মই কবিতা লিখিবলৈ নোৱাৰিম
পূৰৱী ফুকন
চূণপোৰা, শিৱসাগৰ
কবিতা এটা লিখিবলৈ হ’লে পঢ়িব লাগিব নেকি জোন, তৰা দেশৰ কিতাপ
জানিব লাগিব নেকি পৃথিৱীৰ মাটিকালিৰ কিমান ভাগ সেউজীয়া অথবা ৰঙা অথবা হালধীয়া আৰু নীলা
কবিতা এটা লিখিবলৈ হ’লে হʼবই লাগিব নেকি
বাৰুদৰ দৰে সাইলাখ এটা তেজী ঘোঁৰা
অথবা হ’বই লাগিব নেকি যুদ্ধংদেহি সহস্ৰ সৈনিকক বেত্ৰাঘাটৰ সংজ্ঞাৰে নেতৃত্ব দিব পৰা এজন খল নায়ক
কবিতা লিখিবলৈ হ’ব লাগিব নেকি আঙুলি বোৰ কহুঁৱাৰ দৰে ! অথবা সময় বুলিলে শৰতৰ সন্ধিয়া!
মাফ কৰিব তেন্তে মই নোৱাৰিম কবিতা লিখিবলৈ
মই তো এজন অতি সাধাৰণ নৰ
বছেৰেকত এদিন খেতি কৰোঁ
তাৰে এসাঁজ এদিন বিক্ৰী কৰোঁ
নহ'লে নচলে মোৰ পৰিয়াল
আকৌ বছেৰেকত এদিন দেহাটো জ্বলাওঁ
আৰু পিছৰ দিনালৈ মাটিৰ টেকেলি এটাত ভৰাই থওঁ
এইদৰে এদিন, দুদিন, তিনিদিন হুমুনিয়াত পাৰ হয়
পৰিয়ালটো বৰ মৰমৰ
সেয়েহে বছৰটোৰ বাকী কেইদিন সিহঁতক
মাটিৰ টেকেলিটো দেখুৱাই টোপনি যাবলৈ কওঁ
এনেকৈয়ে বছৰটোৰ বাৰদিনেই বাগৰি যায়
আকৌ আহে আৰু যায়
কবিতা লিখিবলৈ মোৰ ডাঙৰ কিতাপ পঢ়ায়ে নহয়
ডাঙৰ ভাষণ এটা ভৱা ও নহয়
আঙুলিবোৰ ৰ'দত শুকুৱাই বৰষুণত তিতে মানে ছাঁই হৈ পৰে। কি কৰোঁ কওঁক !
সামাজিক ভাৱে মোৰ একো অৰিহণা ও নাই যে মই কবিতা লিখিব পৰাকৈ চকী এখনত বহিম
অথবা চুৰি কৰি হ’লেও অলপ প্ৰলেপ লগাবলৈ মোৰ কোনো পূৰঠ ছবি এখনো নাই!
যি অকণমান গোলাপৰ জল সাঁচি ৰাখিছোঁ
সেইয়াও দিব নোৱাৰিম হয়
সেয়ে মই কবিতা লিখিবলৈ নোৱাৰিম
সেয়ে মই কবিতা লিখিবলৈ নোৱাৰিম।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪
No comments:
Post a Comment