মিচিংসকলৰ ‘দদগাং’ সকামৰ উৎপত্তি আৰু আনুসংগিক চিন্তা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, October 1, 2024

মিচিংসকলৰ ‘দদগাং’ সকামৰ উৎপত্তি আৰু আনুসংগিক চিন্তা


 

মিচিংসকলৰ ‘দদগাং’ সকামৰ উৎপত্তি আৰু আনুসংগিক চিন্তা


বিজয় বৰি


      সমৰ অন্যতম জনজাতীয় জনগোষ্ঠী মিচিংসকলৰ পৰিয়ালত কোনো লোকৰ মৃত্যু হ’লে মৃতকৰ আত্মাৰ সদগতিব অর্থে সম্পন্ন কৰা এক সকাম বা অনুষ্ঠান হৈছে দদগাং। পৰিয়ালৰ কোনো লোকৰ মৃত্যু হ’লে তিনিদিনত তিলনি, এসপ্তাহ, দহদিন বা কিছুমাহৰ পিছত শ্রাদ্ধ বা উচি (মিচিং ভাষাত ওমআপিন) মাংগলিক কার্য সমাপন কৰাৰ পিছত দদগাং বা দহাকাজ কৰিবলগীয়া হয়। মৃতকক পিণ্ড দিয়াৰ উদ্দেশ্যে সম্পন্ন কৰা দদগাং সকামৰ পিছত সাধাৰণতে মৃতকৰ নামত ভবিষ্যতে কোনো সকাম পাতিবলগীয়া নাথাকে। এই দদগাং সকাম হৈছে বৃহৎ অনুষ্ঠান আৰু ব্যয়বহুল। ব্যয় বহুলতাৰ প্রতি লক্ষ্য ৰাখি অতি সম্প্রতি দদগাং সকাম মিচিং সমাজত সামাজিক সমস্যা হিচাপে থিয় দিছে। ইয়াৰ ফলত বর্তমান মূল্যবৃদ্ধিৰ দিনত দদগাং সকাম পতা সহজ কথা হৈ থকা নাই। দদগাং সকামলৈ সাধাৰণতে পৰিয়ালৰ আত্মীয়-স্বজন আৰু হাজাৰ হাজাৰ অতিথিক নিমন্ত্রণ কৰা হয়, আৰু সকলো অভ্যাগতকে ভাত, মাংস, মাছ, আপং (মদ) আদিবে আপ্যায়ন কৰা হয়। দদগাং এখন অনুষ্ঠিত কৰিবলৈ আজিৰ তাৰিখত অতি কমেও দহ লাখ টকাৰ প্রয়োজন হয়। এইখিনিতে দদগাং সকামৰ উৎপত্তি আৰু ইয়াৰ কিছুমান আনুসংগিক চিন্তা সম্পর্কে আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে।


   প্রশ্ন হয় মিচিংসকলৰ এই ‘দদগাং’ শব্দটো ক’ৰ পৰা, কেনেকৈ সৃষ্টি হ’ল ? তদুপৰি দহাকাজ বা দদগাং সকাম মিচিংসকলে কেতিয়াৰ পৰা পাতিবলৈ লৈছে ? ইত্যাদি দিশ সন্দর্ভত নিশ্চয় আলোচনা, বিতর্ক, গৱেষণাৰ প্ৰয়োজন আহি পৰিছে। দদগাং সন্দৰ্ভত মোৰ এক ব্যক্তিগত মত এই লেখাৰ জৰিয়তে আগবঢ়াব বিচাৰিছোঁ। অসমীয়া ‘দহাকাজ’ শব্দৰ পৰাই মিচিংসকলৰ ‘দদগাং’ শব্দটো আহিছে। দূৰ অতীতত মিচিংসকলে ‘দদগাং’ সকাম পতা নাছিলে বুলি মই ক’ব বিচাৰোঁ। যিহেতু মিচিং মানুহে পূর্বাদিতে দদগাং সকাম পতাৰ কোনো তথ্য পাবলৈ নাই। (১৯৫০ চনত উজনি অসমত হোৱা বৰভূইকপৰ আগতে উজনিৰ মিচিংসকলে দদগাং সকাম কৰা দেখা নাই বুলি বয়োবৃদ্ধসকলে কয়।) মিচিং আৰু আদী সমাজৰ জনবিশ্বাসৰ অন্যতম উৎস ‘আঃবাং’ সমূহতো দদগাং সকামৰ উল্লেখ পোৱা নাযায়। বর্তমান প্রচলিত দদগাঙত মিচিংসকলৰ পুৰোহিত ‘মিবু’ বা ‘মিৰৃ’ৰ স্থান গৌণ। দদগাং সকাম গোহাঁই, ভকতসকলৰ দ্বাৰাহে সমাপন কৰা হয়। ইফালে মিচিংসকলৰ অন্যান্য পৰম্পৰাগত পূজা-পাতলসমূহত মিবু বা মিৰৃৰ গুৰুত্বপূর্ণ ভূমিকা দেখিবলৈ পোৱা যায়। মিচিংসকলৰ দবুৰ, উৰম, তালৗং উয়ু, লেনৗ উৰম ইত্যাদি পূজা-পাতলসমূহত মিবুৰ উপস্থিতি আছে। ধাৰণা হয় দদগাং সকাম পূর্বাদিতে মিচিংসকলৰ পৰম্পৰাগত পূজা নাছিল বাবেই মিবু বা মিৰৃৰ স্থান নাই বুলি ভবাৰ থল আছে। দদগাং সকাম মিচিং সমাজত প্রচলিত হোৱা বৰবেছি পুৰণি নহয়। মিচিংসকলে ভৈয়ামলৈ প্রব্রজন হৈ আহি বৰ অসমত নৱবৈষ্ণৱ ধৰ্মৰ কালসংহতি পন্থাৰ সংস্পৰ্শলৈ অহাৰ পিছত গোসাইসকলৰ পৰামর্শক্রমে দহাকাজ বা দদগাং সকাম পাতিবলৈ আৰম্ভ কৰিব পাৰে। এইখিনিতে মোৰ ব্যক্তিগত এক অভিজ্ঞতা কওঁ — আমি সৰু হৈ থাকোঁতে (১৯৮৫ চনত) আমাৰ ১৭ গৰাকী পূৰ্বপুৰুষৰ (মৃতকৰ) দদগাং বা দহাকাজ আমাৰ কেইবাগৰাকী বৰদেউতাক আৰু খুড়াকৰ পৰিয়ালে মিলি একেলগে পাতিছিল। তেওঁলোকৰ সমসাময়িক বহুতো পৰিয়ালে এইদৰে একেলগে বিশ গৰাকীতকৈ অধিক পূৰ্বপুৰুষৰ দদগাং পতা আমি নিজে দেখিছিলোঁ। আমাৰ উজনিৰ ফালে মিচিংসকলে কেইবাপুৰুষলৈ দদগাং পতা নাছিল। এইদৰে মৃতকক সময়মতে দদগাং নপতাৰ কি কাৰণ থাকিব পাৰে ? আর্থিক দুর্বলতা নিশ্চয় হ’ব নোৱাৰে। তেতিয়াৰ সময়ত সকলোৰে শস্য-মৎস্য উভৈনদী আছিল। দদগাঙৰ বাবে প্রয়োজন হোৱা শাক-পাচলি, পাত, খৰি ওচৰৰে হাবি-বননিৰ পৰা সংগ্ৰহ কৰাৰ সুবিধা আছিল। তদুপৰি দদগাঙৰ আটাইতকৈ প্রয়োজনীয় গাহৰি নিজৰ ঘৰতে পুহি ডাঙৰ কৰি ল’ব পাৰিছিল। ইফালে সেইসময়ত দদগাং পাতিবলৈ আজিৰ দৰে ইমান ব্যয়বহুলো নাছিল। আজিকালি অৱশ্যে ডাঙৰকৈ দদগাং পাতিব পৰাটো পৰিয়ালৰ ‘গ্লেমাৰ’ হৈ পৰিছে। তেতিয়াৰ সময়ত গাঁৱত কোনো পৰিয়ালৰ সকাম- নিকাম হ’লে পৰস্পৰে পৰস্পৰক সহায়-সহযোগ আগবঢ়াইছিল। তেনেস্থলত মিচিংসকলে মৃতকৰ দদগাং সময়মতে নপতাকৈ কিয় ৰাখিব ? নিশ্চয় তেতিয়া মিচিং সমাজত দদগাং পতাৰ নিয়ম নাছিল। মোৰ ধাৰণা মিচিংসকলে পৰিয়ালৰ আপদ-বিপদৰ সময়ত গোসাইসকলৰ ওচৰত সকাম-নিকামৰ বাবে বিধান বিচাৰি মঙ্গল (পঞ্জীকা) আদি চাবলৈ দিওঁতে গোসাঁইসকলে পূর্বপুৰুষসকলৰ দহাকাজ পাতিছে নে, নাই ? বুলি সুধোতে পতা নাই বুলি কোৱাত, তেতিয়া হ'লে পৰিয়ালত দহাকাজ কৰিবলগীয়া আছে বুলি কোৱাৰ ফলশ্রুতিত মিচিংসকলে দহাকাজ কাৰ্য আৰম্ভ কৰিলে বুলি ক’ব বিচাৰোঁ। এই দহাকাজেই পৰৱৰ্তী সময়ত দদগাং হ’ব পাৰে। আনহাতে গোসাই প্রভুসকলে জানে যে-মিচিংসকলে আপং (মদ), মাংস, ভাত নোহোৱাকৈ কোনো পুজা-পাতল, সকাম-নিকাম কৰিব নোৱাৰে। গতিকে অন্যান্য পূজাত ব্যৱহাৰ কৰা আপং (মদ), মাংস, ভাত আদি দ্রব্যৰে দদগাং সকামো পাতিবলৈ পৰামর্শ দিব পাৰে। স্মৰণযোগ্য যে দদগাঙত যাৰ নামত (মৃতকৰ) দদগাং কৰা হয় তেওঁৰ নামত এটা দতাল গাহৰি বন্ধ কৰা হয়। যদি পাঁচগৰাকী মৃতকৰ নামত একেলগে দদগাং এখন আয়োজন কৰে পাঁচটা গাহৰি বধ কৰা হ’ব। তদুপৰি নিমন্ত্রিত অতিথিক আপ্যায়নৰ বাবে অতিৰিক্ত গাহৰি বধ কৰা হয়। এইদৰে মাছ, আপং (মদ), ভাত আদিৰ উপৰিও তোৰণ নির্মাণ, ভোজনালয়, অতিথিৰ জিৰণী চ’ৰা, বন্ধন গৃহ আদি নির্মাণ কৰিবলগীয়া হয়। এখন দদগাং সকামত ব্যয় হোৱা সাধাৰণ তালিকা এখন তলত দাঙি ধৰা হ’লঃ

      গাহৰিঃ দহ টা, মুলাঃ তিনি লাখ।

      মাছঃ দহ কুইন্টল, মূল্যঃ দুই লাখ

     ‌ শাক পাচলি, মূল্যঃ পঞ্চাশ হেজাৰ।

      তেল-মছলা, মূল্যঃ ত্রিশ হেজাৰ। 

   চাউলঃ ভাতৰ বাবে দহ কুইণ্টল,‌মূল্যঃ ত্রিশ হেজাৰ।

    আপঙৰ বাবে চাউল দহ কুইণ্টল, মূল্যঃ ত্রিশ হেজাৰ।

       খৰিঃ পঞ্চাশ হেজাৰ।

       ৰভা আৰু তোৰণঃ পঞ্চাশ হেজাৰ। 

       গোহাৰি/নিমন্ত্রনি পত্রঃ দহ হেজাৰ।

   পুজাৰীক দিব লগীয়া দক্ষিণা, সামগ্রীঃ ত্রিশ হেজাৰ।

    পোহৰ, বাচন বর্তন, শব্দযন্ত্র আদিৰ বাবদ পঞ্চাশ হেজাৰ।

     তামোল-পান, চুন, চাদা আদিৰ বাবদঃ চল্লিচ হেজাৰ।

        অন্যান্যঃ পঞ্চাশ হেজাৰ।

        সর্বমুঠঃ ন লাখ, বিশ হেজাৰ টকা।

     ইয়াৰ উপৰিও দদগাং পতা ব্যক্তিৰ (মৃতকৰ) পুত্র বা আত্মীয়ৰ মূৰৰ চুলি খুৰাই দিয়াৰ বাবদ নাপিতক বিভিন্ন সামগ্রী দান দিয়া হয়। এইদৰে দদগাং পাতিবলৈ পৰিয়ালৰ মাজত আলোচনা আৰম্ভ হোৱা দিনৰ পৰাই খৰচা আছে। দদগাং পাতিব লগীয়া পৰিয়ালে গাঁৱৰ ৰাইজক সকাম প্ৰস্তুতিৰ দুই-তিনি মাহৰ পূৰ্বে নিমন্ত্ৰণ কৰি দদগাং আয়োজনৰ কথা আনুষ্ঠানিকভাবে অৱগত কৰি ৰাইজৰ পৰা সহায়-সহযোগ বিচৰা হয়। তেতিয়াও ৰাইজক মদ-মাংস আৰু ভাত খোৱাবলগীয়া হয়। এইদৰে আপং (মদ) বনোৱাৰ দিনাও ভাত-মাংস, আপং আদি খোৱাব লাগিব। খৰি সংগ্ৰহৰ দিনা, পাত, শাক আদি যুগুতোৱাৰ দিনাও সমপৰিমানে মদ, মাংস খোৱাব লাগিব। দদগাং এখনৰ প্ৰাক্ প্রস্তুতিকালতে প্রায় এক লাখ টকাৰ ব্যয় হয়। তালিকাত উল্লেখিত সামগ্রীখিনি দদগাঙত লগাবই লাগিব আৰু ইয়াৰ কোনো এটা সামগ্রী বাদদিব পৰা নাযায়। অৱস্থা সম্পন্ন পৰিয়ালে ইয়াতকৈ দুগুন ব্যয় কৰি দদগাং পাতে।

     দদগাঙৰ এনে ব্যয়বহুলতাৰ বাবে বৰ্তমান সময়ত দদগাং সকাম আয়োজন সন্দর্ভত মিচিং জাতীয় সংগঠনসমূহৰ মঞ্চত আলোচনাৰ বিষয় হৈ পৰিছে। অপ্রিয় সত্য কথাটো হ’ল এখন গাঁৱত কোনো পৰিয়ালৰ ঘৰত দদগাং সকাম পাতিলে গাঁৱৰ অন্যান্য পৰিয়ালৰ সকলো সদস্য এই দদগাঙত উপস্থিত হোৱা দেখা যায়। ইয়াৰ ফলত উপস্থিতিৰ সংখ্যাটো বৃদ্ধি পায়। ধৰা হওঁক এখন গাঁৱত এশটা পৰিয়াল আছে, প্রতিটো পৰিয়ালত পাঁচ গৰাকী ব্যক্তি থাকিলে এখন গাঁৱৰ পৰাই পাঁচশ সদস্য উপস্থিত হ'ব। এইদৰে দদগাং সকাম আয়োজন কৰা গাঁৱৰ নিকটৱৰ্তী গাঁও আৰু আয়োজন কৰা পৰিয়ালৰ আত্মীয়স্বজন আগমন হয়। আৰু এটা দৃষ্টিকটু কার্য হ’ল দদগাঙত খোৱাখিনিয়ে খাই থাকে ফলত অপচয় বৃদ্ধি পায়। ইফালে সকামত অলপ লাগি ভাগি দিয়া ব্যক্তিসকলে তিনি-চাৰিবাৰ পৰ্যন্ত খাই। আনহাতে খাদ্য বিতৰণ কৰাসকলেও অভ্যাগতৰ খাব পৰা নোৱৰালৈ লক্ষ্য নকৰাকৈ ভাতৰ পাতত দিয়ে। প্রয়োজনীয় পৰিমানতকৈ অতিৰিক্ত সামগ্রী অব্যৱহৃতকাৰ্য পৰিহাৰ কৰিব পাৰে। সেইবাবে এই সকামৰ তাৎপর্য সন্দর্ভত যুক্তিপূর্ণভাৱে আলোচনা কৰি ইয়াৰ ব্যয় সংকুচিত কৰিব পৰা দিশ নির্ণয় কৰি উমৈহতীয়া বিধি প্ৰস্তুত কৰাৰ সময় আহি পৰিছে। এটা পৰিয়ালৰ পৰা মাত্ৰ এজন ব্যক্তি উপস্থিত হ'ব লাগে। মিচিং সমাজত দদগাং সকাম ইতিমধ্যে সম্পৃক্ত হৈ পৰাৰ পিছত ইয়াৰ বিৰোধ কৰা বা ত্যাগ কৰাৰ প্রশ্ন নাহে, ব্যয় সংকুচনৰ কথাহে ভবা হৈছে। বিশেষকৈ কম সংখ্যক মানুহৰ উপস্থিতিৰে সমাপন কৰাৰ ব্যৱস্থা কৰিবলৈ মিচিং জাতীয় সংগঠনে মতপোষণ কৰিছে। কিন্তু এই দিশত ৰাইজ অধিক সজাগ আৰু সচেতন হ’ব লাগিব। মৃতকক অন্তিম বাৰৰ বাবে পিণ্ড দিয়া মাংগলিক সকাম দদগাঙত কেৱল নিজৰ গিয়াতি-কুটুমক নিমন্ত্ৰণ কৰি পিণ্ড দিয়াৰ ব্যৱস্থা কৰিলে ব্যয় হ্রাস পাব। ইফালে কোনো লোকৰ ৰোগ-ব্যাধি হওঁতে ধনৰ অভাৱত উপযুক্ত চিকিৎসা কৰিব নোৱৰা পৰিয়ালটোৱে মানুহজন ঢুকোৱাৰ পিছত মাটি-বাৰী বিক্ৰী কৰি বা বন্ধকত ৰাখি দদগাং সকাম কৰিবলৈ লৈছে। ইয়াৰ ফলত মিচিং সমাজ আর্থিকভাবে দুর্বল হৈ পৰিছে। পৰিৱৰ্তিত পৰিস্থিতিত মিচিংসকলেও মিতব্যয় আৰু সঞ্চয়ৰ কথা শিকিব লাগিব। অন্যথা মিচিংসকলে ভৱিষ্যতে দদগাং পাতি দুখীয়া হোৱা জাতি হিচাপে চিহ্নিত হ’ব। উক্ত বিষয় সন্দর্ভত অভিজ্ঞ, চিন্তাশীল, বৌদ্ধিকমহলৰ পৰা পৰামৰ্শ, আলোচনা আৰু মুকলি বিতর্ক কামনা কৰা হ’ল।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages