নয়নী, সেই গধুলিৰ অগ্নিকুণ্ড
প্ৰণৱ কুমাৰ বৰ্মন
একুৰা জুই
তিলফুল হালে ধোঁৱা বতাহত
নয়নী, দুখৰ জোন এটি বুকুত আঁৰি
দুওঁঠত পিন্ধিছা হাহিঁৰ শংখ
তাৰ মাতে গধুলি কঁপায়
সেই গধুলিৰ তুমি অগ্নিকুণ্ড
চকুলো কুঁৱলী হৈ তপ্ত চৈতন্যক নুমুৱায়
কুঁৱলীঘেৰা দৈমুখীয়াৰ সেই গধুলি
ভাঁহেনে তোমাৰ চকুত
এখন ছায়াঘন নাও হৈ
তোমাৰ প্ৰেমৰ ভগ্নতাত
তোমাৰ ভগ্ন হৃদয়ৰ মৌনতাত
বাজি উঠা এন্ধাৰৰ তানপূৰা
বিচাৰি পালোঁ ইহলোকৰ সৌন্দৰ্য্য
দুহাত জেতুকাৰে বোলাই লোৱা
সেই এষাৰি বাক্য
ৰাতি ৰজনজনাই যোৱা চৰাইৰ সুহুৰি এটা
যেন মহাকাব্য
তোমাৰ মহাকাব্যৰ মই অপৰিচিত চৰিত্ৰ যাৰ গাণ্ডীৱৰ শৰ-পথ আজিও অব্যৰ্থ
তোমাৰ আঘাতৰ বিলাপ
মোৰ কলিজাৰ গোলাপ
এতিয়া ইমান অপেক্ষাৰ অন্তত
গুচি যোৱা
গুচি যোৱা
ৰৈ যাওক তোমাৰ গধুলিত সেই কাব্য
-ভালপোৱা
নয়নী, আজিও ভাঁহেনে অগ্নিকুণ্ডহৈ তপতাই থকা
কুঁৱলী-গধুলিৰ ছাই হোৱা ছায়াছবি
তোমাৰ সেমেকা দুচকুত
তোমাৰ কবি!
(ধন্যবাদ হেমন্ত শ্যাম আৰু বৰ্ণালী শ্যাম।)
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment