ডিমাচা লোকবাদ্যঃ
এক আভাষ আৰু বিশ্লেষনাত্মক বৰ্ণনা
জনাৰ্দন পাটৰ মচৰং
উত্তৰ পূৰ্বাঞ্চলৰ তথা অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী ডিমাচাসকল খৃঃ ১০৮৬ ৰ পৰা ১৫৩৬ লৈ ডিমাপুৰত ৰাজধানী পাতি ৰাজত্ব কৰাৰ এক ঐতিহ্য আছে। সম্প্ৰতি ডিমাচাসকল প্ৰধানভাৱে ডিমা হাচাও (উত্তৰ কাছাৰ পাৰ্বত্য জিলা) ত বসবাস কৰাৰ ওপৰিও কৰ্বি আংলং, কাছাৰ, নগাওঁ, হোজাই, গোলাঘাট, হাইলাকান্দি জিলাৰ বিভিন্ন অঞ্চলৰ লগতে নাগালেণ্ডত বসবাস কৰি আছে। ডিমাচাসকলৰ ‘বুচু ডিমা’ এক জনপ্ৰিয় উৎসৱ। ইয়াৰ ওপৰিও হাংচাউ মানাউৱা, গেৰবা, মিচংবা ইত্যাদি অন্যান্য কেইবাটাও উৎসৱ উদযাপন কৰে। ডিমাচা সকলৰ পৰম্পৰাগত পানীয় ‘জুডিমা’ ই বিশ্বত এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে। স্বকীয় ভাষা, সাজ- পাৰ, সংস্কৃতিৰে পৰিপূৰ্ণ এক জনগোষ্ঠী ডিমাচাসকল।
অন্যান্য জনগোষ্ঠীসমূহৰ দৰেই ডিমাচা সকলৰো আছে বিভিন্ন পৰম্পৰাগত লোকবাদ্য। এই লোকবাদ্যসমূহৰ বিষয়ে এই লেখাৰ জৰিয়তে এক আভাষ দিয়াৰ লগতে জনগোষ্ঠীয় বাদ্যসমূহৰ বিলুপ্তি আৰু সংৰক্ষণৰ উপায় সন্দৰ্ভত এক পৰ্যালোচনা তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে।
খ্ৰামঃ ডিমাচা সকলৰ এক বিশেষ বাদ্য হৈছে খ্ৰাম অৰ্থাৎ ঢোল বাদ্য। গমাৰি, নিম আদি গছৰ কাঠেৰে নিৰ্মিত এই খ্ৰাম বাদীবিধৰ দৈৰ্ঘ্য প্ৰায় আঢ়ৈ ফুটৰ পৰা ৩ ফুট। ইয়াৰ ডাঙৰ মূৰটোৰ ঘেৰ প্ৰায় ১২ ইঞ্চি আৰু সৰু ফালৰ মূৰটোৰ ঘেৰ এক দুই ইঞ্চি কম হয়। খ্ৰামৰ দুয়োটা ঘেৰৰ চাৱনি পহু আৰু ছাগলীৰ ছালেৰে নিৰ্মাণ কৰা হয় আৰু বৰতি হিচাপে মহৰ ছাল ব্যৱহাৰ কৰে। এই খ্ৰাম বাদ্যবিধ উৎসৱ সময়ত, পূজাৰ সময়ত পৃথক পৃথক শৈলীৰে বজোৱা পৰিলক্ষিত হয়।
মুৰিঃ এই বদ্যবিধ ডিমাচা সকলৰ এক বিশেষ পৰিচিত বাদ্য। কাঠেৰে প্ৰস্তুত কৰা দীঘল বাদ্যবিধ দেখাত কালি বাদ্যৰ লগত সামঞ্জস্য আছে। মুৰিৰ দৈৰ্ঘ্য প্ৰায় ১২ ইঞ্চি। কিছু কিছু ঠাইত ৩৬ ইঞ্চি পৰ্যন্ত দীঘল মুৰি প্ৰস্তুত কৰে যাক ‘মুৰি মা’ বুলি কোৱা হয়। এই বদ্যবিধৰ তলৰ অংশক ‘মুৰি সৌগা’ আৰু ওপৰৰ অংশটোক ‘সৌচা’ বোলা হয়। মাজৰ অংশত আঙুলি বোলাবৰ বাবে ৬ টা ফুটা কৰা হয়। সৌচা অংশত থকা ফুটাত ফু দি বজাবৰ বাবে ধানৰ গা গছৰ টুকুৰা গুজি দিয়ে যাক ‘মে-বু’ বুলে। এনেদৰেই একে উশাহতে মুখেৰে ফু দি আঙুলি বোলাই মুৰি বাদ্যবিধ বজায়।
চুফিনঃ চুফিন হৈছে বাঁহী বাদ্য। এই চুফিন মুৰুলি বাঁহেৰে নিৰ্মাণ কৰা হয়। সুবিধানুযায়ী বিভিন্ন আকাৰত প্ৰস্তুত কৰা চুফিনত আঙুলি বোলাবৰ বাবে ৬ টা ফুটাই থাকে। বিভিন্ন সামাজিক অনুষ্ঠানত এই বাদ্যবিধ বজোৱা হয়।
মুৰিচাঃ এই বদ্যবিধ সৰু মুৰুলি বাঁহেৰে নিৰ্মাণ কৰা হয়। এই বাদ্যবিধটো ৬ টা ফুটাই কৰা হয়। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ১২ ইঞ্চি মান হয়।
খ্ৰাম ডবংঃ খ্ৰাম ডবং বাদ্যবিধ বাঁহ আৰু বিৰিণা বনৰ ঠাৰিৰে প্ৰস্তুত কৰা হয়। বিৰিণা বনৰ ঠাৰিৰ পৰা চেচু উলিয়াই তাত বাঁহৰ কামি সুমুৱাই বিশেষ ধৰণে প্ৰস্তুত কৰা হয়। দেখাত প্ৰায় বীণৰ দৰে এই খ্ৰাম ডবং বাদ্যবিধ খেতি পথাৰত অথবা আজৰি সময়ত অৱসৰ বিনোদনৰ বাবে বজায়।
সাম্প্ৰতিক সময়ত বিভিন্ন কাৰকৰ প্ৰভাৱত এই বদ্যসমূহ বিলুপ্ত হোৱাৰ উপক্ৰম হৈছে। আজিৰ নৱ প্ৰজন্মই নিজৰ জনগোষ্ঠীটোৰ বাদ্যসমূহকেই চিনি নোপোৱা হৈ পৰিছে। এইয়া কেৱল ডিমাচাসকলৰ ক্ষেত্ৰতেই নহয়, ই প্ৰতিটো জনগোষ্ঠীৰ ক্ষেত্ৰতেই একেই অৱস্থা হোৱা পৰিলক্ষিত হৈছে। এই বাদ্যসমূহ হ্ৰাস পোৱাৰ প্ৰধান কাৰণসমূহঃ
১) আধুনিক নৱ প্ৰজন্মৰ মাজত পৰম্পৰাগত বাদ্যসমূ্হৰ প্ৰতি আকৰ্ষণ কমি যোৱাৰ বিপৰীতে আধুনিক বাদ্য সমূহৰ প্ৰতিহে আকৰ্ষিত হোৱা দেখা যায়। বিশ্বায়নৰ ফলত সহজলভ্য বৈদ্যুতিক বাদ্য সমূহক আদৰি লোৱাৰ ফলত লোকবাদ্যসমূহ এলাগী হৈ পৰিছে।
২) পৰম্পৰাগত লোকবাদ্যসমূহ প্ৰণালীবদ্ধভাৱে সংৰক্ষণৰ অভাৱতো লুপ্ত হোৱাৰ উপক্ৰম হৈছে। এই বাদ্যসমূহ যত তত সিচঁৰিত হৈ থাকি চৰ্চাৰ অভাৱত নষ্ট হোৱাৰ লগতে গুৰুত্বও কমি গৈছে।
৩) লোকবাদ্য সমূহ নিৰ্মাণকাৰী সংখ্যা বৰ্তমান সময়ত অভাৱ হোৱাৰ ফলতো ইয়াৰ ব্যৱহাৰ কমি আহিছে। পূৰ্বতে লোকবাদ্য সমূহ গাঁও অঞ্চলৰ কিছু পাৰ্গত ব্যক্তিয়ে প্ৰস্তুত কৰে। কিন্তু সময়ৰ গতিত পাছৰ প্ৰজন্মৰ মাজত তেনে পাৰদৰ্শী ব্যক্তিৰ অভাৱ হোৱাৰ ফলত নিৰ্মাণ কাৰ্য্য বন্ধ হৈ পৰিছে।
৪) পৰম্পৰাগত লোক বাদ্য সমুহ পৰিবেশনৰ বাবে উপযুক্ত মঞ্চৰ অভাৱ হোৱা পৰিলক্ষিত হয়। উপযুক্ত মঞ্চ আৰু পৰিৱেশৰ অভাৱত পৰিৱেশনৰ সুবিধা নোপোৱাত লোকবাদ্যসমূহৰ চৰ্চা কৰাৰ লোকৰ অভাৱ হৈছে। ফলত লোকবাদ্যসমূহ লুপ্ত পাব ধৰিছে।
৫) পৰ্যাপ্ত সময়ৰ অভাৱ। পূৰ্বতে গাঁওৰ চেমনীয়া লৰাবোৰে পাহাৰত, পথাৰত গৰু চৰাওতে, আজৰি সময়ত বাদ্য চৰ্চা কৰিছিল। কিন্তু আজিৰ তাৰিখত শিক্ষানুষ্ঠান বা অন্য প্ৰতিষ্ঠান সমূহ গাওঁ অঞ্চলতো প্ৰসাৰ হোৱাৰ ফলত শৈক্ষিক সজাগতা বাঢ়িল আৰু আজৰি সময় বা গৰখীয়া চেমনীয়াৰ সংখ্যা কম হল। ফলত বাদ্য নিৰ্মাণ আৰু চৰ্চাও কমিল।
৬) বহুক্ষেত্ৰত সচেতনতাৰ অভাৱতো লোকবাদ্য সমূহৰ লুপ্তপ্ৰায় অৱস্থা হৈছে। সচেতনতাৰ অভাৱত অন্য সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হৈ নিজস্ব পূৰ্বৰ সংস্কৃতি ত্যাগ কৰাৰ ফলত সংস্কৃতিটোৰ সৈতে জড়ীত বাদ্য সমূহৰো লুপ্ত ঘটিছে।
৭) বহু ঠাইত কেঁচা সামগ্ৰীৰ অভাৱতো লোকবাদ্যসমূহ নিৰ্মাণত অসুবিধাৰ সন্মুখীন হোৱা যায়।
লোকবাদ্যসমূহৰ সংৰক্ষণৰ উপায়ঃ
১) বিভিন্ন কৰ্মশালা, আলোচনা চক্ৰৰ দ্বাৰা সচেতনতা বৃদ্ধি কৰিব লাগে।
২) বিজ্ঞানসন্মত অধ্যয়ন আৰু গ্ৰন্থ প্ৰণয়নৰ দ্বাৰা লোকবাদ্যসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে।
৩) লোকবাদ্য সমূহ সংৰক্ষণৰ বাবে সংগ্ৰহালয় নিৰ্মাণ কৰিব লাগে। এইক্ষেত্ৰত চৰকাৰী পক্ষই পদক্ষেপ হাতত লব লাগে।
৪) বিভিন্ন জনজাতীয় গাওঁ সমূহত তথা মানুহৰ ঘৰে ঘৰে সিঁচৰিত হৈ থকা লোকবাদ্য সমূহ সংগ্ৰহ কৰি সংৰক্ষণৰ ব্যবস্থা কৰিব লাগে।
৫) অসমীয়া ভাষাৰ শব্দকোষ, অভিধান, বিশ্বকোষ, অসম ইয়েৰ বুক ইত্যাদিত জনগোষ্ঠীয় লোক বাদ্য সমূহক স্থান দিব লাগে।
৬) চৰকাৰী বেচৰকাৰী শিক্ষনুষ্ঠান সমূহৰ পাঠ্যপুথিত অসমৰ জনগোষ্ঠীয় লোকবাদ্য সমূহৰ বিষয়ে শিক্ষাৰ্থীসকলক চিনাকি কৰোৱাৰ পাঠ অন্তৰ্ভুক্ত হ’ব লাগে।
৭) উদীয়মান শিক্ষিত চামে এই জনগোষ্ঠীয় লোক বাদ্য সমূহক প্ৰচাৰ প্ৰসাৰৰ বাবে বিভিন্ন মাধ্যমৰ সহায় লৈ এক ব্যৱসায়িক ভিত্তিত নিৰ্মাণ কৰিব পাৰে।
উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সংস্কৃতিক এক মাত্ৰা প্ৰদান কৰাৰ ক্ষেত্ৰত লোকবাদ্য সমূহৰ উল্লেখযোগ্য অৱদান আছে। এই বাদ্যসমূহ জনগোষ্ঠীটোৰ এক আপুৰুগীয়া গুৰুত্বপূৰ্ণ সম্বল। সময়ৰ পৰিৱৰ্তনৰ লগে লগে লোকবাদ্য সমূহো ক্ৰমাৎ বিলুপ্তিৰ পথত যদিও বিজ্ঞানসন্মত পৰিকল্পনাৰে সংৰক্ষন কৰিব পৰা যাব। সংৰক্ষনৰ লগতে প্ৰচাৰৰ জৰিয়তে জনগোষ্ঠীয় লোকবাদ্য সমূহক এক নতুন মাত্ৰা দিব পৰা যাব। গতিকে এই সমল সমূহক উপযুক্তভাৱে, পৰিকল্পিত ভাৱে সংৰক্ষণ, নিৰ্মাণ, চৰ্চাৰ জৰিয়তেহে জীয়াই ৰখাটো অত্যন্ত জৰুৰী। অন্যথা জনগোষ্ঠীসমূহৰ এক বৃহৎ ক্ষতি হ’ব।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment