প্ৰতিৱেশী
মফিজুদ্দিন চৌধুৰী
নগাঁও
লোকৰ মূৰত কঠাল ভাঙি খোৱাটো মানুহৰ স্বভাৱেই। পকেটৰ পইচা খৰচ কৰিব কম আৰু সুবিধা লব বেছি। আনৰ ক্ষতি হয় হওক, কি আহে যায়।
মোৰ ঘৰৰ কাষেৰে যোৱা গলিৰ মানুহখিনিৰো একে অৱস্থা। তেওঁলোকৰ আপত্তি - মই মূল পথৰ পৰা আঠ ফুট গলি হৈ যোৱা চুকটোৰ বেৰখন অলপ ধেনুভিৰিয়া কৰি দিব লাগে যাতে সৰু গাড়ী এখন সহজে ওলোৱা-সোমোৱা কৰিব পাৰে। এনেও গাড়ী অহা-যোৱাত তেনে কোনো সমস্যা হোৱা নাই। তথাপি মই ৰাজি হৈ তৎক্ষণাৎ বেৰখন ধেনুভিৰীয়া কৰি দিলোঁ। সেই সমস্যা সিমানতে শেষ হ’ল।
যিদিনা মই পঁকী ওৱাল দিবলৈ ল’লোঁ সেইদিনা সমস্যাটোৱে নতুন ৰূপত আকৌ উক দি উঠিল। গলিৰ মানুহখিনিয়ে মোক আগুৰি-পিগুৰি ধৰি ওৱালখন আৰু এফুটমান মাটি এৰি দি বনাবলৈ অনুৰোধেই নহয়, একেবাৰে দাবী জনালে। ইতিমধ্যে মই জোখ-মাপ কৰি বীমৰ বাবে ৰ’ড ফিটিং কৰিলোঁৱেই।
মানুহখিনিৰ ধৰণটো দেখি মই তবধ মানিলোঁ। মোৰ মাটিডোখৰ তেনেই ঠেক।এফুট দূৰৰ কথা, আধাফুটমান এৰিবলৈ গলেও ঘৰ বনোৱাত সমস্যা হ’ব। এনে স্থলত তেওঁলোকৰ এই মনোভাৱ দেখি মই আচৰিত নহৈ নোৱাৰিলোঁ। বুজিবলৈ বাকী নাথাকিল যে পূৰ্বৰ প্ৰস্তাৱত সহজে ৰাজি হোৱা দেখি তেওঁলোকে আৰু অলপ সুবিধা আদায় কৰি ল’ব বিচাৰিছে। এজনে ক’লে, “গাড়ী এখন ওলোৱা-সোমোৱা কৰিবলৈ ৰাস্তাটো আৰু অকণমান বহল হলে ভাল হয়।” তেওঁলোকৰ গুৰিয়ালজনে আৰু এখোপ আগবাঢ়ি কলে, “আচলতে জুই নুমোৱা গাড়ী এখন সোমাব পৰা হব লাগে।” মই দাঁত-মুখ কামুৰি তেওঁলোকৰ কথাবোৰ হজম কৰিবলৈ চেষ্টা কৰিলোঁ।
মিস্ত্ৰীয়ে সুধিলে, “এতিয়া কি কৰিম চাৰ?” মই দৃঢ়তাৰে ক’লোঁ, “যি কৰিব লাগে কৰা হৈয়ে গ'ল। যিমানখিনি পাৰোঁ কৰিলোঁ। এতিয়া আৰু নোৱাৰি দেই! তোমালোকে মই কোৱা মতে কৰি থাকা।” মোৰ কথা শুনি লাহে লাহে চুচুক-চামাককৈ মানুহবোৰ আঁতৰি যাবলৈ ধৰিলে। বেয়া লাগিলেও উপায় নাই! স্বাৰ্থৰো এটা সীমা থকা উচিত।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪
No comments:
Post a Comment