সেই অস্ত্ৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, October 31, 2024

সেই অস্ত্ৰ

 

সেই অস্ত্ৰ

বাংলা কবিঃ আহচান হাবীব

অনুবাদঃ ড°  ইকবাল হোচেইন খান



সেই অস্ত্ৰ  আমাক উভতাই দিয়া

সভ্যতাৰ প্ৰতিশ্ৰতি 

সেই অমোঘ অনন্য অস্ত্ৰ 

আমাক উভতাই দিয়া।


সেই অস্ত্ৰ আমাক দিয়া

যি অস্ত্ৰ নিক্ষেপ কৰিলে 

পৃথিৱীৰ সমস্ত  অস্ত্ৰ ধ্বংস হ’ব

যি অস্ত্ৰ নিক্ষেপ কৰিলে 

বননি হ’ব আৰু অধিক সেউজীয়া

নদী আৰু কল্লোলিত 

যি অস্ত্ৰ নিক্ষেপ কৰিলে

কৃষি ভূমিত নজ্বলিব জুই 

অনাহাৰে নেথাকিব কোনো গৃহাশ্ৰম।


সেই অস্ত্ৰ আমাক উভতাই দিয়া

যি অস্ত্ৰ প্ৰসাৰিত হ’লে

নক্ষত্ৰ শোভিত আকাশৰ পৰা ছিটিকি নপৰিব জুই 

মানৱ বসতিৰ বুকুত 

আগ্নেয়গিৰিৰ লাভাত

শত -সহস্ৰজন নহ’ব কুৰূপ 

মানুহৰ চিন্তা-চেতনাত নেথাকিব আৰ্তনাদ

সেই অস্ত্ৰ যি অস্ত্ৰ উত্তোলন হ’লে

বাৰে বাৰে ধ্বংস নহ'ব ট্ৰয়নগৰী।


সেই অমোঘ অনন্য অস্ত্ৰৰ প্ৰত্যাশী মই

যি ঘৃণা বিদ্বেষ অহংকাৰ

আৰু জাত্যাভিমানক কৰে বাৰে বাৰে পৰাভূত।


যি অস্ত্ৰৰ আধিপত্যৰ লোভক কৰে নিশ্চিহ্ন

যি অস্ত্ৰই মানুহক নকৰে পৃথক 

কৰে সমাদৃত।


সেই অমোঘ অনন্য অস্ত্ৰ-প্ৰেম

পৃথিৱীক উৰ্ব্বৰ কৰা।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages