দলং
ববী দত্ত
টীয়ক
নৈখনে গান গালে বতাহ বোৰ উচুপি উঠে
আজুককাৰ দিনৰ সাধুবোৰ বখলা বখলে বতাহৰ পৰা সৰি পৰে
নৈৰ বুকুত জাহ যায়
ককাদেউতাৰ কামিহাড় বোৰে নৈ খনৰ ওপৰত এখন দলং প্ৰস্তুত কৰে, তেৰা বেঁকা, ঢলং পলং
দেও লগা দলং
কালিকা লগা দলং
জলকুৱঁৰী পাৰ হোৱা দলং
দলং খনৰ দুটা মূৰ প্ৰাচীন আৰু অৰ্বাচীন
প্ৰাচীন মূৰত টোপোলা বান্ধি থোৱা হয় আজুআইতাৰ সেন্দুৰৰ টেমা, তামোল খুন্দা খুন্দনা আৰু হাঁহিবোৰ
হাঁহিবোৰ হেনো তেল হালধীয়া
কিছু ঈষত ৰঙা।
আইতাৰ থুৰীয়া তামোল বন্ধা হাচতি খনৰ দৰে
দীঘলীয়া উশাহবোৰ তাতে জিৰণি লয়।
আও পুৰণি অথচ সুমধুৰ বাহীঁটো বাজি উঠে
দুবলাশান্তিৰ গীত আৰু বাৰমাহীৰ গীতৰ সংমিশ্রিত সুৰটো বাহীঁটোৰ পেটত সোমাই পৰে
যেন এটা দীঘল পেটুৱা অজগৰ।
অৰ্বাচীন মূৰত কিছুমান চিঞঁৰৰ গা ভাৰী নৃত্য
উলংগ দেহৰ বিকৃত বাসনা
পেটত বুভুক্ষাৰ গামোচাৰ চেপা বান্ধোন
উফ, আঃ জাতীয় শব্দবোৰে দলঙৰ ফুটা বোৰ বন্ধ কৰিব খোজে বিনা উপকৰণেৰে
যোগান আৰু চাহিদাৰ বাক যুদ্ধ।
ককাদেউতা হঁতে চিঞৰি উঠে দলং খন নাভাঙিবি
যোগসূত্ৰকাৰী হৈ থাকিবলৈ দে
বতাহজাকে চোঁচৰাই আনিলে নৈৰ জীৱন
এজনী আধুনিকা দলংখনৰ ওপৰে পাৰ হৈ যায়
সাধুকথা বোৰে কেছেমা উগাৰ এটা মাৰি শুই পৰে।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment