দিপাৱলী
ভূমিকা দাস
গুৱাহাটী-১৯
আহা আহা আমি পোহৰ আদৰো
আঁতৰাই অমানিশা চৌদিশ আলোকেৰে উজলাম
হদয়ৰ পঁজাঘৰত হেজাৰগচি বন্তি জ্বলাওঁ
চাৰিউফালে দিপাৱলীৰ পোহৰত
উজলি উঠিছে নিশাটি
চকুৱে দেখিলে কি
এই অমাবস্যাৰ নিশাটি তৰালিৰে সজা...!!
নহয় নহয
নিশাটি উজলি উঠিছে আধুনিকতাৰ চাকিৰে
যান্ত্ৰিকতাৰ ভিৰভাৰত ক’ত হেৰাই গ’ল সেই মাদকতা..!!
ফটকা, আতচবাজী, বিজুলিচাকিৰ
আৰ্তনাদে নিঃশেষ কৰিছে
মাটিৰ চাকিৰ জ্যোতি
হেৰাই গৈছে সাতামপুৰুষীয়া সম্প্ৰীতিৰ এনাজৰী..
এন্ধাৰ নাশি চৌদিশে পোহৰৰ আলোড়ন
তুমি কেতিয়া আহিবা হদয়ৰ পঁজা উজলাব…
অমানিশাৰ এন্ধাৰ আতৰাই এগচি বন্তি হৈ জলিব..!!!
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪
No comments:
Post a Comment