জোনাকৰ চুম্বন
অৰ্চনা গীতা শইকীয়া
টক্ টক্ টক্ …. দুৱাৰখনত পৰা টোকৰটোৰ সৈতে নিতুৰ হাতত থকা আইনাখনো মজিয়াত পৰি থান-বান হৈ থাকিল। তাৰ অন্ঠ-কন্ঠ শুকাই গ’ল। কোন বা আহিল এই দূপৰীয়াখন! ঘৰততো কোনো নাছিল।
লৰা-লৰিকৈ বিচনাত ওলমি থকা গেঞ্জীটোৰেই ওঁঠদুটা টানি টানি মছি লৈ সি দুৱাৰখন খুলি দিলে।
- মা!
সন্মুখত মাকক দেখি সি যিমান থত্ মত্ খাব লাগিছিল, মাকে তাক দেখি তাতকৈ দহগুণে আচৰিত হ'ল।
-নিতু? তই এইবোৰ?
-কি মা?
উফ্...ৰক্ষা।
কোনোমতে তাৰ সম্বিৎ ঘূৰি আহিল। কিন্তু চকু দুটা মেলাৰ সাহস সি এতিয়াও কৰিব পৰা নাই। সকলো ইতিমধ্যেই শেষ হৈ গৈছে। এতিয়া বাৰু সন্মুখত সি মাকৰ সাদৰী মুখখন দেখা পাবনে!
কিন্তু এয়া কি! তাৰ বুকুতচোন এতিয়াও বায়েকৰ ৰঙা দোপাট্টাখনে দুলি আছে। তাৰ মানে!
লাহেকৈ সি উঠি বহিল। সন্মুখত মাক-বায়েক আৰু দেউতাক ৰৈ আছে। সকলোৰে চকুত অসহায়তাৰ সলনি মাথোঁ আকুলতা..। মুহুৰ্ততে তাৰ ওঁঠৰ ফাঁকেৰে মিচিককৈ হাঁহি এটাই এঙামুৰি দি গ'ল।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪
No comments:
Post a Comment