আজি অতবছৰৰ মূৰত শান্তিৰে শুইছো
অবিনাশ কিশোৰ শইকীয়া
চিনাতলী, গোলাঘাট
আজি অতবছৰৰ মূৰত শান্তিৰে শুইছো
আজিচোন মোক উঠাবলৈও কোনেও চেষ্টা কৰা নাই।
কি এয়া সকলোৱে উচ্চচৰে কান্দিছে হে মাথো।।
আজি চোতালত নিথৰহৈ শান্তিৰে শুইছো
হয়তো চিৰদিনৰ বাবে।।
আজিচোন আত্মীয় সকলো আহিছে।
সকলোৱে মোকচোন একেথিৰে চাই আছে।
চোতালত আজি বগাকাপোৰখনে মোক ঢাকি থৈছে।
কোনোজন আহিছে শেষ বাৰৰ বাবে চাবলৈ
কোনোজনে দ্বায়িত্ব সামৰিব আহিছে।।
সকলোৱেচোন ব্যস্ততাৰ মাজতেচোন মোক চাই আছে।।
কোনোৱে মোৰ গুণ গাইছে।
আজি অতদিনে মোৰ বদনাম গোৱাজনেও মোৰ ভালৰ গুণ গাইছে।
আস্,
শান্তিতচোন শুব পৰা নাই
প্ৰতিধ্বনি হৈছে
আপোনজনৰ কলৰোলৰ।।
আজি যোৱাৰ বিয়লিপৰত
মোৰোচোন হৃদয়খনে কান্দি আহিছে।।
মইওচোন লাহে লাহে শান্তিত শুব পৰা নাই।
উচুপি থকা চকুপানীখিনিয়ে মোক বৰকৈ অশান্তি কৰিছে।
উঠি গৈ যেন আপোনজনৰ দুবাহুত সোমাবলৈ মন গৈছে।।
আজি অলপ শান্তিত শুব দিয়া মোক
যামগেচোন দূৰণিৰ সৌ নগৰখনলৈ।।
কোনোজনে মোৰ নিথৰদেহটো এনেকৈ চোতালত শুই থকা দেখি সোনকালে
নিব কৈছে।
তেওঁক বুজাওকচোন আপোন মানুহখিনিৰ মাজত অলপ সময় কটাবলৈ দিয়ক।
এনেওতো যামগৈ মই অচিনদেশলৈ।।
আজি অলপ শান্তিত শুবলৈ দিওঁক,
অতবছৰৰ মূৰত নিচিন্তাৰে
নিথৰভাৱে শুবলৈ পাইছো।
মোৰ নিথৰদেহটিত মা-হালধী সানি মোকচোন পঠিয়াবলৈ আৰম্ভ কৰিছে।
বগাকাপোৰখনৰ আঁৰত লুকাই মই আজি আপোন মানুহবোৰক চাইছো।।
সচাঁয়ে আজি অলপ শান্তিত শুইছো।।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪
No comments:
Post a Comment