দিশ-দৰ্শন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 1, 2024

দিশ-দৰ্শন


 দিশ-দৰ্শন


                  বাংলা কবিঃ তাচলিমা নাচৰিন

           অনুবাদঃ ড° ইকবাল হোচেইন খান


সেইফালে ঐশ্বৰ্য 

সেইফালে প্ৰসিদ্ধি,

সেইফালে সন্মান।

সেইফালে গণতন্ত্ৰ,

বাক-স্বাধীনতা,

সেইফালে মুক্ত চিন্তা,

মানৱাধিকাৰ,

সেইফালে সুস্থিৰতা,

সমতা,

সেইফালে সুন্দৰ,

সেইফালে সততা।

সেইফালে নিশ্চয়তা,

নিৰাপত্তা,

সেইফালে যুক্তিবাদ,

সেইফালে জীৱন।

এইফালে দৰিদ্ৰতা,

এইফালে প্ৰদূষণ,

অন্ধৰাজ,

এইফালে সন্ত্ৰাস,

এইফালে নিৰ্যাতন,

এইফালে মিথ্যা প্ৰতিশ্ৰতি,

ধৰ্মান্ধতা,

নিৰ্বোধ,

পশ্চাৎপদতা,

পৰাধীনতা,

এইফালে বৈষম্য,

এইফালে আতংক,

অনিশ্চয়তা 

মৃত্যু।

কোনপিনে যাওঁ মই ?

জগতে কয়, সেইফালে যোৱা, নিজকে ৰক্ষা কৰা,

সেইফালে সহমৰ্মিতা, স্বৰ্ণপদক,

এইফালে প্ৰতাৰণা, এইফালে অপমান।

এইখিনিয়েই গ্ৰহণ কৰিলোঁ।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages