অইনিঃতমৰ দেশ
প্ৰবীণ কুমাৰ মিলি
খণ্ড-২
-কিনো এনেকৈ চাই আছে, খাই পেলাম যেন কৰি?-মিহি মিহিকৈ হাঁহি লগতে চিন্তাৰ অলীক জগতত বিচৰণ কৰি অজ্ঞাতে নিজেই মৰা হাতৰ আঙুলিৰ কোবত উখহি উঠা তাৰ তপিনাৰ স্পৰ্শকাতৰ জেগাত মালিচ কৰি কৰি কাম্পতিয়ে খোলোচাকৈ কোৱা কথাত মাৰকালিৰ নিজকে ভীষণ লাজ লগা যেন লাগিল। সি গহীন অথচ অতি নাৰ্ভাছ সুৰত ক’লে- নহয়, তোমাক বিশেষ একো বেয়া বা আৱেগিক ভাৱত চোৱা নাই। কিন্তু মিছা নকওঁ যে, তোমাৰ গাভৰু দিনৰ ৰমনীয় চেহেৰা এতিয়াও ম্লান পৰা নাই। কাম্পতিয়ে তপৰাই ক’লে- এইটো আকৌ কিনো বেয়া কথা হ’ল? মানুহে কয়- দেহা থাকিলেহে বেহা। ভালেই হৈছে, আৰু কিছু বছৰ জীয়াই থাকিম। আপুনিও জানো কম ধুৰন্ধৰ হৈ আছে। ঠিক যেন এতিয়াও উৰন্ত ডেকা। - কাম্পতিয়ে তেওঁৰ প্ৰিয় মানুহজনক হঠাত্ তাৎক্ষণিকভাৱে কটাক্ষ মিশ্ৰিত প্ৰসংশাৰে উপচাই পেলালে। মাৰকালিয়ে পুনৰ আৰু বেছি নিজকে লাজ লগা যেন অনুভৱ কৰিলে। তথাপি, সি লাহেকৈ কাম্পতিৰ হাতত ধৰি ক'লে- ব'লা আগৰ সেই আৱেগ-বিহ্বল দিনবোৰৰ দৰেই আজি নিশা চঃমানলৈ যাও। শুনিছানে কেনেকৈ ল'ৰাবোৰে বেসুৰীয়াকৈ ঢোলটোক বজাই আছে। শুনি মোৰ বৰ বেয়াকৈ মাথাত ধৰিছে অ’। নমাই দিয়া ঢোলটি, ঢোলত মেৰিয়াই দিয়া নতুন দুমেৰ। ল’ৰাকেইটাক অলপ ঢোলৰ চাপৰ কাক কয় বজাই শুনাই দিওঁ। কাম্পতিৰ সহজ কথা- নালাগে এই বয়সত সেইবোৰ কৰিব। ল’ৰাই যি কৰিছে কৰি থাকিব। -অৱশ্যে কাম্পতিয়ে পতি বাক্য কোনো দিন অৱজ্ঞা নকৰে। ইতিমধ্যে তাই, মকৰাই জালি গুঁঠি আৱৰ্জনা কৰি পেলোৱা, ইয়াৰ সমানে সমানে মেৰামৰ জুইৰ ধোঁৱাৰে ছাঁইবৰণীয়া হৈ পৰা ঢোলটোক ওলমাই ৰখা বেৰৰ পৰা তুলি আনি চাফ-চিকুন কৰি, নতুন দুমেৰ নুৰিয়ালেই। তাই আলফুলে মাৰকালিক ঢোলটি দি ক’লে- আপুনি যি কৰে কৰক। মই কিন্তু নাচিব নোৱাৰো। লাজ লাগে। ‘বুঢ়ীক চা’ বুলি কোনে কিবা গুজৱ উলিয়ায়। -মই কিন্তু আজি লাজ-মান কাটি কৰি থৈ হ'লেও ঢোল বজাম। -মাৰকালিয়ে ঢোলটো কান্ধত ওলমাই চোতাল পালেগৈ। সি আগচাঙৰ কঃবাঙৰ এটা খলপত এভৰি ৰাখি ঘৰৰ দুৱাৰফালে ঘূৰি চাই কাম্পতিক উদেশ্য কৰি কৈ গ'ল- মৰমৰ নাচনীজনী নাথাকিলে কিন্তু ঢোলৰ ছেও নপকে দেই!
গাঁৱৰ ডেকাবোৰে কালিৰ লৃগগদৰ বাবে সমগ্ৰ বয়-বস্তু যোগাৰ কৰিলেই। যেনে- পিঃৰ, ঙচান, দিনচান, তাকে, চৃংকৃগ, কামৰালি, ঙেদয়িন, নুধুনা কপাহ, আহু ধানৰ কঠিয়া, তাকু কুঃবাদৰ বাবে দুডাল চাঁচি লোৱা চুটিকৈ গোটা বাঁহৰমাৰি আৰু বাঁহফালি চেপেটাকৈ চাঁচি লোৱা নিৰ্দিষ্ট মাপৰ চাৰিডাল অতি সহজতে ধেনুভিৰীয়া কৰিব পৰা কোমল চেপেটা কাঠি, আনকি সময়ত হোৰা এটাকো পাবলৈ অসুবিধা হয় বুলি তাকো আগতীয়াকৈ যোগাৰ কৰি ৰাখিছে। কিন্তু,স্পষ্ট আৰু নিয়মীয়াকৈ বজাব পৰা ঢুলীয়াৰ অভাৱটোৱে তেওঁলোকক মহা বিপাঙত পেলাইছে। কি কৰা যায়? মাৰকালিয়েও কথাটো নজনা নহয়। সিফালে তেওঁলোকৰ কাষতে চেঙেলীয়া কিজনে ফুটু-নুফুটুকে, নতুন চামৰা লগোৱাই বনাই অনা আৰু টাইটকৈ বৰতি টনা ঢোলটোক গাৰ জোৰেৰে কোবাই আছে। কোনো তাল-মান নাই। সি তেওঁলোকৰ কাষ চাপি, নিজৰ কান্ধত ওলমাই নিয়া ঢোলত, মিহিকে চঁচা ঢোলৰ গোটা মাৰিটোৰে কোমলকৈ টোকৰ এটা মাৰি ক'লে- চাওঁ ল’ৰাহঁত, তহঁত ৰ, মই অলপ চেষ্টা কৰো। - মাৰকালিয়ে বাওঁহাতেৰে ঢোলৰ বাওপিনৰ চামৰাৰ বহল শিতানত ‘ঘু-উ-ক’ কৈ তলসিৰীয়া ৰেপ এটা দি চালে। মুহূৰ্তত বাবে ঢোলটো গুমগুমাই উঠিল। সি আৰু ৰৈ নাথাকি বিভিন্ন ছেও দি ঢোল বজাব ধৰিলে। নাতিদূৰত কেবাং পাতি থকা ডেকা ল'ৰাবোৰে কেবাং স্থলীৰ পৰা দৌৰি আহি ঢোলৰ ছেৱে ছেৱে হাতচাপৰিৰ লগে লগে তাল-ছন্দ মিলাই জোৰ জোৰকৈ উকিয়াব ধৰিলে। তেনেকৈ, এক দীঘলীয়া ছেওদি মাৰকালিয়ে সাময়িকভাৱে ঢোলৰ চাপৰ শেষ কৰাৰ লগে লগে- দাম্বুক টাইদে ঐনিঃতম এফাঁকি জুৰিবলৈ আৰম্ভ কৰিলে-
মিননাঃ দুঃনে মৃৰচৃদেম
তিঃয়েনেমপে মেঃতাগাগাই
নককে য়ৃ্ৰনাম কাঃলাঃমৃন
আতেৰই অইয়ে ন
ঙককেপ গৃয়েনেমপে মেঃতাগাই...
ঐনিঃতম জোৰা শেষ হোৱাৰ লগে লগে ঢোলৰ ছেওৰ ছন্দে ছন্দে পুনৰ ডেকা ল'ৰাবিলাকে হাতচাপৰি আৰু হৃদয়ভৰা চিঞৰেৰে গাঁওখনক অলক্ষিতে নৈসৰ্গিক আৰু কল্লোলময় কৰি তুলিলে।
মাৰকালিয়ে ঢোল বজাব, কাম্পতিয়ে ঘৰত বহি থাকিব তেনেকুৱা দুৰ্ভাগ্যজনক ঘটনা সিহঁতৰ মাজত কোনোদিন ঘটা নাই।- কাম্পতিয়ে ন-যৌৱনা গাভৰু ছোৱালীৰ দৰে উথপ্থপকৈ লেকে এগে, কেপচাং আৰু ডিঙিত তাদগ-মাদলি পিন্ধি সাঁজোন-কাচোন নাচোনমতী হৈ চঃমানৰ পিনে খৰদৰকৈ যাবলৈ ওলাই হঠাত্ ড্ৰেচিং আইনাত নিজৰ কিছু শোঁতোৰা পৰা সমগ্ৰ প্ৰতিবিম্বটো দেখি তাই নিৰৱে ভাৱে- মাৰকালিক ভাল পাওঁ বুলি মোৰ ভৰ যৌৱনত কম লটিঘটিখন হৈছিলনে ? ৬০-৭০ দশকত মিচিং সমাজত নাৰী শিক্ষা বৰ সুবিধাজনক নাছিল। কাম্পতিহঁতৰ ঘৰখন আওপকীয়াকৈ হ'লেও ককমম লিখিব পৰা শিক্ষিত ঘৰ আছিল। স্বাধীনতা আন্দোলনৰ সময়ত ‘কানি নিবাৰণ’ কাৰ্যসূচীবিলাকতো ককাই সক্ৰিয় সহযোগ কৰিছিল। তাৰপিছৰ, স্বাধীনোত্তৰ অসমৰ গাঁও এলেকাৰ বিভিন্ন উন্নয়নমূলক কামবিলাকতো নিজকে জড়িত থকাৰ কথা ককাই মোক কৈছিল। কৰ্মবীৰ বিমলাকান্ত দলেও আমাৰ ঘৰলৈ সঘনাই অহা-যোৱা কৰিছিল। মোক ককাই কৈছিল- তই পাৰ্বতী দলেৰ দৰেই মেট্ৰিক পাচ কৰিব লাগিব। -কিন্তু, ৬৪ৰ প্ৰৱল বানত আমাৰ গাঁৱৰ সকলোবোৰ প্ৰতিচ্ছবিয়েই ধুম্ৰায়িত হৈ গ’ল। মই পঢ়া-শুনা অতি তল খাপতে এৰিব লগীয়া হ’ল। ক্ৰমশঃ এদিন ময়ো গাভৰু হৈ উঠিলোঁ। মাৰকালিৰ ঢোলৰ ছেও আৰু মোৰ নাচৰ লয়লাস ভংগীয়ে অৱশেষত ক'ব নোৱাৰাকৈয়ে একেটা বেহেলাত বন্ধা তাঁৰডালৰ বিচ্ছুৰিত সুৰৰ দৰে দূৰ বিয়পি উৰিব খুজিলে। ঘৰত মন নবহা হ’ল। ঠিক আজিকালি তৰুলতা কুটুমে গোৱা গীতটোৰ দৰে- ‘কুকুৰা পোৱালি এৰি থৈ আহিলো, এৰি থৈ আহিলো তাঁত’ তেনেকুৱা যেনেই হ'ল। মোক মাৰকালিলৈ নিদিওঁ বুলি কম মহাভাৰতখন হ’লনে! - উহ! ক’ৰ পৰা ক’লৈ মনটো উৰি যায় !! - এৰি অহা দিনৰ কোমল ৰ’দ-কাঁচলি ভাঙি কঠোৰ বাস্তৱে চিকুটি দিয়াত কাম্পতিয়ে খকমককৈ সাৰ পোৱাৰ দৰে চাৰিওফালে দৃষ্টি নিক্ষেপ কৰিলে। ঠিক এতিক্ষণে লৰালৰিকৈ তাইৰ কাণৰ পৰ্দালৈ ভাঁহি আহিল- নাতিদূৰৰ চঃমানে এতিয়া লাহে লাহে ঢোল-তাল আৰু জাক জাক মানুহৰ হৃদয়ঢলা উকিৰ লগতে ঐনিঃতমৰ অনাক্ষৰী ঢৌত বেছিকৈ ডালিমপকা হৈ উঠিছে। এক কথাত, প্ৰিয়জনৰ ঢোলৰ বৰ্ণিল ছেওৱে গোটেই গাওঁখনতে এক নান্দনিক পৰিৱেশ ৰচনা কৰিছে। তাই এই পৰ্যন্ত চঃমানলৈ নোযোৱাত নিজকে অপৰাধী যেন ভাৱিলে। এয়ে, পলম নকৰি তাই গভীৰ তিমিৰৰ জালফালি চঃমানৰ দেশলৈ দৌৰি গ’ল।
আজি ৰাতি গাঁওখনৰ অনাকাংক্ষিত চঃমানত অদ্ভুত ধৰণে মানুহ গোট খাইছে। ক’বলৈ গ’লে বমজে পাঃতাগ গাঁৱত লাহে লাহেকৈ আলি আঃয়ে লৃগাঙৰ ফাগুনী ৰূপৰ কমনীয়তা হেৰাই যোৱাৰ নিচিনাই হৈছিল। কিন্তু, সাংস্কৃতিক আৰু জাতীয় আৱেশ থকা কেইজনমান যুৱকৰ ঐকান্তিক প্ৰচেষ্টাত যেনিবা লৃগাঙৰ প্ৰকৃত স্বৰূপ নতুনকৈ গা-কৰি উঠিলগৈ। আজি দুই-তিনি বছৰে বৰ ধুমধামেৰে আৰু পৰম নিয়ম-নীতিৰ মাজেদি যিমানবোৰ উপচাৰ দৰকাৰ হয় গোটেইবোৰ প্ৰয়োগ কৰি লৃগাঙৰ কৰ্ম সমাপন কৰে। কিন্তু লৃগাং চঃমানত ঢুলীয়া-তালিয়াৰ অভাৱেহে ল’ৰাহঁতক বৰ দিগদাৰ দি আহিছে। আজিৰাতি কিন্তু আচৰিত ভাৱে সেই আহুকলীয়া অভাৱ পুৰণ হ’ল। চঃমান জমিয়েই আছে। গাওঁখনত কিনো হৈছে বুলি ভাৱি, সন্দেহত চাব অহা - জংকি মৃজৃং, লংগী কাই, অম্ব কাঃকৃ, পেতৃৰ মাগ্ব, নাচেই মিনে, পুৱাৰী মিনে, ৰূপই নাঃঞি, কপুতি, কি:দুৰ, আনাৰ, ঐচেং, কুল্ব, বিষ্টুং, তাৰে, পুত্তাল, বাৰিগ, নগা, য়াবুৰ, দেঃনে লগতে নতুন বোৱাৰী, আদহীয়া মুনিহ-তিৰোতা কোনো বাদ নপৰিল গোটেইবোৰে চঃমানত পৰম ফূৰ্তিৰে বিভিন্ন প্ৰকাৰে সহযোগ কৰিলে। কোনোৱে নাচিছে, কোনোৱে অই নিঃতম জুৰিছে, কোনোৱে উকিয়াইছে, কোনোৱে হাতচাপৰি মাৰিছে। কোনোৱেই এবাৰকৈ হ’লেও মনৰ আকুলতা আৰু আহ্লাদত ডাঙৰ চিঞৰ এটা মাৰি থিয় জাঁপ মাৰিছে। মুঠতে, কোনো একচেকেণ্ডও এনেই থিয় হৈ নাথাকিল। কাম্পতি আৰু অনাহূত নাচনী দলৰ নাচোন আৰু দৰ্শকৰ হিয়া উজাৰি মৰা উকি-কিৰিলি লগতে মাৰকালিৰ বৰ্ণনাতীত ঢোলৰ চাপৰত গাওঁখন দোঁৰোল খাই পৰিল। এই মুহূৰ্তত আটাইকৈ ৰূঢ় প্ৰকৃতিৰ মানুহ বুলি নাম থকা জংকি দলেও মনৰ চঞ্চলতা দমাব নোৱাৰি বৃঃৰৃগ এফাঁকি জুৰিলে-
গৃনমুৰ পঃল আদাককুবং কাজে মিচিঙা
দাকতগ এচাৰ চাৰদাগকুবং কাজে মিচিঙা
কেঃদাং আপ্পুন পুনদুংকুবং কাজে মিচিঙা
চয়উ পেত্তাং কাবদুংকুবং কাজে মিচিঙা
কাজে কাজে কাজে কাজে মিচিঙা কাজে।
এই বৃঃৰৃগ ফাঁকিৰ অন্তত সকলোৱেই আৰু বেছিকৈ নাচি-বাগী স্ফূৰ্তি কৰিলে। এটি আচৰিত লগা কথা- নামচেই য়ামেঙে বুকুচাত বান্ধি অনা ছমহীয়া কেঁচুৱাটিও কিবা অৰ্থ পোৱাৰ দৰে চঃমানৰ গোটেই মুহূৰ্তত ঠুপুক ঠাপাক অবুজ হাঁহি-মাতেৰে আজিৰাতিৰ বিৰল দৃশ্য উপভোগ কৰিলে। এনেকৈ সমূহীয়া চঃমান আৰু কেঁচুৱাটিৰ ঐশ্বৰিক কাৰু-কাৰ্যও বেচ আমোদদায়ক হৈ পৰিছে। গতিকে, চঃমান নেৰাৰ নামেই যেন কোনেও নল’ব। মাৰকালি আৰু অতি শেহতীয়াকৈ শোৱাপাটী এৰি আহি ঢোলৰ ছেও ধৰাত সংগত কৰা য়েবুং পাংগিঙে পুনৰ এক দীঘলীয়া ছেও দিব ধৰিলে। এতিয়াও ৰাইজৰ একেই উদ্যম, একেই উল্লাস, একেই কিৰিলি, একেই হাতচাপৰি, একেই নাচ আৰু একেই ঐনিঃতমৰ সুৰৰ মূৰ্ছনা। কিন্তু, ৰাইজে অন্ত নেপেলাম যেন লগা চঃমানৰো অন্ত পেলাব লগা হ'ল। কাৰণ, অহা কালিলৈ, অৱশে ঘড়ীৰ কাটা অনুসৰি এতিয়া ৰাতি ১ বাজি পাৰ হ’ল, গতিকে আজি পুৱাৰে পৰা প্ৰতিঘৰে লৃগাঙৰ বিবিধ উপাদান প্ৰস্তুত কৰিব লাগে কাৰণে অগত্যা আজিৰাতিৰ চঃমান সামৰি ঘৰে ঘৰে গ'লগৈ। কিন্তু, ডেকা ল'ৰাকেইজনে সকলোকে আজি দিনৰ লৃগগদলৈ মতাৰ লগতে বিশেষভাৱে মাৰকালি তাঃত আৰু কাম্পতি য়াঃয়ক দঢ়াই দঢ়াই গুমৰাগত ঢোলৰ ছেও আৰু গুমৰাগ নৃত্যৰ গুৰি ধৰি দিবলৈ খাটনি ধৰিলে। -মাৰকালিয়ে গালৰ ঘাম আৰু ছিদ্ৰ ছিদ্ৰকৈ ফাটি, আঙুলিৰ কোঁহে কোঁহে নিগৰা তেজৰ সৰু সৰু কণিকাবোৰ, কাম্পতিয়ে পিন্ধা ৰিহাৰ আগটোত মচি মচি অতি গম্ভীৰ অথচ দীঘলকৈ উশাহ টানি অতি হৰ্ষবদনে ক'লে- বাৰু, চাওঁচোন, দঃঞি-পঃলই পুৱালৈ জীয়াই ৰাখিলে, নিশ্চয় মই এই গধুৰ দায়িত্ব পালন কৰিম...
শব্দাৰ্থঃ চঃমান- নৃত্য-গীতৰ এক সমূহীয়া স্ফূৰ্তি, দুমেৰ-গামোচা, লৃগগদ- বীজ সিঁচাৰ আৰম্ভণি, পিঃৰ- মেগেলা, কঃবাং-জখলা, ঙচান- শুকুৱা মাছ, দিনচান - শুকুৱা মঙহ, এগে- মেখেলা, কেপচাং- মেঠনি, য়ামেং- বোৱাৰী।
ক্ৰমশঃ…..
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪


No comments:
Post a Comment