আপোনালোকৰ সেউজীয়াবোৰ বিচাৰো - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, October 31, 2024

আপোনালোকৰ সেউজীয়াবোৰ বিচাৰো


 আপোনালোকৰ সেউজীয়াবোৰ বিচাৰো


কাংকান পেগু


আপোনালোকৰ সেউজীয়াবোৰ বিচাৰো

মোক মৰমেৰে আকোঁৱালি লোৱা

আপোনালোকৰ নিৰ্মল হাঁহিত

হেৰাই যাব বিচাৰো


আপোনালোকৰ স্পৰ্শত উজ্বল হৈ পৰিছে মোৰ ম্লান মুখ

এন্ধাৰে আৱৰা হৃদয়লে এমুঠি পোহৰ সোমাই আহিছে

হাঁহিৰে মই জগত জিনিব খোজো


সন্ধিয়া আকাশত  ঘৰমুৱা পখীজাকে শান্তিৰ বতৰা দিয়ে

মোৰ স্পৰ্শকাতৰ হৃদয়ত হাত বুলাই যোৱা


ফিনিক্স পখীৰ দৰে ধ্বংসৰ মাজতো জী উঠিব বিছাৰো

মোৰ সত্তা জাগি উঠক

নতুন ধ্যান ধাৰণাৰে


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages