সপোন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, October 31, 2024

সপোন

 

সপোন


                     নিপু কুমাৰ দাস  

                 কাজিপাৰা, নলবাৰী


আইৰ আশা দেউতাৰ সপোন 

দেউতা আইৰ জীৱন 


আইৰ হিয়াত আশাৰ সঞ্চাৰ 

দেউতাৰ সাধনা কৰ্মৰ 


আইৰ বুকুত লাজৰ মেঠনি 

দেউতাৰ কৰ্মত পেটৰ ভাত এমুঠি


আইৰ মুখত জীৱন সাধু 

দেউতাৰ হাতত ঈশ্বৰৰ সাঁথৰ


দেউতাই হ’লে আকাশ

আয়ে হব মাটি -


মাটিৰ উৰ্বৰতাত এমুঠি আশাৰ  

জোনাকী কাৰেঙৰ কবিতা 


সংস্কাৰৰ ক্ষেত্ৰত মানুহৰ অন্য ৰূপ 

কৰ্ম সংস্কৃতি জীৱন সূৰ্য্য  


আই আৰু দেউতাৰ সুখ দুখৰ

সপোন ভাজত আশাৰ ঘৰ - !!


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages