মিচিং ভাষাক শিক্ষাৰ মাধ্যমলৈ উত্তৰণ, পূৰ্বৰ মিচিং ভাষা-বিষয় আৰু বিদ্যালয়ত প্ৰবৰ্তনৰ বাবে চৰকাৰী বিলম্বিত উদ্যোগঃ সাংগঠনিক স্মৃতি বিজড়িত এক আনুসংগিক চিন্তা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, November 1, 2024

মিচিং ভাষাক শিক্ষাৰ মাধ্যমলৈ উত্তৰণ, পূৰ্বৰ মিচিং ভাষা-বিষয় আৰু বিদ্যালয়ত প্ৰবৰ্তনৰ বাবে চৰকাৰী বিলম্বিত উদ্যোগঃ সাংগঠনিক স্মৃতি বিজড়িত এক আনুসংগিক চিন্তা



 মিচিং ভাষাক শিক্ষাৰ মাধ্যমলৈ উত্তৰণ, পূৰ্বৰ মিচিং ভাষা-বিষয় আৰু  বিদ্যালয়ত প্ৰবৰ্তনৰ বাবে চৰকাৰী বিলম্বিত উদ্যোগঃ সাংগঠনিক স্মৃতি বিজড়িত এক আনুসংগিক চিন্তা


হৰেন্দ্ৰনাথ দলে

    

      মিচিং ভাষাৰ স্বীকৃতি দিৱস সমাগত। চলিত মাহৰ  ৩০ অক্টোবৰ/২০২৪ তাৰিখে মিচিং ভাষাৰ স্বীকৃতি দিৱসক স্বকীয় মৰ্যাদাৰে Mising Agom Longé ৰূপে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহি:ৰাজ্য বাঙ্গালুৰুটো বাছকবনীয়া কাৰ্যসূচীৰে উদযাপনৰ বাবে ব্যাপক আয়োজন চলি আছে। এই ক্ষেত্ৰত মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয় সমিতি আৰু বাংকে আগম কৗবাং সমূহে উদ্যোগ লোৱা বুলি জানিব পৰা গৈছে। এয়া আমাৰ সকলোৰে বাবে আশা আৰু আনন্দৰ বতৰা।  এইবছৰ মিচিং আগম কৗবাঙে অধিক জীপাল  উৎসাহ-উদ্দীপনাৰে Mising Agom Longé উদযাপন কৰিব পাৰিব লাগে। কিয়নো চলিত ২০২৪ বৰ্ষত অসম চৰকাৰে শিক্ষা বিভাগৰ অধিসূচনা নং E-229301 dtd  7.3.24 যোগেদি বুনিয়াদী পৰ্যায়ত ( Foundation stage ) অসমৰ অন্যান্য থলুৱাভাষা যেনে ৰাভা, কাৰ্বি, তিৱা, ডিমাছা আৰু দেউৰী ভাষাৰ লগতে  মিচিং ভাষাকো শিক্ষাৰ মাধ্যমৰূপে স্বীকৃতি প্ৰদান কৰিছে। 

      চৰকাৰৰ এই সিদ্ধান্ত তৎকালিনভাৱে বলবৎ কৰা হব বুলিও অধিসূচনাখনত স্পষ্টভাৱে উল্লেখ কৰি চৰকাৰৰ উৰ্দ্ধতন কৰ্তৃপক্ষই শিক্ষাবিভাগৰ লগত জৰিত সংশ্লিষ্ট  সকলো বিষয়ালৈ  প্ৰতিলিপি প্ৰেৰণ কৰিছিলে। কিন্ত্ত অধিসূচনা জাৰি কৰা প্ৰায় ৮ (আঠ) মাহ উকলিবৰ হ'ল; কিন্ত্ত এতিয়ালৈকে মিচিং ভাষাৰ মাধ্যম প্ৰবৰ্তনৰ ক্ষেত্ৰত চৰকাৰীপক্ষৰ কোনোধৰণৰ  সাৰ-সুৰ নাই। তদুপৰি চৰকাৰে ধাৰাবাহিকভাৱে লৈ থকা বিহিত ব্যৱস্থাৱলীও মিচিং ৰাইজৰ চকুত পৰা নাই । আনকি অধিসূচনাত উল্লেখ কৰা বুনিয়াদী পৰ্যায়ৰ মাধ্যম সম্পৰ্কেও স্পষ্ট আভাস পাব পৰাকৈ চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা মিচিং  মাধ্যম  সম্বলিত কোনোধৰণৰ ৰূপ-ৰেখা অথবা মিচিং  মাধ্যম প্ৰবৰ্তনৰ বাবে প্ৰস্ত্তত কৰা নিয়মাৱলী এতিয়াও ৰাজহুৱাভাৱে জানিব পৰা হোৱা নাই। মিচিং আগম কৗবাঙেও এই বিষয়ে একোৱেই ৰাজহুৱাভাৱে প্ৰকাশ কৰা নাই। মিচিং ভাষাৰ মাধ্যম প্ৰবৰ্তনৰ ক্ষেত্ৰত কিবা জটিলতা আহি পৰা বুলিয়েই আমি ধাৰণা কৰিব পাৰো। আমাৰ কাৰ্যকাল বিলাকত এনে জটিলতা আহি পৰিলে আমি মিচিং আগম কৗবাঙৰ সমূহ নেতৃ-বৃন্দৰ উপৰিও জাতীয় অভিবৰ্তন পাতি সৰ্ব-সাধাৰণ মিচিং ৰাইজকো মুকলিভাৱে অৱগত কৰিছিলো। 

    নতুন শিক্ষা-নীতি-২০২০/ NEP-2020-ৰ অধীনত আছুতীয়াকৈ ভাষা-বিষয়  ( Subject Language ) বিদ্যালয়ত প্ৰবৰ্তন কৰা আৰু তাৰ বাবে শিক্ষকৰ পদ সৃষ্টি কৰি চৰকাৰীভাৱে নিযুক্তি দিয়াৰ কোনো বিধি-ব্যৱস্থা নথকাৰ কথা শিক্ষা বিভাগৰ যোগেদি জানিব পাৰিছো। ফলত  পূৰ্ব্বৰ চৰকাৰী অধিসূচনা সমূহৰ লগত সমন্বয় সাধন কৰি বৰ্তমানৰ মিচিং ভাষাৰ মাধ্যম সম্পৰ্কীয় শেহতীয়া অধিসূচনাখন জাৰি কৰা হোৱা নাই যেন ধাৰণা হয়। এইখিনিতে উল্লেখ্য যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমোলত অসম চৰকাৰে জাৰি কৰা চৰকাৰী অধিসূচনাখন আছিল No.EDG.138/84/Pt-I/94 dtd 30th Oct/85. চৰকাৰী অধিসূচনাখনত উল্লেখ কৰা মূল বিষয় আছিল INTRODUCTION OF MISING LANGUAGE IN L.P. SCHOOLS. তেনেপৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ সেই সময়ৰ সিদ্ধান্ত  আছিল  The Govt. have decided to introduce the Mising Language with Mising script ( Modified Roman script ) as a language in classes III & IV of L.P. School for 3 (three) years as preparatory stage and after successful completion of the preparatory stage, it may be introduced as medium of instruction at primary level.

       কংগ্ৰেছ চৰকাৰৰ আমোলৰ এই অধিসূচনাখনৰ সিদ্ধান্ত অনুসৰি মিচিং ভাষা প্ৰাথমিক বিদ্যালয়ত প্ৰবৰ্তনৰ বাবে আলোচনাৰ প্ৰক্ৰিয়া জাৰি ৰখাৰ সময়ত অসম ৰাজনৈতিক পট পৰিবৰ্তন ঘটি অসমৰ আঞ্চলিক দল অগপ ক্ষমতালৈ আহে। নতুন চৰকাৰেও মিচিং ভাষা প্ৰাথমিক বিদ্যালয়ত প্ৰবৰ্তনৰ বিষয়টো পুনৰ নিৰীক্ষণৰ দোহাই দি বহুদিন গাপ দি ৰাখে। পৰৱৰ্তী সময়ত আগম মিমাগ কৗবাং ( ভাষা সংগ্ৰাম সমিতি ) গঠন কৰি আন্দোলনৰ কাৰ্যসূচী লব লগা হয়। এই আলোচ্য বিষয়টোৰ যথাৰ্থতা উপলব্ধি কৰিব পৰাকৈ The Sentinel কাকতৰ ষ্টাফ ৰিপোৰ্টাৰে খৰচি মাৰি লিখা এটি টোকা তলত উপস্থাপন কৰা হ'ল। 

Mising Kebang to launch stir

By a Staff Reporter

Guwahati, June 28 : A joint meeting of the Mising Agom Kebang (Mising Sahitya Sabha), Mising Bane Kebang ( Sanmilan ) and the Takam Mising Porin Kebang (All Mising students Union ) will be held tomorrow at Gogamukh near North Lakhimpur to decide on the date of launching a mass movement in protest against the State Government's failure to introduce Mising Language in classes III & IV in L.P. Schools.

       Addressing a Press Conference  at the Tribal Rest House, Mr. Indreswar Pegu, President of the Mising Bane Kebang, and Mr. Lakshminath Panging, Chief Convenor of the Agom Mimag Kebang said that the Director of Elementry Education had, by a notification dated October 30, 1985 issued instruction to take necessary steps for implementing the Mising Language as Subject Language in classes III  & IV in L.P. schools.

    They said that 765 schools from 13 Subdivisions of the Missing inhabited area of the State were selected, and the Department of Education was asked to allocate funds for the implementation of the language through Memo No.ELM/28/85-26 dtd February 2, 1986.

    The Mising Leaders said that they met the Edication Minister on April 11, this year and asked for a clear-cut decision on the issue.

   তদানীন্তন অগপ চৰকাৰৰ  শিক্ষা বিভাগৰ অনীহাসূচক মনোভাৱ প্ৰতিফলিত এখন আনুষ্ঠানিক পত্ৰ নং EPG-170/86/20 dtd 11.4.86-ৰ কিয়দংশ ইয়াত  তুলি দিয়া হ'ল-".. The Govt. wishes to develop the Mising Language. No question is arising out not to introduce the Mising Language in classes III & IV in L.P. schools, but time will take to examine the fund position for implementation. Moreover, the Govt. want to know the position of Mising pupils after three year." 

     চৰকাৰৰ মনোভাৱ বুজি পোৱাৰ পিছত আগম মিমাগ কৗবাঙৰ উদ্যোগত উত্তৰ পাৰে জুনাইৰ পৰা বু্ৰৈ-ভৰলীলৈকে আৰু দক্ষিণ পাৰে বোকাখাটৰ পৰা    শদিয়ালৈকে গণ আন্দোলনমুখী গণ সমাবেশ সূচনা কৰি অসম চৰকাৰৰ দৃষ্টিগোছৰ কৰা হয়। এনে গণ আন্দোলনমুখী কাৰ্যসূচীৰ লগত আন্ত:সংযোগ ৰাখি মিচিং আগম কৗবাঙৰ বিশেষ অধিবেশন যোৰহাট জিলা পুথিভঁৰাল প্ৰাঙ্গনত অনুষ্ঠিত কৰি যোৰহাট নগৰৰ মাজ মজিয়াত বিশাল সাংস্কৃতিক শুভাযাত্ৰা উলিওৱা হয়। মিচিং আগম কৗবাঙৰ এনে জন জাগৰণমূলক ধাৰাবাহিক কাৰ্যসূচী তীব্ৰতৰ ৰূপ লবলৈ আৰম্ভ কৰাত গণ আন্দোলনৰ আশংকা কৰি তদানীন্তন শিক্ষামন্ত্ৰী মাননীয়  বৃন্দাবন গোস্বামীদেৱে আনুষ্ঠানিক আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰি সুদূৰ গুৱাহাটীৰ পৰা যোৰহাটৰ আবৰ্ত-ভৱনলৈ, তেখেতৰ সতীৰ্থ তদানীন্তন ৰাজহ মন্ত্ৰী থানেশ্বৰ বড়ো সমন্বিতে শিক্ষা বিভাগৰ আন আন বিষয়া বৰ্গৰ লগত দৌৰি আহিল।  আমি আশা কৰা ধৰণেই মাননীয় শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীদেৱৰ লগত ২৫/০৭/১৯৮৬ তাৰিখে এখনি অতি গুৰুত্বপূৰ্ণ আলোচনা যোৰহাট আৱৰ্ত-ভৱনত অনুষ্ঠিত হয়। সেইদিনাৰ আলোচনাত সৰ্ব-সন্মতিক্ৰমে গ্ৰহণ কৰা সিদ্ধান্ত সমূহ অবিকলৰূপত আপোনাসকলৰ জ্ঞাতাৰ্থে তুলি ধৰা হ'ল।

    The decision of discussion /meeting held with the Minister of Education and the Mising Agom Kebang, Mising Bane Kebang, and the Takam Mising Kebang on 25.7.86 at Circuit House Jorhat.

   Members ( Official ):

1. Shri Brindaban Goswami Minister of Education

2. Shri Thaneswar Boro Revenue Minister

Members ( Non-officials):

1. Shri Diram Kumbang, President MAK

2. Shri Lakshminath Panging, Vice-President, MAK

3. Shri Sibaram Pegu, G.S. MAK

4. Shri Indreswar Pegu, President Mising Bane Kebang

5. Shri Paramananda Chayengia, G.S. TMPK

6. Shri Harendra Nath Doley, Jt. Secy, MAK

7. Shri Tarason Pegu, Member MAK

8. Shri Niron Pegu Member MAK

 

    1) Mising Language would be implemented as a subject language in classes III & IV from August/86. 

   2) The Govt. shall purchase textbooks published by the Mising Agom Kebang to meet the immediate needs.

    3) The Govt. would initiate for appointment of teachers within 15th August/86.

     4) The Govt. would take immediate steps to issue advertisements for the recruitment of 100 stipendary teachers for 100 L.P. Schools.

   5) An orientation course of training would be initiated by the Govt. after the recruitment of teachers within August/86.

    6) Posang Otsur-I ( Mising Primer ) and Poman Moman ( Nursery Rhymes ) would be introduced as textbooks.

    7) Mising Language will be introduced in 13 subdivisions from the academic session of 1986. List and name of schools would be prepared by the Mising Agom Kebang.

     8) Mising Language would be introduced in classes III & IV for 3 ( three ) years. After completion of 3 ( three ) years, Mising Language would be switched over to as medium of instruction in L.P. School.  The Assamese would be taught as a subject language in classes III & IV. From the M.E. School level onwards Assamese will be the medium of instruction and Mising would be introduced as subject language.

   Sd/-

( Brindaban Goswami ),

Minister of Education.

        অগপ আমোলৰ তদানীন্তন  শিক্ষামন্ত্ৰী মাননীয় বৃন্দাবন গোস্বামীৰ লগত আলোচনা কৰি মিচিং ভাষা প্ৰাথমিক  বিদ্যালয়ৰ ৩য় আৰু ৪ৰ্থ শ্ৰেণীত প্ৰবৰ্তনৰ বাবে সম্পাদন কৰা পদ্ধতিগত ৰূপ-ৰেখাৰ বিষয়েও সদাশয় ৰাইজক পুনৰ অৱগত কৰা হ'ল। এই আলোচনাৰ ভিত্তিত বিগত ১৯৮৬ চনৰ ২০ আগষ্ট তাৰিখে মিচিং ভাষা প্ৰাথমিক বিদ্যালয়ৰ ৩য় আৰু ৪ৰ্থ শ্ৰেণীত ভাষা-বিষয় ( subject language)ৰূপে প্ৰবৰ্তন কৰাৰ বাবে চৰকাৰৰ তৰফৰ পৰা অধিসূচনা জাৰি কৰে। চৰকাৰীভাৱে জাৰি কৰা মূল অধিসূচনাখনৰ অবিকল প্ৰতিলিপি সুধী সমাজ আৰু মিচিং ৰাইজৰ জ্ঞাতাৰ্থে তলত তুলি ধৰা হ'ল।

GOVERNMENT OF ASSAM, Education ( Development ) Department Orders by the Governor Of Assam Notification

Dated the 20th August, 1986

No. EPG 170/86/30:- The Governor of Assam is pleased to introduce the Mising Language as Subject to be taught in class III & IV in the Schools where there is cent percent Mising Students. Intially this will be for a period of 3( three ) years.  Assamese Language will however continue as medium of instruction in these Schools. After completion of 3 ( three ) years Mising Language will be used as medium of instruction in L.P. Schools and Assamese Language will be taught as subject language in class III & IV. In M.E.School level onwards. Assamese will be the medium of instruction and Mising will be introduced as subject language.

   Sd/-

( B.Bhattacharjyya )

Secretary to the Govt. of Assam, Education Department.

Memo No.EPG.170/86/30-A dtd Dispur the 20th August, 1986: Copy to :-

1.P.P.S to the Chief Minister, Assam

2.P.S. to the Education Ministet, Assa 

3 P.S. to Minister of State, Eduucation, Assam

4.The Joint Secretary Politocal Department, Assam, Dispur.

5.The Director of Elementary EducationAssam, Kahilipara Guwahati-19. He is reqiested to take all necessary steps for implementation of the Language.

6.The Chairman, Board of Secondary Education Assam, Bamunimaidan, Giwahatii-21.

7.The Superintendent, Assam Govt. Press, Bamunimaidan, Guwahati-21 with a request to publish the notification in the next issue of the Assam Gazette.

8.The Managing Director, Assam State Text Book Production & Publication Corporation Ltd. Panbazar, Guwahati-1


By order etc.

Sd/-

(B.BHATTACHARJJYA)

Secretary to the Govt. of Assam, Education Department.

চৰকাৰী অধিসূচনা অনুসৰি তদানীন্তন  অসম চৰকাৰে মাননীয় শিক্ষামন্ত্ৰী শ্ৰীযুত বৃন্দাবন গোস্বামীদেৱে  ২৭/৮/১৯৮৬ তাৰিখে মিচিং অধ্যুষিত জোনাই মহকুমাৰ অন্তৰ্গত টাৰি বিজয় পুৰ গাওঁৰ প্ৰাথমিক বিদ্যালয়ত সোঁশৰীৰে উপস্থিত থাকি মিচিং ভাষাৰ  আনুষ্ঠানিক পাঠদানৰ শুভাৰম্ভনি বিপুল   ৰাজহুৱা হৰ্ষধ্বনিৰ মাজত প্ৰত্যয়দীপ্ত কণ্ঠেৰে  ঘোষণা কৰে। সেইদিনাৰ সভাত বিশিষ্ট সমাজ সেৱক গোমেশ্বৰ পেগুদেৱেও বক্তব্য ৰাখে। অসমৰ চৰকাৰৰ বচন বদ্ধতাক আদৰনি জনাই মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয় সমিতিৰ হৈ বক্তব্য ৰাখে তদানীন্তন সভাপতি ডিৰাম কুম্বাং আৰু সাধাৰণ সম্পাদক শিৱৰাম পেগুদেৱে। সেইদিনা শিক্ষামন্ত্ৰী মহোদয়ক মিবু/ লুগৰ-গালুগ পৰিধান কৰাই  ৰিগবি গাওঁৰ সাংস্কৃতিক দলে ঢোলে-দগৰে স্থানীয় ৰাইজৰ সহযোগত  টাৰি বিজয়পুৰ প্ৰাথমিক বিদ্যালয়লৈ আদৰি আনে। মিচিং ভাষাৰ শুভাৰম্ভনি পাঠদান অনুষ্ঠিত ৰাজহুৱা সভাত সভাপতিত্ব কৰে উত্তৰ লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তদানীন্তন অধ্যক্ষ পৰম শ্ৰদ্ধেয় জগত গগৈদেৱে। পাঠদানৰ বাবে চৰকাৰে অনুমোদন জনোৱা পাঠ্যপুথি দুখন আছিল মাননীয় ৰত্নেশ্বৰ পেৰমে লিখা POSANG OTSUR LÉKOR- I আৰু টাবুৰাম টাইদ চাৰে লিখা POMAN MOMAN খন। জোনাইৰ অনুষ্ঠানত পাঠনৰ শুভাৰম্ভনি কৰে পৱিত্ৰ কুমাৰ পেগুৱে। কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত তদানীন্তন শিক্ষামন্ত্ৰী মহোদয়েও পাঠ্য-পুথি বিতৰণ কৰে। 

 সেই একেদিনাই চিলাপথাৰ কুলাজান প্ৰাথমিক বিদ্যালয়টো মিচিং ভাষাৰ আনুষ্ঠানিক পাঠদানৰ শুভাৰম্ভনি কৰা হয়। তদানীন্তন ৰাজহ মন্ত্ৰী থানেশ্বৰ বড়ো আৰু ৰাজ্যিক শিক্ষামন্ত্ৰী দেৱে পূৰ্বোক্ত পাঠ্যপুথি দুখন আনুষ্ঠানিকভাৱে উন্মোচন কৰি পাঠদানৰ শুভাৰম্ভনি কৰা হয়। সেইদিনা মিচিং ভাষাৰ পাঠদানৰ শুভাৰম্ভনি কৰে মাননীয় বিভীষণ পেগু আৰু হৰেন্দ্ৰনাথ দলেয়ে ( এই অভাজনে)। অতিথিৰূপে উপস্থিত থাকে তদানীন্তন ধেমাজী সমষ্টিৰ মাননীয় বিধায়ক দিলীপ শইকীয়া আৰু লখিমপুৰ মহাবিদ্যালয়ৰ তদানীন্তন  অধ্যক্ষ মাননীয় হৰেন্দ্ৰনাথ দেৱগোস্বামীদেৱে। মিচিং আগম কৗবাঙৰ তদানীন্তন উপ- সভাপতি  মাননীয় লক্ষ্মী নাথ পাংগিংদেৱে সেইদিনাৰ সভা সুচাৰূপে পৰিচালনা কৰে। সেইদিনাৰ সভাত মিচিং বা:নৗ কৗবাঙৰ সভাপতি মাননীয় ইন্দ্ৰেশ্বৰ পেগুদেৱেও বক্তব্যৰাখে।

   উপসংহাৰ:- মিচিং ভাষাৰ মাধ্যমৰ সংজ্ঞাতো মিচিং আগম কৗবাঙে চৰকাৰৰ লগত আলোচনা কৰি সঠিকভাৱে নিৰ্ধাৰণ কৰি লব লাগে।  মিচিং ভাষা বিষয়ৰ পাঠদান আৰু শিক্ষক নিযুক্তি  বন্ধ হোৱাৰ প্ৰসংগতো চৰকাৰৰ লগত আলোচনাৰ প্ৰয়োজন আছিল। যিহেতু ২৩০ খন প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ বাবে নিযুক্তিপ্ৰাপ্তমিচিং ভাষাৰ শিক্ষকৰ দ্বাৰা পাঠদান চলি আছিল। কিন্ত্ত বৰ্তমানৰ চৰকাৰে চলিতবৰ্ষৰ  মাৰ্চ মাহত  মিচিং ভাষাৰ  মাধ্যম ঘোষণাৰ লগে লগে পূৰ্বৰ সকলো বিভাগীয় আনুষ্ঠানিক অধিসূচনা চৰকাৰে একপক্ষীয়ভাৱে বাতিল কৰা যেন  আমাৰ ধাৰণা হৈছে। মিচিং ভাষা মাধ্যমলৈ উন্নীত হলে মিচিং ভাষাৰ বাবে শিক্ষক নিযুক্তি দিয়া হ'বনে নাই এই বিষয়েও জানিব পৰা হোৱা নাই। কেৱলএটা বিষয় পাঠদানৰ বাবেও পূৰ্বে শিক্ষক নিযুক্তিৰ ব্যৱস্থা আছিল; তাৰ বিপৰীতে মাধ্যম পৰ্যায়ত শিক্ষক নিযুক্তিৰ ব্যৱস্থাপনা নাথাকিলে অনাহূত জটিল সমস্যা উদ্ভৱ হ'ব। মিচিং ভাষা  মাধ্যমলৈ উন্নীত হোৱাৰ পিছত পূৰ্বতকৈ বিদ্যালয়ৰ সংখ্যা কমি যোৱাটোও মিচিং ৰাইজৰ বাবে এক চিন্তনীয় বিষয়। সেয়েহে এই সকলো দিশ গভীৰ ভাৱে নিৰীক্ষণ কৰি মিচিং আগম কৗবাঙৰ তৰফৰ পৰা এই জটিল সন্ধিক্ষণত এক সুচিন্তিত ভূমিকা পালন কৰিব বুলি আমি আন্তৰিকতাৰে কামনা কৰিলো।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages