কল্পনাত উটি ভাঁহি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, October 31, 2024

কল্পনাত উটি ভাঁহি

 

কল্পনাত উটি ভাঁহি


                                      চিম্পী বৰা

                                          নগাঁও


সপোনবোৰ সঁচা হোৱাৰ আশা-আকাংক্ষাৰে 

বাট চাই ৰওঁতে যুগ যুগ পাৰ হৈ গ'ল। 

দুচকু মেলি সপোনবোৰৰ 

কল্পনা কৰোঁতে কৰোঁতে, 

কল্পনাত উটি ভাঁহি 

ইমূৰ-সিমূৰ বিচাৰি ফুৰোঁতে ফুৰোঁতে 

মই আজি ভাগৰুৱা।

জিৰাব নোখোজোঁ আৰু 

মই কঠিনতাৰে ভৰপূৰ শিলাময় 

হৃদয়ৰ ছাঁত। 

কাৰোবাৰ কাষে কাষে, 

হৃদয়ৰ আঁৰে আঁৰে, 

প্ৰেম নামৰ কোমল 

বতাহচাটিৰ শীতলতা বিচাৰি 

আজি জীৱনৰ সন্ধ্যা সময়ছোৱা পালেহি 

কল্পনাত উটি ভাঁহি ফুৰোঁতে ফুৰোঁতে।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages