সম্পাদকীয়, - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, November 1, 2024

সম্পাদকীয়,

 


ধ্ৰুপদী ভাষাঃ  এক অমূল্য ঐতিহ্যৰ সংৰক্ষণ 

“অসমীয়া আৰু জনজাতীয় ভাষাৰ কিছু প্ৰাসংগিক চিন্তা”


তপন লাল 


     সম্প্ৰতি অসমৰ এটি চৰ্চিত বিষয় হ’ল ধ্ৰুপদী ভাষা। সৌ সিদিনালৈকে কাৰো মুখত চৰ্চা লাভ নকৰা বিষয়টোৱেই আজি হঠাৎ হৈ পৰিল অসমৰ আটাইতকৈ চৰ্চিত বিষয়। অসম সাহিত্য সভাকে ধৰি অসমৰ মুখ্যমন্ত্ৰী, অসমৰ লেখক-সাহিত্যিক, অসমৰ সকলো জনজাতীয় ভাষা সাহিত্য সভাসমূহলৈকে চৰ্চা লাভ কৰিছে। এতিয়া প্ৰতি গৰাকী অসমীয়াৰ মুখত ধ্ৰুপদী ভাষা। চ’চিয়েল মিডিয়া ফেচবুক, হোৱাটচ এপ, সকলোতে ধ্ৰুপদী ভাষাৰ চৰ্চা। আচলতে ধ্ৰুপদী ভাষানো কি ? আহকচোন, আজি তাৰ বিষয়ে কিছু কথা জানোহঁক।

   ধ্ৰুপদী ভাষা হ’ল সাংস্কৃতিক ঐতিহ্যৰ শিলাস্তম্ভ। যি ভাষাই প্ৰাচীন সভ্যতাৰ ঐতিহাসিক, দাৰ্শনিক আৰু সাহিত্যিক পৰিৱেশৰ অপৰিসীম তাৎপৰ্য বহন কৰে। অৰ্থাৎ যি যুগ যুগ ধৰি মানৱ সভ্যতা, সাহিত্য, সংস্কৃতি আৰু ঐতিহ্যৰ চালিকা শক্তি হিচাপে কাম কৰি আহিছে সেইবোৰেই হৈছে ধ্ৰুপদী ভাষা। ধ্ৰুপদী ভাষাই কেৱল যোগাযোগৰ মাধ্যম হিচাপেই নহয়, অতীতৰ সমাজৰ চিন্তা, বিশ্বাস আৰু কলাত্মক প্ৰকাশৰ মাধ্যম হিচাপেও কাম কৰে।

    ২০২৪ বৰ্ষৰ ৩ অক্টোবৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় কেবিনেটে অসমীয়া ভাষাক “ধ্ৰুপদী ভাষা” হিচাপে স্বীকৃতি প্ৰদান কৰে। আমাৰ প্ৰাণৰ ভাষাটিক ঐতিহাসিক স্বীকৃতি প্ৰদান কৰাটো সঁচাকৈয়ে প্ৰতিগৰাকী অসমীয়াৰ বাবে এক গৌৰৱময় ক্ষণ ! 

   অসমীয়া ভাষাৰ লগতে মাৰাঠী, বাংলা, পালি, আৰু প্ৰাকৃত ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰে। ইয়াৰ পূৰ্বে ভাৰত চৰকাৰে ছটা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছিল। এইবোৰ আছিলঃ তামিল (২০০৪), সংস্কৃত (২০০৫), কানাড়া (২০০৮), তেলেগু (২০০৮), মালয়ালম (২০১৩), ওডিয়া (২০১৪) আদি। এতিয়া ভাৰতৰ মুঠ ধ্ৰুপদী ভাষাৰ সংখ্যা ১১ টা। একেটা বৰ্ষতে পাঁচোটা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাটো ভাৰত চৰকাৰৰ এক আদৰণীয় পদক্ষেপ।

   ভাৰত চৰকাৰে কোনো এটা ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰাৰ মূল উদ্দেশ্যটোৱেই হ’ল ভাৰতীয় ভাষাসমূহক সংৰক্ষণ কৰা। ভাষাসমূহ হেৰাই যোৱাৰ পূৰ্বেই মূল্যৱান ঐতিহ্য হিচাপে প্ৰচাৰ প্ৰসাৰত গুৰুত্ব প্ৰদান কৰি ভাষাটোক শক্তিশালী কৰা।

   ভাষা এটাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পাবলৈ হ’লে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰা কেইটামান চৰ্ত বা মাপকাঠী পূৰণ কৰিব লাগিব। সেইবোৰ হৈছেঃ

  ১) প্ৰাচীনত্বঃ ধ্রুপদী ভাষাৰ মর্যাদা পাবলৈ হ’লে ভাষাটোৰ প্ৰাৰম্ভিক লেখাসমূহৰ প্ৰাচীনত্ব বা প্ৰামাণিক ইতিহাস কমেও ১০০০-১৫০০ বছৰ পুৰণি হ’ব লাগিব।

   ২) প্ৰাচীন সাহিত্যঃ বিশাল প্ৰাচীন সাহিত্য আৰু গ্ৰন্থৰ প্ৰমাণ থাকিব লাগিব, যিটো ভাষাটোৰ প্ৰজন্মই বছৰ বছৰ ধৰি ঐতিহ্য হিচাপে গণ্য কৰি আহিছে।

   ৩) জ্ঞানসমৃদ্ধ পাঠ্যঃ পদ্য, শিলালিপি বা তাম্ৰলিপি আদিৰ প্ৰমাণ আৰু পদ্যৰ লগতে ঘাইকৈ গদ্যৰ জ্ঞানসমৃদ্ধ পাঠ্য থাকিব লাগিব।

  ৩) সাহিত্যৰ মৌলিকতাঃ ভাষাটোৰ এটা সুকীয়া আৰু মৌলিক সাহিত্য পৰম্পৰা থাকিব লাগিব আৰু আন ভাষাৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব লাগিব।

  ৪) সুকীয়া বিৱৰ্তনঃ ভাষাটোৰ প্ৰাচীন আৰু আধুনিক ৰূপৰ মাজত পাৰ্থক্য থাকিব পাৰে, বা ইয়াৰ মূল গঠনৰ পৰা সম্ভাৱ্য বিচ্ছিন্নতাৰ সৈতে নতুন ৰূপলৈ বিকশিত হ’ব পাৰে।

    ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভৰ কিছুমান সুবিধা যেনেঃ

  ভাষা এটাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ পিছত ভাষাটোৰ অধ্যয়ন আৰু সংৰক্ষণৰ প্ৰসাৰৰ লক্ষ্যৰে কেইবাটাও সুবিধা প্ৰদান কৰা হয়।  ইয়াৰ ভিতৰত আছেঃ

   ১) আন্তঃৰাষ্ট্ৰীয় বঁটাঃ ধ্ৰুপদী ভাৰতীয় ভাষাৰ প্ৰসিদ্ধ পণ্ডিতসকলক বছৰি দুটা ডাঙৰ আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়।

   ২) উৎকৃষ্টতাৰ কেন্দ্ৰঃ উন্নত গৱেষণাক সহায় কৰিবলৈ ধ্ৰুপদী ভাষাৰ অধ্যয়নৰ বাবে উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন কৰা হয়।

 ৩) পেছাদাৰী অধ্যক্ষঃ বিশ্ববিদ্যালয় অনুদান আয়োগক (UGC) অনুৰোধ কৰা হৈছে যে এই ধ্ৰুপদী ভাষাসমূহৰ অধ্যয়নত সহায় কৰিবলৈ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত পেছাদাৰী অধ্যক্ষ সৃষ্টি কৰক।

   

  নিযুক্তিৰ সুবিধাঃ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পালে ঘাইকৈ শৈক্ষিক আৰু গৱেষণা ক্ষেত্ৰত নিযুক্তিৰ সুবিধা প্ৰদান কৰা হয়। লগতে অভিলেখন, অনুবাদ, প্ৰকাশ আৰু ডিজিটেল মিডিয়াৰ লগত জড়িত লোকসকলেও এই ভাষাবোৰৰ প্ৰাচীন পাঠ্যৰ সংৰক্ষণ, নথিকৰণ আৰু ডিজিটাইজেচনত নিযুক্তিৰ সুবিধা লাভ কৰে।

    অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদানৰ পিছতেই বহুজনে ভাষাটোক লৈ যোগাত্মক আৰু ঋণাত্মক দুয়োটা দিশত সৰৱ চৰ্চা কৰা দেখা গৈছে। বহুজনে ক’ব বিচাৰে যে এতিয়া অসমীয়া ভাষাৰ সংকটক লৈ কোনো চিন্তাৰ কাৰণ নাই যিহেতু অসমীয়া ভাষাৰ ঐতিহ্য ২০০০ বছৰতকৈও পুৰণি। ইমান বছৰে অসমীয়া ভাষাই শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছে যেতিয়া ভৱিষ্যতেও শক্তিশালী হৈয়েই থাকিব।

   আচলতে ভাষা জীয়াই থাকে মানুহৰ বুকুত। ইয়াক আমি ভিন্ন মাধ্যমেৰে প্ৰচাৰ প্ৰসাৰ কৰিবই লাগিব। এলেহুৱা স্বভাৱ আৰু চৰ্চাৰ অভাৱতহে ভাষাৰ ধ্বংস হয়। কোনো এটা সংস্থাৰ স্বীকৃতি বা অন্য ভাষাৰ আগ্ৰাসনে ভাষা এটাক ধ্বংস কৰিব নোৱাৰে। হয়, ভাষা এটা জীয়াই ৰাখিবলৈ হ’লে চৰকাৰী স্বীকৃতিৰো প্ৰয়োজন আছে।

    UNESCO ৰ দৰে সংস্থাই পৃথিৱীৰ বুকুৰ পৰা বহু ভাষা বিলুপ্তিৰ পথত বুলি ঘোষণা কৰা কথাক লৈ এতিয়া কোনো চিন্তাৰ কাৰণ নাই ইত্যাদি। 

      আনহাতে কিছুমানে আকৌ ক’ব বিচাৰে অসমৰ জনগোষ্ঠীয় ভাষাৰ উত্থানে অসমীয়া ভাষাৰ বাধাৰ প্ৰাচীৰ হৈ থিয় দিব পাৰে। প্ৰসঙ্গক্ৰমে উল্লেখ কৰা উচিত হ’ব যে অসমৰ কোনো জনজাতিৰ লোকে অসমীয়া ভাষাক এলাগী কৰা নাই আৰু ভৱিষ্যতেও নকৰে। তেওঁলোকে অসমীয়া ভাষাক জীয়াই ৰখাৰ আপ্রাণ প্ৰচেষ্টা কৰাহে দেখা যায়। জনজাতি লোকসকল নিজা ভাষা, সংস্কৃতিক, ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত যিমান সচেতন সিমানেই প্ৰাণৰ অসমীয়া ভাষাক লৈও অধিক সচেতন।

  বহু জনগোষ্ঠীয় লেখকে নিজৰ জনগোষ্ঠীয় মাতৃভাষাত লেখা মেলা কৰাৰোপৰিও অসমীয়া ভাষাত বিভিন্ন কিতাপ-পত্ৰ, গৱেষণামূলক গ্ৰন্থ আদি লিখি অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে। তেনে অগণন জনগোষ্ঠীয় কবি-সাহিত্যকৰ অমূল্য অৱদানক আমি স্বীকাৰ কৰিবই লাগিব।

   জনগোষ্ঠীয় ভাষাসমূহৰ উত্থানৰ লগে লগে অসমীয়া ভাষাৰ সংকট আহিব বুলি ৰাজনৈতিক মহলত কেতিয়াবা ভুলভাৱে প্ৰচাৰ হোৱা দেখা যায়। আচলতে সেয়া সত্য নহয়। অসম ভূমিত বসবাস কৰা প্ৰতিজন অসমীয়াৰ বাবেই অসমীয়া ভাষা। অসমীয়া ভাষা প্ৰতিজন অসমীয়াৰ বাবে প্ৰাণ। 

   চিৰ চেনেহী মোৰ ভাষা জননীক কোনো অসমীয়াই এলাগী কৰিব নোৱাৰে। ইয়াত কোনো অন্য ভাষাৰ উত্থান-পতন, সংকট আদিৰ প্ৰসঙ্গ নাহে। 

   এই বাৰ্তাটো উল্লেখ নকৰিলে আধৰুৱা হ’ব যে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভৰ ক্ষেত্ৰত সেই সকলক কৃতিত্ব দিবই লাগিব সেইবোৰ হ’ল অসম সাহিত্য সভা, অসম চৰকাৰ, আছু, আনন্দৰাম বৰুৱা ইনষ্টিটিউট অৱ লেংগুৱেজ, আৰ্ট এণ্ড কালচাৰ, অসম (ABILAC)ৰ দৰে অসম চুক্তিৰ পৰা জন্ম লাভ কৰা সংগঠনসমূহৰ লগতে ন-পুৰণি সাহিত্যিকসকল।

   অসমীয়া ভাষাৰ ঐতিহাসিক শিলাস্তৰ হিচাপে চিহ্নিত হোৱা ২০২৪ বৰ্ষৰ ৩ অক্টোবৰ দিনটো প্ৰতিজন অসমীয়াৰ বাবে গৌৰৱময় ক্ষণ! ইয়াক অনন্ত কাললৈ চিহ্নিত কৰাৰ উদ্দেশ্যে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদানৰ সম্পূৰ্ণ এমাহৰ পিছত অসম চৰকাৰে আনুষ্ঠানিকভাৱে ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ সাপ্তাহিক “ভাষা গৌৰৱ সপ্তাহ” উদযাপন কৰাটো এক আদৰণীয় পদক্ষেপ।

   অসমীয়া ভাষাৰ উত্তৰণত সবল ভূমিকা গ্ৰহণ কৰা পণ্ডিত-বিদ্বানসকলক সন্মান জনাবলৈ পালন কৰা এই বিশেষ “ভাষা গৌৰৱ সপ্তাহ”টোত অসমীয়াৰ উপৰিও ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ নিজ নিজ ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত তৎপৰ হ’বলৈ সংশ্লিষ্ট জাতি, জনগোষ্ঠী, সংগঠনসমূহক “ভাষা গৌৰৱ সপ্তাহ”ৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা আহ্বান জানোৱা মহৎ উদ্দেশ্যই ইয়াক পুনৰ প্ৰমাণ কৰিলে যে এক বিংশ শতিকাত অসমীয়া ভাষা আৰু অসমৰ জনগোষ্ঠীয় ভাষাক লৈ অসমত কোনো দ্বিমত নাই।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages