জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, October 31, 2024

জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতি

 

জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতি


                                   ৰীতে ৰিদম


যোৱা বাৰৰ দৰে মঞ্চত মানুহজনক

বহুতে বহু গামোচা পিন্ধালে

ময়ো পিন্ধালোঁ অতি আন্তৰিকতাৰে


মানুহজনে নিজৰ ভাষণ আৰম্ভ কৰিলে-

শুনিলে বহুতে

ভিৰৰ মাজতে বহি দিলোঁ ময়ো 

ভালদৰে শুনিবলৈ


ভাষণত মানুহজনে পৰিৱৰ্তনৰ বহু কথাই ক’লে-

স্বাস্থ্য, শিক্ষা সোণ যেন ৰাস্তা

মৰ্ত্যত স্বৰ্গ বনোৱাৰ কথা ক’লে 

দৰিদ্ৰতাই কোঙা কৰা দেশখনক

উচ্চৰ পৰা উচ্চতালৈ লৈ যোৱাৰ কথা ক’লে


দুখীয়াৰ দুখ এশ দহ শতাংশ মোচন কৰাৰ শপত খালে

আৰু মুক্তিকামী জনতাক মুক্তি দিয়াৰ সংকল্প ল’লে

দেশৰ ভোকাতুৰ শিশুৰ ক্ৰন্দন

আৰু ধৰ্ষিতা নাৰীৰ আৰ্তনাদক ন্যায় দিয়াৰ শ্লোগান দিলে


মানুহজনৰ ভাষণত ৰাইজে হাত চাপৰি বজালে

ময়ো বজালোঁ বহু উৎসাহেৰে

বিনিময়ত মানুহজনে প্ৰতিশ্ৰুতিৰ টোপোলা মেলি দিলে


মানুহজনে ক’লে- কাক কাক লাগে হাত দাঙক

দাঙিলে বহুতে

ময়ো দাঙিলোঁ বহু হেঁপাহেৰে


নিৰ্দিষ্ট সময়ত মানুহজনে ভাষণ সামৰিলে

সমৰ্থকৰ হাত চাপৰিত ৰজনজনাই গ’ল চৌদিশে

শেষত ৰাইজে হাত দঙাৰ প্ৰাপ্য বিচাৰিলে–

দিয়ক ছাৰ

মানুহজনে ক’লে–দিম ৰ’ব

এইবাৰ নিৰ্বাচনত জিকিলে…..!


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages