মিচিং শব্দ, প্ৰতিশব্দ ইত্যাদি
প্ৰবীণ কুমাৰ মিলি
শব্দৰ ব্যুৎপত্তিগত অৰ্থ আছে। যিকোনো শব্দই প্ৰকৃত অৰ্থ বহন কৰা উচিত। যিহকে-তিহকে কোৱা শব্দই উপযুক্ত অৰ্থ বহন নকৰিবও পাৰে। ইয়াৰ ধাতুৰূপ, বিভক্তি, প্ৰত্যয়, বিশেষ্য, বিশেষণ, সৰ্বনাম, ক্ৰিয়াপদৰ ৰূপবিলাক সৰল সংশ্লেষণ কৰি অৰ্থ-তত্ত্ব দাঙি ধৰিব পৰা গুণ থাকিব লাগিব। কিন্তু, পৃথিবীত এনেকুৱা শব্দও আছে যিয়ে কি অৰ্থ কৰিছে সঠিকভাৱে ক’ব নোৱাৰে। যেনে ‘কুইজ’ শব্দৰ সৃষ্টিও এক সাঁথৰ বুলি কোৱা হৈছে। গতিকে, সেই বিস্ময় ৰূপটোকে ‘কুইজ’ৰ অৰ্থ বুলি অনুমান কৰিব পাৰি। সেই তেতিয়াৰ পৰা বৰ্তমানলৈকে এই আনুমানিক ৰূপটো ইমান ব্যাপক হৈ গ’ল ‘কুইজ’ শব্দটো আমি কোনোদিন অৰ্থহীন বুলি পেলাই দিব নোৱাৰো।
অসমীয়া অভিধানতো তেনেকুৱা বিশেষ বিশেষ শব্দ কিছুমানে সম্প্ৰতি নিগাজিকৈ আসন পাৰি বহিল। যেনে- ‘সন্থা’ শব্দটো ‘সংস্থা’ শব্দৰ পৰা অপভ্ৰংশ হোৱা শব্দ বুলি কোৱা হয়, ঠিক তেনেকৈ ‘শ্বহীদ’ শব্দটো ‘ছহিদ’ শব্দৰ বিকৃত ৰূপ বুলি কোৱা হয়। কিন্তু, উপৰি উক্ত শব্দবোৰ ছাত্ৰ আন্দোলনৰ সময়ত ইমানবেছি ব্যৱহাৰ হ’ল যে বৰ্তমান উপযুক্ত শব্দ হিচাপে উচিত স্থান দিয়া হয়।
এতিয়া আহো মিচিং শব্দৰ বেলিকা তেনেধৰণৰ কালিকাময় সমস্যাই কিদৰে বিতৰ্কিত ৰূপ লয়। অৱশ্যে তেনে, সমস্যাৰ পৰা ইতিমধ্যে সেই শব্দবোৰ ওলাই আহি বিৰাট শক্তিশালী ভূষণ পৰিধান কৰিছে। এইখিনিতে, আমি যদি Dírbí শব্দটো চাওঁ তেন্তে দেখিম যে- সংস্কৃতি শব্দৰ ই প্ৰতিশব্দ হ’ব পৰা জোখাৰে বৰ গভীৰ নহয়। যিহেতু ‘সংস্কৃতি’ শব্দই কাৰ্য, ভাৱ, আৱেগ আদিৰ সৈতে বিজড়িত কথাবোৰ প্ৰতিপন্ন কৰে। টেইলৰে কৈছে- ‘সংস্কৃতি এনে জটিল ৰূপ য’ত জ্ঞান, বিশ্বাস, নীতি-নিয়ম, আচাৰ-ব্যৱহাৰ, অন্যান্য সামৰ্থ্য আৰু সমাজৰ লোক হিচাপে মানুহে আহৰণ কৰা অভ্যাস আদি সকলোকে সামৰি লয়। ‘কিন্তু, ‘dírbí’ ৰ সহজ চৰিত্ৰই এইবোৰ বহন নকৰে। কাৰণ, dírbí ৰ ব্যুৎপত্তিগত অৰ্থ হ’ল- podír+abí=dírbí অৰ্থাৎ ৰাজহাড় মূলৰ পৰা সৃষ্টি হোৱা। হ’লেও, ৰাজহাড়ক যদি মানুহৰ শৰীৰৰ কেন্দ্ৰীয় ধাৰক বুলি গণ্য কৰা হয় তেতিয়া দেখা যায়, সংস্কৃতিৰ বিশাল সংজ্ঞাৰ সৈতে dírbí ৰ সহজ অৰ্থই সমানেই খোজ পেলায়। গতিকে, dírbí মিচিংসকলৰ এক সুন্দৰ আৰু যুগমীয়া শব্দ। তেনেকৈ মিচিংসকল জীৱন-চয়নত dumsíg শব্দটোও অবাৰ্চীন শব্দ নহয়। ই বহু যুগৰ পৰা ব্যৱহৃত হৈ আহিছে। আমাৰ সহজবোধত dumsíg ৰ অসমীয়া প্ৰতিশব্দ হ’ল- চেহেৰা, ৰূপ, আকাৰ, ছবি ইত্যাদি। কিন্তু, dumsíg শব্দটো বিশ্লেষণ কৰিলে পোৱা যায়- sidum+asíg=dumsíg এনেকৈয়ে হৈছে। Sidum ৰ অসমীয়া অৰ্থ হ’ল- হৰিণা, asíg ৰ অৰ্থ হ’ল- ছাল। গতিকে, হৰিণাৰ ছালটো কেনেকৈ ৰূপ, ছবি, চেহেৰা, আকাৰ হ’ব? তথাপি, ‘তোমাৰ হৰিণীবুলীয়া ৰং’ বোলা কাব্যিক ৰূপটোৰে যদি অৱচ্ছেদ কৰি চাও, তেন্তে- ককা-আজোককাহঁতে dumsíg শব্দটো সঠিকভাৱেই নিৰূপন কৰি থৈ গ'ল। এইকাৰণেতো সেই তেতিয়াই অইনিঃতমে ৰিঙিয়াই গালে- oiyé kangkan-ka:yuma, dumsíg migmo géyuma. ঠিক তেনেদৰে- nébíng- সম্পাদক, potin- কিতাপ, résong- টেবুল, rí:dor-বিজুলী, abu- সভাপতি আদিয়ে জনমানসত সম্প্ৰতি চৰম ব্যাপকতা লাভ কৰিছে। এইবোৰ, আজিৰ তাৰিখত নহয় বুলি নাকচ কৰিব পৰা শব্দ নহয়। আনকি, so:bo শব্দৰ অৰ্থ ‘গৰু’ বুলি ইমান বেছি মিচিংসকলৰ সমাজ-জীৱনত শিপাই গ’ল যে প্ৰকৃতাৰ্থতে গৰুৰ মিচিং প্ৰতিশব্দ ‘soí’ বুলি কোনেও বিশ্বাস কৰিব নোখোজে। অথচ দেখা যায়, oso+abo= so:bo এনেকৈয়ে হৈছে। মূলতঃ so:bo গৰু নহয়।
দৰাচলতে, soí (গৰু) মূল শব্দ। গতিকে soí ৰ পৰা যদি বিশ্লেষণ কৰি চাওঁ - অসমীয়া গাই গৰুক মিচিঙত -soí+ané= íné, বলধ গৰুক -soí+abo= íbo বুলি কোৱা হয়। এইখিনিতে মোৰ অনুভৱ, অৱশ্যে এইদৰেই শব্দৰ ৰূপ বিভিন্ন ধৰণে ভাষাৰ পথাৰত যিকোনো মুহূৰ্তত আগমন ঘটিব। কিছুমান, অপভ্ৰংশ হয়, কিছুমান বিকৃত হয়। যদি জনজীৱনত এইবোৰে কোনো মৰণমুখী প্ৰভাৱ বিস্তাৰ নকৰি, ভাষাৰ গভীৰতাত সংপৃক্ত হৈ যায় ই নিশ্চয় শোভনীয়। অজ্ঞাতবশতঃ অমিচিংসকলে মিৰৃ (পুৰোহিত) শব্দটোক ‘মিৰি’ কৰি পেলালে যদিও ই মিচিং জাতিটোক সংকুচিত কৰিছে বুলি মনে নধৰে। বৰং, ইয়াৰ সণ্ঢালনিকৈ উঁহ বিচাৰিলে মিচিং জনগাঁথনিৰ সৈতে বিজড়িত কিছু ঐতিহাসিক সমল এইটোৰ পৰা আহৰণ কৰিব পাৰি। উল্লেখনীয় যে, বৰ দৃষ্টিকটু দুই-এটা শব্দই এতিয়াও মিচিঙৰ ঐক্য-সম্প্ৰতি আৰু জাতীয় উত্থানত বেয়া প্ৰভাৱ পেলাই থকা প্ৰত্যক্ষ কৰা যায়। কাৰণ, Mising শব্দটোক বহুতে আজিও Mishing, Miching, আনকি Missing বুলি লিখিব খোজে। যিবোৰ, আচলতে জাতীয় অন্তৰায়। মহাপ্ৰাণ বৰ্ণ নথকা ভাষা এটাত এইবোৰে অস্বাভাবিকতা সৃষ্টি কৰে। দেখা যায়, c বৰ্ণ মিচিং ভাষাত ল’ব পৰা বিকল্প নাই, এয়ে অসমীয়া ‘চ’ বৰ্ণক English ত ‘ch’ কৰাৰ দৰে কৰিব পৰা নহয়। তেনেকৈ, শ,স,ষ বৰ্ণ মিচিঙত প্ৰয়োজন নহয় কাৰণে ‘sh’ৰ উচ্চাৰণ নালাগে। ইয়াৰ একক ধ্বনি s বৰ্ণক ‘চ’ ৰ দৰে মিচিঙত ব্যৱহাৰ কৰাটো এক শ্ৰেণীৱদ্ধ সিদ্ধান্ত। গতিকে, মিচিং মিচিঙেই হ’ব; ই কোনো দিন মিছিং, মিশ্বিং অথবা মিশ্চিং হোৱাৰ সম্ভাৱনা নাই।
আৰু কেইটামান মিচিংসকলৰ শব্দৰ বিকল্পত বিতৰ্কৰ অৱকাশ দেখা নাই। যেনে- gergo-কাৰ্যালয়, pogo-বিদ্যালয়, kin-go (ken-go)-শিক্ষা, sígmi:go-গৱেষণাগাৰ, légo-সাঁকো, mitom-কবি, mo:pí-পৃথিৱী, gomlab-সাহিত্য, gomlam-ব্যাকৰণ, kangga:-প্ৰতীক, mírléb-আংগিক, agod-চিহ্ন, abug-বিন্দু, kílam-নেওতা, kíbíg-সংখ্যা, kítég-অংক, pobug pogo-প্ৰাথমিক বিদ্যালয়, pokéng potin-পাঠ্যপুথি, adong-বতৰ, do:ye/do:yé-বায়ু, gompir-শব্দ, gompir kumsung-শব্দকোষ ইত্যাদি। ইতিমধ্যে, gompir শব্দৰ অৰ্থ ‘শব্দ’ হোৱাৰ জোখাৰে পৰ্যাপ্ত নহয় বুলি বিজ্ঞমহলত চৰ্চিত হৈছে। কিন্তু, ‘gompir’ শব্দই যিদৰে মিচিং সমাজক আকৰ্ষণ কৰিব পাৰিছে ইয়াৰে সমাৰ্থক অৰ্থৰ শব্দ gombugé কিন্তু তেনেকৈ আকৰ্ষণ কৰিব পৰা নাই। গতিকে, শব্দৰ মান্যতা-গঠন, চয়ন, ধ্বনিতাত্ত্বিক দিশৰ পৰাও আহে। ইফালে, gompir kumsung- (শব্দকোষ)ৰ আচল অৰ্থত বহুতে সন্দিহান প্ৰকাশ কৰিলেও ই যুগে যুগে তেনেৰূপতে আগবাঢ়িব। কাৰণ, আগম মিগাং টাবুৰাম টাইদদেৱৰ gompir kumsungৰ বিজ্ঞানসন্মত বুলনিয়ে বিশ্বৰ ভাষাবিজ্ঞানীৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ইফালে, সাধাৰণভাবে চালেও gompir অৰ্থৰ মান্যতা আমি দেখোঁ। যেনে- No agom apirko lutokai, nolu agom apirkosin lutoma:n kapila? ইয়াৰ agom আৰু apir ৰ সন্ধিৰূপে-gompir (agom+apir) হৈছে। কাজেই, ই এটা উপযুক্ত শব্দ।
বৰ্তমান বিশ্বায়নৰ যুগ। এই বিশাল পৃথিৱীখন যেন সৰু এখন গাঁৱলৈ ৰূপান্তৰ হ’বলৈ গৈ আছে। তেনেক্ষেত্ৰত, আমি এক সৰু প্ৰজাতি হিচাপে, কোনোবা বিয়াগোম জাতিৰ কেঞা আঙুলিৰ টিপাতে শেষ হ’ব পৰা জনগোষ্ঠী হিচাপে সাংস্কৃতিকভাৱে একগোট হৈ থিয় দি নাথাকিলে কি বা-মাৰলীয়ে উৰুৱাই নিয়ে, পাত্তা আছে? সাংস্কৃতিকভাবে মানে-ৰাজনৈতিক, অৰ্থনৈতিক, ভাষা-সংস্কৃতি, ধৰ্ম-কৰ্ম , থকা-মেলা, পিন্ধন-উৰণ, গীত-নৃত্য, পূজা-অৰ্চনা আনকি গমন-ভক্ষণলৈকে আমি সচেতন হ’ব লাগিব। আমি আজি বলিষ্ঠভাবে ঐক্যৱদ্ধতাৰ ছত্ৰ-ছায়াত থাকিবলৈ শিকিব লাগিব। তেহে, ৰক্ষা। আমি আশা কৰিছো-সেই অৱস্থান আমাৰ আছিল আৰু আজিও পূৰ্বৰ দৰেই একে অৱস্থানেৰে সুসংগঠিত ৰূপত সুৰক্ষিত হৈ থকাৰ নিশ্চয় প্ৰয়াস জাৰী থাকিব।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment