তুমি মোৰ দেশ
ৰুদ্ৰ সিংহ মটক
হাটখোৱাপাৰা, গুৱাহাটী(তৰুণ কবি পদ্মজ্যোতি বৰদলৈৰ হাতত)
তুমি সোণ-ফলা পথাৰ
মই আদিম খেতিয়ক
তুমি নদী—
তোমাৰ সপোনৰ সেউজীয়া সোঁতত উটি যোৱা
মই এজন প্ৰেমিক নাৱৰীয়া
প্ৰিয়তমা, তুমি মোৰ বসন্তৰ বৰদৈচিলা
গছকত যঁতৰ ভঙা গড়গঞা নাচনী
মই মঘাই, ঢোলৰ মাতত হোহোৱাই বৰষুণ অনা
ৰংপুৰৰ ঢুলীয়া
বন্দৰ বিচাৰি মই পৃথিৱীৰ ক্লান্ত পথিক
তুমি কুঁৱলীৰ জোন, ৰাতি ৰাতি মোক হাত-বাউলি
মাতা সমুদ্ৰৰ সিপাৰৰ পৰা
নচঁচা শূলো হাঁহি হাঁহি বুকু পাতি লোৱা
তুমি কোন সূৰ্যৰ জী অজেয়া জয়মতী ?....
ময়ে বান্ধিছো যতনেৰে তোমাৰ শৌৰ্য আৰু কীৰ্তিৰ
ওখ
দৌল
তুমি মোৰ নুনুমুৱা স্বপ্ন মোৰ পাহ-মেলা চকুৰ মণি
পাকখাই থকা তুমি মোৰ পথাৰৰ সোণোৱালী বাওধান
ওখ টঙিঘৰত উঠি জাত জাত বনগীত গাই
মই হুৰাই দিওঁ হালধীয়া টুনীৰ জাক
এন্ধাৰত বাট হেৰুওৱা তুমি মোৰ দেশ
তোমাৰ মমতাত জ্বলি উঠা কবিতাৰ শব্দবোৰ--সেয়া মোৰ
ধমনীৰ তেজ; তোমাৰ কপালৰ সেওঁতাত
দগমগ্
ৰঙা বেলি
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment