নৱ বৰ্ষৰ শুভক্ষণত অতীতক সুঁৱৰি কেঁকুৰীত উচুপনী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

নৱ বৰ্ষৰ শুভক্ষণত অতীতক সুঁৱৰি কেঁকুৰীত উচুপনী

 

নৱ বৰ্ষৰ শুভক্ষণত অতীতক সুঁৱৰি কেঁকুৰীত উচুপনী

 

অনুজ য়েইন 


     ইংৰাজী নৱ-বৰ্ষক আদৰি জনোৱাৰ শুভক্ষণত কিছু পৰিবেশ প্ৰাসংগিকতাৰ বিষয়ে লিখিবলৈ খোৰাক যোগালে। সাম্প্ৰতিক কালত বিভিন্ন ধৰণৰ কাৰ্য সূচীৰে কাঠফুলাৰ দৰে গঢ় লৈ উঠা স্থায়ী অস্থায়ীভাৱে অনুষ্ঠিত অনুষ্ঠানত নানা পৰিবেশত সম্পন্ন কৰা দৃষ্টি গোচৰ হয়। বিশেষকৈ আমাৰ অসমৰ খিলঞ্জীয়া অসমীয়া ৰাইজৰ বাবে আজিৰ তাৰিখত আবতৰিয়া তথা বিজতৰীয়া প্ৰাচ্যাত্যৰ প্ৰভাৱত সকলো জনগোষ্ঠীয় জাতিৰ সৰ্বস্ব ম্লান কৰাৰ উপশম ঘটিব ধৰিছে।

   অতীতৰ পৰম্পৰাগত ৰীতি-নীতি সমুহ ধুলিসাৎ মাৰি প্ৰাচ্যাত্যৰ আদৰ্শত অনুপ্ৰাণিত হৈ  কিমান  যুক্তিসংগত মতামতৰ বাবে আমি দায়ী। এয়াই হৈছে সচেতন মহলৰ চিন্তাবিদ সকলে এবাৰ হ’লেও পৰম্পৰাগত চহকী অসমীয়া কৃষ্টি সংস্কৃতিৰ অস্তিত্ব অক্ষুণ্ণ ৰক্ষাৰ্থে আমাৰ সামাজিক দায়বদ্ধতাৰ কৰ্তব্য বুলি বিবেচিত কৰাটোৱেই নিন্তাই প্ৰয়োজন সমাগত। ২০২৫ নৱ-বৰ্ষক আদৰি জনোৱাৰ চেগতে নতুনত্বৰ সন্ধানত ন-পুৰণি লেখক সকলৰ লেখাৰে বিভিন্ন দৈনিক কাকত, প্ৰকাশিত আলোচনীৰ পাতত প্ৰকাশিত হয়। কিন্তু কোনে কাৰ লেখা কিমান পঢ়ি অনুশোচনা কৰা হৈছে। নতুবা লেখা সমুহ পঢ়াৰ পাচত  কোনোবাই কাৰ্য কৰী প্ৰদৰ্শন কৰা হৈছেনে নাই জ্ঞাত নহয়। গত ২০২৪ বৰ্ষক বিদায়ী ক্ষণত ১২মাহৰ সময়ছোৱাত অৰ্থাৎ এবাৰ যদি গত বৰ্ষলৈ ওভতি চালেই ধাৰাবাহিক ভাৱে বিভিন্ন পৰিৱেশ পৰিস্থিতিৰ অনুপাতে নানা দূৰ্ঘটনাগ্ৰস্ত সংঘটিত, প্ৰাকৃতিক দুৰ্যোগ আনকি অসম তথা ভাৰতবৰ্ষত ভিন্ন ৰাইজত বিভিন্ন কাৰণত গোষ্ঠী সংঘৰ্ষ, সন্ত্ৰাসবাদী, বোমা বিস্ফোৰণ, হত্যা লূণ্ঠন, কটা কটি ঘৰুৱা কন্দল, পাৰিবাৰিক অশান্তিৰ বাল্য বিবাহ প্ৰভাৱ, অন্ধ বিশ্বাসৰ আঁৰত থাকি লগতে আত্মহত্যা ইত্যাদি আজিৰ তাৰিখত বহুলোকে দোষী আৰু নিৰ্দোষী জনতাই মৃত্যুক আকোঁৱালি ল’ব লগীয়া হৈছিল। মোৰ বোধেৰে হয়তো আপোনালোকে জীৱনৰ বাটত এদিন নিশ্চিত দৃষ্টি গোচৰ হৈছে। সঁচা অৰ্থত অপ্ৰীয় হ’লেও যেনেকৈ কিছুমান আকস্মিক ঘটনাৰাজীবোৰ সঁচাকৈয়ে মঁচিব নোৱাৰা এক হৃদয় বিদাৰক ছবি সাঁচ বহুৱাই গ’ল। এনেধৰণৰ অপৰাধ মূলক মানৱ দুৰ্যোগ আৰু প্ৰাকৃতিক দুৰ্যোগৰ ছবি সমুহ মনত পৰিলে নৱ বৰ্ষৰ শুভ ক্ষণত অতীতক সোঁৱৰি কেকুৰীত উচুপনী উঠে হাজাৰ জনতাৰ অন্তৰ।

    সাম্প্ৰতিক কালছোৱাত আধুনিক মানুহৰ জীৱন যাত্ৰাৰ পদ্ধতি সমুহ ব্যক্তিক্ৰম কিছু দেখা যায়। আধুনিক যুগত বিজ্ঞান সন্মত প্ৰণালীৰে বৰ্তমানৰ আদৰ্শ খিনি গ্ৰহণ কৰা ফলস্বৰূপে উন্নত মানদণ্ডৰ প্ৰয়োগ কৰিছে যদিও জীৱন সংগ্ৰামত এখোজ বাঢ়ি গলেও বিজ্ঞানৰ অবদানে অভিশাপ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। অতীতৰ সঁচা ৰীতি-নীতি সম্পৰ্কীয় মানৱতাৰ গুণ অনুসৰণ কৰিহে ইজনে সিজনক আত্মীয়তাৰ ভাৱ বিনিময়, মৰম-স্নেহ আৰু শ্ৰদ্ধা-ভক্তি, মানৱ জীৱনৰ শ্ৰেষ্ঠতম মূল্যবোধ প্ৰদান কৰি জীৱনৰ এছোৱা কাল আগবাঢ়ি যায়। এনে এটা স্বৰ্গ ভুমিত যদিহে সন্ত্ৰাসবাদী, গোষ্ঠী সংঘৰ্ষ, নিকৃষ্টমানৰ হত্যালীলা, আকস্মিকভাৱে পথ দূৰ্ঘটনা পতিত হোৱা,পানীত সলীল সমাধি আৰু প্ৰাকৃতিক দুৰ্যোগত বহু নিৰপৰাধী জনসাধাৰণে মৃত্যুৰ শীতল কোলাত অকালতে অকাৰণে শুই পৰিল, বহু সাধাৰণ জনতা। হয়তো কাৰোবাৰ একমাত্ৰ ল’ৰা এজন, ছোৱালী এজনীক লৈ ঘৰ সংসাৰ সপোন ৰচিবলৈ আৰম্ভণি কৰা হৈছিল। অকালতে পুত্ৰ, কন্যাক হেৰুৱাইছে, আনকি ইফালে হয়তো কাৰোবাৰ পিতৃ মাতৃক হেৰুৱাইছে।নিজা আপোনজনক হেৰোৱাই কিমান দুখৰ বোজা খিনি বব লগা হৈছিল। তেওঁ কিমান ভুক্ত ভুগী হৈ আছে। তেৱেঁই উপলব্ধ কৰিছে। এষাৰ কথা আছে, পাই হেৰোৱা বেদনা নাপাই হতাশাত ভোগা মানৱ জীৱনৰ স্পৃহা পৃথিৱীত অলেখ লেখ আছে। যিজনে ভুক্ত ভুগী তেৱেঁই জানে জীৱনটোৰ মানসিকতাৰ ভাৰসাম্যতাৰ জোখ মাপ। প্ৰকৃততে তেওঁলোকৰ অন্তৰত দুখৰ বোজাখিনি কিমান গধূৰ। দুখৰ সাগৰত ডুবি যোৱা জনেহে উপলব্ধি কৰিব পাৰি। আচলতে দুখৰ ৰাতি তেওঁলোকৰ বাবে সোনকালেই ৰাতি নু-পূৱাই, ঠিক আন্ধাৰ গহ্বৰৰত ৰুদ্ৰ স্বাস নি:সীম শূণ্যতা।

    আনহাতে,আশা আছিল জীৱিত কালতে সকলোৰে সৰু বৰ সপোনৰ কথা পুহি ৰাখে। হয়তো পিতৃ মাতৃয়ে ল'ৰা ছোৱালীহঁতক পঢ়োৱাই, তেওঁলোকক পঢ়াৰ কেঢ়িয়াৰ গঢ় দিয়াৰ পিছত কিবা এটা নিজকে সৌভাগ্য ক্ৰমে নিজৰ ভৰিত নিজে থিয় দি কিবা সংস্থাপন লাভ কৰিবলৈ সক্ষম হ'বলৈ সকলোৰে অভিভাৱক হিচাপে হাত উজান দিবলৈ আগৰণুৱা হয়। কিন্তু অকালতে পুত্ৰ কন্যাক হেৰুৱাই ভৱিষ্যতৰ সৰু বৰ সপোন খিনি আধাৰুৱা হৈ কলিতে মৰহি যায়। আমি যদিহে পাঁচ মিনিটৰ বাবে চকু মুদি গত বছৰৰ দিনবোৰলৈ ওভতি চাওঁ প্ৰায় ৯০শতাংশ নিকৃষ্ট মানৰ আক্ৰমণৰ কাৰুকাৰ্য সংঘটিত হোৱা পৰিলক্ষিত হৈছে। এনেবোৰ কাৰ্য সমুহৰ সমাধান সূত্ৰ বিচাৰি বুদ্ধি জীৱি এচাম জনতাক প্ৰশ্ন বানৰ আক্ষেপ ব্যক্ত কৰিছে। সেয়ে সাম্প্ৰতিক কালত প্ৰচলিত সমাজৰ জনসাধাৰণৰ মাজত বিপ্লৱৰ বীজ ৰুপণ কৰিবলৈ খোৰাক যোগাইছে।এহাতে আধুনিক যুগৰ মৰণাস্ত্ৰ সঁজুলিবোৰ সন্ত্ৰাসবাদৰ ব্যৱহাৰ কৰা বন্দুক,বাৰুদ, গ্ৰেণেট,বোমা বিস্ফোৰণত হত্যা  লীলা আদি ব্যৱহাৰ কৰা সজুঁলি বোৰ বিজ্ঞানৰ অবদানে আশীৰ্বাদৰ বিপৰীতে মানৱ জীৱনৰ বাবে এক নিষ্ঠুৰ ভয়ানক সংকট জনক আৰু অভিশাপস্বৰুপ হিচাপে চিহ্নিত হৈছে।

    সাধাৰণতে কবলৈ গ'লে যিসকলে অপৰাধ মূলক কাৰ্যত জড়িত থকা দুস্কৃতি ব্যক্তিক চিনাক্ত কৰি বিহিত ব্যবস্থাৰে শাস্তি প্ৰদান কৰা যাহক। আমাৰ সচেতন মহলৰ জনতাই মাৰ বান্ধি থিয় দি ধ্বংসৰ গৰাসত পৰিণত কৰিব লাগে। এনেধৰণৰ নিকৃষ্ট কাৰু কাৰ্য আমাৰ মাজৰ পৰা নিপাত যাহঁক পুনৰাবৃত্তি যেন নহয় তাৰ বাবে নিয়তিৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিছোঁ। আমি আশাকৰোঁ যে দুখীয়া দৰিদ্ৰতাৰ সীমা ৰেখাত বাস কৰা এচাম দূৰ্ভগ্যীয়া জনতাই জীৱন নিৰ্বাহ ক্ষেত্ৰত শান্তিৰে এসাঁজ খাই ৰাতি সুৰক্ষিত হওঁক। কোনো দূস্কৃতিকাৰীয়ে যেন ব্যাঘাত নজন্মাই। ইয়াৰ আঁৰত বাস কৰা এচাম যুক্তিবাদী আৰু গণমূখী চিন্তা চৰ্চা কৰা ব্যক্তিসকলৰ মাজত কিছুমান স্বাভাবিকতে সমস্যা সমাধান কেতিয়াও নহয়। প্ৰায় বয়সত ৭০ ৰ পৰা ৯৫ বছৰৰ বৃদ্ধ, বৃদ্ধা, অবিবাহিত, বিধবা আই মাতৃ ক'কা আইতাকৰ, খুড়া খুড়ী আদি বহু জনৰ পাবলগীয়া প্ৰাপ্য খিনি বিশেষকৈ প্ৰঞ্চনৰ কথাখিনি সময়ত নোপোৱাকৈ কিছুমান ব্যক্তি মৃত্যুক আকোঁৱালি লোৱা দেখা যায়। সেয়ে বৰ্তমানৰ চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত বিভিন্ন ধৰণৰ আঁচনি ৰুপায়ণত কাৰ্যকৰী হ'ব লাগে। নিৰাশাজনক তথা শিক্ষিত নিবনুৱা সমস্যা খিনি দূৰীকৰণৰ ব্যৱস্থা কৰা যাহক। ইয়াৰ উপৰিও আকস্মিক ভাৱে সংকটজনক আহত পংগু সকলৰ বাবে কিবা কৰি খাব পৰা সুবিধা প্ৰদান কৰা হওক। আনহাতে চৰকাৰৰ পৰা আত্ম সহায়ক মহিলা গোট তথা পুৰুষ সকলৰ বাবে আমাৰ চহা গঞাঁ ৰাইজৰ বিভিন্ন ক্ষেত্ৰত ঋণ লৈ সময়ত পৰিশোধ কৰিব নোৱাৰি বহু সমস্যা সন্মুখীন হয়। পৰৱৰ্তীকালত, শেহতীয়াকৈ বহুকেইজন উদীয়মান যুৱক যুৱতীৰ বাবে ও কিষাণ, অৰুণোদয় ইত্যাদি আঁচনী সমুহ প্ৰদান কৰি যৎকিঞ্চিৎ সন্তুষ্টিৰে এখোজ আগুৱাই নিয়াৰ ক্ষেত্ৰত সাহস যোগোৱা দৃষ্টি গোচৰ হয়। তেওঁলোকৰ এশ এবুৰি সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ যেন নৱ বৰ্ষৰ শুভক্ষণত শান্তিৰ বাৰ্তাৰ সংস্পৰ্শত টেনচনবোৰ নিমিষতে ধুই পেলাওঁক। নতুন বছৰটি যেন নতুনত্বৰ ৰঙীন আভাৰে আলোকিত কৰক। এয়াই কামনা কৰি হাজাৰ জনতাৰ মাজত এসাঁজ প্ৰীতি ভোজ খুওৱাৰ আপাহতে উদ্বিগ্ন হৈ নৱ বৰ্ষটি অনুষ্টুপিয়াকৈ আদৰি জনোৱা হয়।

   আমাৰ পৃথিৱীত বাস কৰা সচৰাচৰ জনগোষ্ঠীয় সকল সমাজ প্ৰিয়। আমাৰ সমাজ ব্যৱস্থাটো হ'ল অবিৰতভাৱে অনুপম পৰিক্ৰমাৰ বান্ধোন। আমাৰ সমাজত দুখীয়া, মধ্যবিত্ত আৰু অভিজাত শ্ৰেণীৰ মানু্হ আছে। ইয়াৰ আঁৰত ৰুচি অভিৰুচি অনুসৰি অভিজ্ঞতাৰে এটা পৰ্যায়ত মানুহৰ মাজত পৃথক পৃথককৈ বিলাসীতা, আনন্দ বিনোদনৰ মাজেদিয়েই দিনবোৰ অতিবাহিত কৰা হয়। অথচ মানুহে মানুহক মূল্যবোধ প্ৰদান কৰি জীয়াই থকাৰ এক সুকীয়া মৰ্যাদা প্ৰদান কৰা উচিত। তেনে স্থলত সমাজ অতন্ত্ৰ,বিচাৰক, আৰু সু শৃংখলাবদ্ধ ভাৱে পৰিচালনা কৰি জাগ্ৰত মানুহৰ অভাৱ অপূৰ্ণতা দূৰ কৰি পূৰ্ণতা লাভ কৰিবলৈ সক্ষম হ'ব পাৰি। যিহেতু মানুহক মনুষ্যত্বৰূপে উপলব্ধি কৰিব দিয়ক, মানুহক সাহসেৰে শক্তিশালী হ'বলৈ দিয়ক, ইজনে সিজনক সহানুভূতিৰে জীপাল কৰক,অভাৱ অভিযোগ খিনি বুজি পায় সংঘবদ্ধ হৈ সমাধান কৰা যাহক। মানুহৰ মাজত সুখৰ সংম্ভেদ প্ৰদান কৰা,নিৰাপত্তা সংগ্ৰাম আৰু ৰক্ষাণা বেক্ষণৰ মাজত সুমধুৰ জীৱন গঢ়াৰ কৌশল নিশ্চিত কৰক। মুঠতে মানুহ সকলো জীৱৰ ভিতৰত পৰিচালীকা শক্তিৰ  শ্ৰেষ্ঠ জীৱ। মানুহ নামৰ প্ৰাণীয়ে নিজক আৰু আনক নিয়ন্ত্ৰণ কৰিব পাৰি। এয়াই মানৱ জীৱনৰ সংজ্ঞা।

     এইখিনিতে, এক স্মৰণীয় দিন অনাগত দিনবোৰত আমাৰ জীৱনৰ বাটত সদায় দেখিবলৈ পোৱা যায়। এটা বছৰ অতীত হোৱা মানে নৱ বৰ্ষৰ শুভক্ষণত জানুৱাৰী মাহৰ পৰা ধৰি ফেব্ৰুৱাৰী মাহলৈকে উখল মাখলৰ পৰিবেশত পাশ্চাত্যৰ আৰ্হিৰে অনুপ্ৰাণিত হৈ ইংৰাজী নৱ-বৰ্ষক আদৰি জনোৱা হয় । অনুষ্টুপিয়াকৈ হ'লেও বিভিন্ন পৰ্যটকৰ ঠাই বিলাকত প্ৰীতিভোজ, নতুনক আদৰা, এসাঁজ তৃপ্তিৰে মদ, মাংসৰে জুতি লগাই খোৱা,বিলাতী মদত মুখ গুজি, চিগাৰেট সেৱন কৰা আনকি চিকৰ,চিকেনেচাৰ ইত্যাদি নিচাযুক্ত পানীয় দ্ৰব্য সেৱনৰ  ফলত নৱ প্ৰজন্মৰ বিশৃংখলতাৰ প্ৰভাৱ সকলোৱে দৃষ্টিগোচৰ হৈছে। আনকি বৰ দিন অৰ্থাৎ খ্ৰীষ্টমাছ ডিচেম্বৰ মাহৰ শেষত ২৫তাৰিখে শুভাৰম্ভ কৰা হয়। আগৰ দিনত চিঠি, গ্ৰীটিংছ কাৰ্ড প্ৰীতি ভৰা মৰম আসলুৱা উপহাৰৰ সৰবৰাহ প্ৰচলিত আছিল। আজিৰ তাৰিখত প্ৰতিগৰাকীৰ হাতত ম'বাইল হেন্দছেক থাকে। মন গ'লে এছমেছ প্ৰেৰণ কৰা হয়। ক'ত কেতিয়া কেনেকৈ লগ ভাগ হ'ম ইত্যাদি কথা ম'বাইল যোগেদিয়েই আদান প্ৰদান কৰিবলৈ উপলব্ধ হ'ল। এনেকৈয়ে আমূল পৰিবৰ্তনকামী যুৱক যুৱতীৰ সৈতে মন স্পৰ্শকাতৰ ওচৰ চপাত কিছু একাংশ শুভাকাংক্ষী অভিভাৱক সকলে অনুমতি তথা উৎসাহিত কৰা পৰিলক্ষিত হৈছে। অধিক আধুনিকতাৰ পৰিবেশত এনেধৰণৰ প্ৰাচ্যাত্যৰ কৰ্মৰাজীয়ে এক আনন্দ বিনোদন জীৱনৰ বিপৰীতে বেলেগ দিশলৈ গতি কৰিব পাৰি। তথাপি নতুন বছৰটি যেন জীৱনৰ পৰিক্ৰমাৰ মাদকতা, অফুৰন্ত শক্তি সঞ্চাৰ, মন পছন্দৰ সৈতে সংগী নিৰ্বাচিত কৰা ইত্যাদি বিষয়ে বিশ্লেষণ কৰাৰ সময় উপযোগীকৈ মুকলি আহ্বান সমাগত। শেষত প্ৰত্যাহ্বান জনাই আহ্বান জনোইছো যে জাগি শুবা বাচি খাবা। আমি আমাৰ আপোন জনক গত বৰ্ষত অকালতে বহুলোকক এৰোৱাব লগা হল।আপোন জনক হেৰুৱাই মৰ্মান্তিক হৃদয় খন শুদা হ'ল বহু হাজাৰ জনতাৰ আহত হৈ পংগু হ'ল। আমাৰ মাজৰ পৰা অকালতে বৈকুণ্ঠ ধামলৈ গতি কৰিলে তেখেত সকলৰ আত্মাৰ সদগতিৰ কামনা কৰিলোঁ। তেখেত সকলৰ সমুহ পৰিয়াল বৰ্গলৈ গভীৰ ভাৱে সমবেদনা জ্ঞাপন কৰিলোঁ। নতুন বছৰটি যেন জীৱন পৰিক্ৰমাৰ এক উত্তৰণৰ পথত অবিৰতভাৱে সুদূৰ ভৱিষ্যতৰ অভিযান অধ্যায় সূচনা কৰক।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages