জোনাক
হেমাঙ্গ ঠাকুৰীয়া
চোতাল উপচি পৰা
শাৰদী জোনাকত
ডুব মাৰিবৰ মন গ’ল আজি।
তুমি কাষত থকা হ’লে ভাল আছিল।
জোনাকত গা-পাতি খেলিব পাৰিলোহেঁতেন
সাঁথৰ ভঙাৰ খেল।
জোনাকে লহৰ তোলা নিৰিবিলি ৰাতি
ছাঁ-পোহৰৰ পৰ্দাৰ আঁৰত
দেখিছো কেৱল
তোমাৰ মুখনিঃ জোন যেন জিলমিল,
চকুযুৰিঃ তৰা যেন তিৰবিৰ।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪
No comments:
Post a Comment