পাহৰণিৰ গৰ্ভত গ্ৰীটিংছ কাৰ্ড - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

পাহৰণিৰ গৰ্ভত গ্ৰীটিংছ কাৰ্ড

 

পাহৰণিৰ গৰ্ভত গ্ৰীটিংছ কাৰ্ড


 নৱজ্যোতি বৰা


    চাওঁতে চাওঁতে ইংৰাজী পুৰণা বৰ্ষটোৱে মেলানি মাগিবৰ বাবে যো-জা কৰিছে। এইখিনি সময়তে আমাৰ মনলৈ ভাব আহিছে সঁচাই সময়বোৰ পাখি লগা কাঁডৰ দৰে গতিশীল। তাহানিত বছৰৰ শেষৰটো মাহ পালেহিয়েই আমাৰ গ্ৰীটিংচকাৰ্ড দিয়া আৰু লোৱাৰ ধুম উঠিছিল। সেই তাহানিত ডিচেম্বৰ মাহ অহাৰ লগে লগে কিতাপৰ দোকানৰ লগতে গাওঁৰ সৰু-বৰ সকলো দোকানতে গ্ৰীটিংচ কাৰ্ড বিক্ৰী কৰা হৈছিল। গ্ৰীটিংচ কাৰ্ড দিয়া লোৱাৰ এই অভিজ্ঞতাখিনি কি যে আনন্দৰ আছিল সেয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি।

      জোছেফ চি হছলিক তাহানিত আধুনিক গ্ৰীটিংছ কাৰ্ডৰ জন্মদাতা বুলি অভিহিত কৰা হৈছে। ১৮৪৩ ত প্ৰিয় বন্ধু ছাৰ হেন্‌ৰী কলক বৰদিনৰ শুভেচ্ছা জনাবলৈ এখন গ্ৰীটিংছ কাৰ্ড আঁকিছিল। ৫.৫ ইঞ্চি দীঘল আৰু ৩.২৫ ইঞ্চি বহল এই গ্ৰীটিংছ কাৰ্ডখনত লিখা আছিল– ‘A Marry Chrismas and a Happy New Year to You.’ তেওঁ এই গ্ৰীটিংছ কাৰ্ডখন সেই সময়ত পোন্ধৰ কপি বনাইছিল। তাৰ পাছত ১৮৬০ চন মানতহে গ্ৰীটিংছ কাৰ্ডৰ সংস্কৃতিয়ে ইংলণ্ড আৰু ইউৰোপত নিজৰ প্ৰভাৱ বিস্তাৰ কৰে আৰু জাৰ্মানী লগতে আমেৰিকাত গ্ৰীটিংছ কাৰ্ডে ১৯০০ চনৰ পৰা ১৯১০ চনৰ ভিতৰত জনপ্ৰিয়তা লভে। আমেৰিকাত প্ৰথম গ্ৰীটিংছ কাৰ্ডৰ প্ৰচলন কৰে লুই প্ৰাঙে। ১৮৭৫ চনত লিথু মেচিনত ছপা কৰি প্ৰাঙে গ্ৰীটিংছ কাৰ্ডৰ ব্যৱসায় আৰম্ভ কৰে। এই গ্ৰীটিংছ কাৰ্ডবোৰত আছিল ফুল, চৰাই, খ্ৰীষ্টমাচৰ চিএ। ১৮৮১ চনত লুই প্ৰাঙে পাঁচ নিযুত গ্ৰীটিংছ কাৰ্ড ছপা কৰি অভিলেখ সৃষ্টি কৰিছিল।

    ভাৰতবৰ্ষ গ্ৰীটিংছ কাৰ্ডৰ আগমন দ্বিতীয় বিশ্বযুদ্ধৰ পাছত হৈছিল বুলি পণ্ডিত সকলে বিশ্বাস কৰিছিল। ১৯৮০ চনৰ পৰা গ্ৰীটিংছ কাৰ্ড সাধাৰণ জন-গনৰ মাজত প্ৰৱেশ কৰিলে আৰু ১৯৯৪ চনৰ মাজ ভাগৰ পৰা গ্ৰীটিংছ কাৰ্ডে মানুহৰ মাজত অধিক জনপ্ৰিয়তা অৰ্জন কৰিলে। সেই সময়ত বিশ্বৰ বৃহওম গ্ৰীটিংছ কাৰ্ডখন দীঘলে ১২.২ মিটাৰ আৰু বহল ৪১.১৫ মিটাৰ। এই গ্ৰীটিংছ কাৰ্ডখন ভাৰতৰ ভূপালৰ সঞ্জয় শেঠ নামৰ যুৱকজনে তৈয়াৰ কৰা কাৰ্ডখনৰ উজন ১৮০ কিলোগ্ৰাম আছিল । উক্ত গ্ৰীটিংছ কাৰ্ডখন তাহানিতে তৈয়াৰ কৰোতে খৰছ হৈছিল ২.৯ লাখ টকা। কুৰি শতিকাৰ পৰা গ্ৰীটিছ কাৰ্ডৰ জগতত আমুল পৰিৱৰ্তন ঘটে। তাহানিত বিভিন্ন উৎসৱ লগতে বিশেষ দিনৰ বাবে গ্ৰীটিংছ কাৰ্ড প্ৰচলন হ’বলৈ ধৰে। সেই সময়ত গ্ৰীটিংছ কাৰ্ডৰ ব্যৱসায় কৰি যি উপাৰজন কৰিছিল সেই উপাজনৰ এটা অংশ সামাজিক কামৰ বাবে আগবঢ়োৱা হৈছিল।

    আমাৰ দিনত গ্ৰীটিংছ কাৰ্ডবোৰ দূৰ-দূৰণীত থকা আপোনজনলৈ পঠাবৰ বাবে ডাক সেৱাৰ দ্বাৰা পথাব লগিয়া হৈছিল। তেতিয়া বছৰটোৰ ভিতৰত ডিচেম্বৰ মাহত সৰ্বাধিক ডাক-টিকত বিক্ৰীয়ে এক অভিলেখ সৃষ্টি কৰিছিল। য়াৰ ফলত ইয়াৰ দ্বাৰা চৰকাৰৰ যথেষ্ট পৰিমানৰ অৰ্থ উপাৰ্জন কৰিবলৈ সমৰ্থন হৈছিল। আমাৰ অসমত ৭০ দশক মানৰ পৰাই গ্ৰীটিংছ কাৰ্ডৰ সংস্কৃতিয়ে জনমানসৰ মাজত প্ৰভাৱ বিস্তাৰ কৰে। তেতিয়া সেই গ্ৰীটিংছ কাৰ্ডে আমাৰ কিশোৰ-কিশোৰী সকলৰ লগতে ছাএ-ছাএী সকলৰ মাজত ইয়াৰ প্ৰচলন সৰ্বাধিক আছিল। আজি বিশ্বায়নৰ ফলত মানৱ সমাজৰ অমূল পৰিৱৰ্তন হৈছে। বিজ্ঞানৰ নিতৌ নতুন আৱিষ্কাৰে মানুহৰ চিন্তা-চৰ্চা, ৰুচিবোধৰ ক্ষেএত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হেছে। ইলেকট্ৰনিক মাধ্যমবোৰৰ দ্ৰত উন্নতিকৰণৰ বাবে অতি কম সময়, কম মূল্যতে কামবোৰ সম্পন্ন কৰিব পৰা হল। বৰ্তমান সময়ত গ্ৰীটিংছ কাৰ্ডবোৰো সময়ৰ লগত খাপ খোৱাব পৰাকৈ ডিজিটেল গ্ৰীটিংছ কাৰ্ড, ইলেকট্ৰনিক গ্ৰীটিংছ কাৰ্ডৰ ব্যৱস্থা কৰিছে। আজি ইন্টাৰনেটৰ দ্বাৰা গ্ৰীটিংছ কাৰ্ড ৱেবচাইটৰ দ্বাৰা কেইমিনিট মানৰ ভিতৰতে বিশ্বৰ যিকোনো ঠাইত থকা আত্মীয়, বন্ধু-বান্ধৱী সকললৈ ইলেকট্ৰনিক কাৰ্ড পঠিয়াব পৰা হ’ল।

   এতিয়া নৱ প্ৰজন্ময় নৱ-বৰ্ষৰ শুভেচ্ছা নিজৰ হাততে থকা এনড্ৰইড মোবাইল ফোন দ্বাৰা হোৱাটএপ, ইষ্টাৰগাম, মেচেঞ্জাৰ, ফেচবুক, ই-মেলৰ আদিৰ দ্বাৰা এক মিনিটতে নিজৰ আপোন জনলৈ পথিয়াব পৰাৰ লগতে দ্ৰত উওৰো পাব পৰা হ’ল। কিন্ত তাহানি ডাকত  দূৰ-দূৰণীৰ পৰা অহা গ্ৰীটিংছ কাৰ্ড খনৰ মাজত হ্নদয়ৰ যি আবেদন যি অনুকল্পা সোমাই থাকে আজিৰ মোবাইল ফোনৰ নানা মাধ্যমত অহা গ্ৰীটিংছ কাৰ্ডবোৰৰ মাজত সেয়া নিশ্বয় অনুভৱ কৰিব পৰা নাযায় বুলি মোৰ দৃহ বিশ্বাস।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages