰাকী সদস্য হিচাপে কাম কৰিব লাগিব।

    পঞ্চমতে, সাধাৰণ মানুহৰ শক্তিৰ প্ৰতি গান্ধীৰ বিশ্বাসে আমাক নিজৰ জীৱনত সকলো কাম নিজে কৰিবলৈ আৰু আমাৰ সমাজক উন্নত কৰিবলৈ শিকায়। গান্ধীয়ে কঠোৰ সাধনাৰ ওপৰত জোৰ দিছিল আৰু তেওঁ বিশ্বাস কৰিছিল যে সাধাৰণ মানুহেও আত্মবিশ্বাসেৰে একত্ৰিতভাৱে কাম কৰিলে সকলো প্ৰতিকূলতা অতিক্রম কৰিব পাৰে। 

   আজিৰ প্ৰজন্মই গান্ধীৰ দৰে কঠোৰ সাধনাৰ ওপৰত জোৰ দিব লাগিব। শ্বৰ্ট কাটেৰে নিমিষতে সফলতা বিচাৰিলে নহ’ব। গান্ধীৰ জীৱন আদৰ্শই আমাক শিকাই যে, কঠোৰ পৰিশ্ৰমৰ ফল সদায় মিঠা হয়। অতিৰিক্ত আশা বা সোণালী স্বপ্নৰ পিছত দৌৰি নুফুৰি, কাৰ্য্যৰ ওপৰত কেন্দ্ৰীভূত হোৱা উচিত। আজিৰ প্ৰজন্মই কাৰো সহায় নোলোৱাকৈ পৰিশ্ৰমৰ মূল্য বুজিবলৈ আৰু নিজৰ লক্ষ্যৰ প্ৰতি নিষ্ঠা অৱলম্বন কৰিবলৈ শিকাতো অতি জৰুৰী।

    অৱশেষত আমি দৃঢ়তাৰে ক’ব পাৰোঁ যে মহাত্মা গান্ধীৰ জীৱন আৰু দৰ্শন কেৱল আজিৰ প্ৰজন্মৰ বাবেই নহয়, ভৱিষ্যত প্ৰজন্মৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰাসঙ্গিক। তেওঁৰ সাহস, অহিংসা, আৰু সত্যৰ প্ৰতি থকা অটল বিশ্বাস আমাৰ বাবে এক প্ৰেৰণা। আজিৰ প্ৰজন্মই সমস্যা সমাধানৰ বাবে অহিংসাৰ পথ অৱলম্বন কৰিব লাগিব। গান্ধীয়ে নিজৰ জীৱন জনসাধাৰণৰ সেৱাৰ বাবে যিদৰে উৎসর্গ কৰিছিল, আজিৰ প্ৰজন্মইও সমাজৰ দুখীয়া, অসহায়, পিছপৰা লোক আৰু নিপীড়িত লোকসকলক সেৱা কৰাৰ মানসিকতা গঢ়ি তুলিব লাগিব। আৰু মহাত্মা গান্ধীৰ দৰে আজিৰ প্ৰজন্মই ভগৱানৰ ওপৰত বিশ্বাস ৰাখি সত্যবাদিতা, নৈতিকতা, আৰু স্বচ্ছতাৰ প্ৰতি অটল থাকিব লাগিব। গান্ধীৰ ভাষাত সত্যই ঈশ্বৰ আৰু ঈশ্বৰেই সত্য। গান্ধীৰ জীৱন আৰু দৰ্শন আমাৰ বাবে এক অমূল্য সম্পদ। তেওঁৰ পৰা লাভ কৰা শিক্ষাই আমাৰ জীৱনক প্ৰভাৱিত কৰিব পাৰে আৰু এক উন্নত সমাজ আৰু উন্নত ৰাষ্ট্ৰ গঢ়াত সহায় কৰিব পাৰে।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৪




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages