হেৰাই গ’ল ভাষা ৰৈ গ’ল আশা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 1, 2024

হেৰাই গ’ল ভাষা ৰৈ গ’ল আশা

 

হেৰাই গ’ল ভাষা ৰৈ গ’ল আশা 


ৰঞ্জু গায়ন বৰুৱা নামৰূপ 



হয় ভাষাবোৰ হেৰাই গ’ল 

আশাবোৰ ৰৈ গ’ল,

ভাবিছিলোঁ শ্ৰুতিমধুৰ শব্দৰ ছন্দ মিলাই কবিতা লিখাৰ কথা।

কবিতাৰ কোমলতাৰে

মনৰ ভাব প্ৰকাশ কৰাৰ কথা, 

কিন্তু ! নহ’ল  


এতিয়া চৌদিশে মাথোঁ 

দুৰ্দিনৰ কোলাহল,

কেৱল হাই-কাজিয়া আৰু মিছা-অপবাদ,

হৃদয়ৰ মজিয়াত অহংকাৰৰ খেলা।

স্নেহৰ আকুলতাতো হিচাপে-নিকাচ,

কবিতাৰ ছন্দবোৰো নিমিলা অংক।


কাহানিও নুশুনা কথাবোৰ, বাক্যবোৰ আজি সাৰথি হৈ গ’ল।

কবিতা বলীয়া ভাষাৰ আশাবোৰ যেন কৰোবাত হেৰাই গ’ল,

হয় ভাষাবোৰ হেৰাই গ’ল আশাবোৰো ৰৈ গ’ল।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages