দিছাং ঘাটৰ পাৰভঙা দুখবোৰ পলকতে মুচি পেলাব পাৰি জানো - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

দিছাং ঘাটৰ পাৰভঙা দুখবোৰ পলকতে মুচি পেলাব পাৰি জানো

 

দিছাং ঘাটৰ পাৰভঙা দুখবোৰ পলকতে মুচি পেলাব পাৰি জানো


হৰেন্দ্ৰনাথ দলে


    বুকু যন্ত্ৰণাকাতৰ নৈপৰীয়া দুখে অনবৰত খুন্দিয়াই থাকে দিছাংমুখ আৰু বৰ নৈৰ বন্যা বিঢৌত দুপাৰ। তাতে আকৌ এই বন্যা বিঢৌত দুয়োপাৰৰ বহু স্বনামধন্য পুৰোধা ব্যক্তিক লগ পাইও অনাহূতভাৱে হেৰুৱাৰ অশুভ দিনলিপি অজানিতে আমি আওৰাই অধিক যন্ত্ৰণাকাতৰ শোকাকুল সময় পাৰ কৰিব লগা হয়। উত্তৰ পাৰৰ দুখ দক্ষিণ পাৰত আৰু দক্ষিণ পাৰৰ দুখ উত্তৰ পাৰত সময়ে সময়ে সময়ে খুন্দা মাৰিয়েই থাকে। বৰনৈৰ বুকুভেদি পাৰাপাৰ হৈ থাকে এই মানৱীয় আত্মীয়তাবোধৰ দুখ। আশী-নব্বৈ দশকত মাতমৰা, টেকেলি ফুটা আৰু দিছাংমুখ ঘাট পাৰাপাৰ হৈ দুই পাৰৰ মানুহৰ মাজত মত-বিনিময় নকৰালৈক দুখৰ বিষণ্ণ প্ৰচ্ছায়া এটা পাৰতে ৰৈ গৈছিল। তেতিয়া  ডাঁৰৰ বাতৰি ডাঁৰে ডাঁৰে পোৱা সম্ভৱ নাছিল। আমাৰ বাল্যকালত আমি দৈনিক বাতৰি কাকত কোনোদিন দেখা পোৱাই নাছিলো। কিন্তু এতিয়া তথ্য-বিস্ফোৰণৰ যুগ। ইলেক্ট্ৰনিক মাধ্যম, বাতৰি কাকত আৰু সামাজিক মাধ্যমৰ যোগেদি শুভ-অশুভ সকলো ধৰণৰ সংবাদ পলকতে সমগ্ৰ পৃথিবী জুৰি বিয়পি পৰে। তথাপিও প্ৰত্যাহ্বানপূৰ্ণ সময় অবিৰতভাৱে বাগৰি যায়। বহু গভীৰ জীৱনবোধৰ কথা পাহৰণীৰ গৰ্ভত হেৰাই যায়। কিন্তু তাৰ পিছতো সঠিক দিন-তাৰিখ আমি সদা সজীৱ কৰি ৰাখিব নোৱাৰিলেও কিছুমান স্মৃতি হৃদয়ৰ নিবিড় কোণত দাগ কাটি আজীৱন থিতাপি ৰৈ যায়। তেনেধৰণৰ স্মৃতিৰ আঁত ধৰিয়েই এই লেখাটি যুগুতাব খুজিছো।

     মিচিং, অসমীয়া আৰু ইংৰাজী ভাষাত সাৱলীল বক্তব্য ৰাখিব পৰা এগৰাকী স্বনামধন্য মিচিং ব্যক্তি-সত্তাৰ নাম আছিল সদ্য প্ৰয়াত মনেশ্বৰ মিলি চাৰ। একাধাৰে তেখেত মিচিং সমাজৰ এগৰাকী পুৰোধা ব্যক্তি, বিশিষ্ট শিক্ষাবিদ আৰু মিচিং আগম কৗবাঙৰ চিৰনমস্য প্ৰাক্তন উপ-সভাপতি।  তেখেতৰ কথা মনলৈ আনিলেই দিছাংমুখ পাৰঘাট, সদৌ অসম মিৰি হাই স্কুলৰ খেলপথাৰত অনুষ্ঠিত অসম-অৰুণাচলৰ আদী-মিচিং অনাতাঁৰ শিল্পীৰ বৰ্ণাঢ্য সঙ্গীত সন্ধ্যা  আৰু ১৯৮৫ চনত বকুলগুৰ চাৰি আলিত অনুষ্ঠিত মিচিং বাঃনৗ কৗবাঙৰ  প্ৰতিচ্ছবি মানসপটলৈ ভাঁহি আহে। 

    সেইদিনাই হয়তো আছিল স্বনামধন্য মনেশ্বৰ মিলি চাৰক দিছাংমুখত সোঁশৰীৰে‌শেষ দেখা। তেখেত  মাতমৰা ফেৰী ঘাটেদি দিছাংমুখলৈ উভতি আহিছে। মই তেখেতক দেখা পাই কথাপাতিবৰ বাবে আগবাঢ়ি গলো। কথাৰ প্ৰসঙ্গত জানিব পাৰিলো যে তেখেত  আমাৰ সদৌ অসম মিৰি হাইস্কুল (বৰ্তমান হায়াচেকেণ্ডাৰী) ৰ সোণালী জয়ন্তী অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰি উভতি আহিছে। এই অনুষ্ঠানলৈ আয়োজক সমিতি আৰু আমাৰ বিদ্যালয়ৰ তদানীন্তন শিক্ষাগুৰু মাননীয় ইন্দ্ৰেশ্বৰ পেগু চাৰেও আন্তৰিকতাপূৰ্ণ তাগিদা দি নিমন্ত্ৰণ কৰিছিল। থাউকতে আমাৰ বিদ্যালয়ৰ সোণালীজয়ন্তী উপলক্ষ্যে আয়োজিত অনুষ্ঠান সমূহৰ বিষয়েও তেখেতৰ পৰা কম সময়ৰ ভিতৰতে  বহু আভাস পাইছিলো। লগতে সোণালী জয়ন্তী উদযাপনত সৌষ্ঠৱ বৃদ্ধি কৰি শিক্ষাবিভাগৰ উৰ্ধতন কৰ্তৃপক্ষই দিয়া ভাষণ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলিত অন্তৰংগ আলাপৰ বিষয়েও তেখেতৰ পৰা জানিব পাৰিলো। তাৰপিছত স্মৃতি-গ্ৰন্হৰ কপি পালেনে নাই, মই মিলি চাৰক সুধিলো। চাৰে পোৱা বুলিয়েই কলে। মই মিলি চাৰক কথাষাৰ সোধাৰ অন্তৰালত অলপ সুকীয়া প্ৰসংগ এটাও জৰিত হৈ আছিল। অৱশ্যে মোৰ একান্ত ব্যক্তিগত স্বাৰ্থ-জৰিত অনুভৱ জাহিৰ কৰা বুলি ভাবিব পাৰে বুলি ভাবিয়েই মই মিলি চাৰক কথাষাৰ নকলো। তদুপৰি ফেৰী ঘাটত নিচেই কম সময়ৰ বাবে লগ পাই সকলো কথা কোৱাটোও সম্ভৱ নাছিল। আজি কিন্তু সেইদিনা মিলি ছাৰক নোকোৱা কথাষাৰ পাকে-প্ৰকাৰে হ’লেও আপোনাসকলক কম বুলি ভাবিছো। একান্ত ব্যক্তিগত অসুবিধাবশতঃ আমাৰ স্কুলৰ সোণালী জয়ন্তী অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলেও মই নিজেও আয়োজক সমিতিৰ লগত বিশেষভাৱে জৰিত আছিলো আৰু স্মৃতি-গ্ৰন্থখনৰ সম্পাদনা আৰু প্ৰকাশনৰ ক্ষেত্ৰত সহকাৰী সম্পাদকৰ দায়িত্ব পালন কৰিব লগা হৈছিল।‌আমাৰ স্মৃতিগ্ৰন্থখনৰ মুখ্য সম্পাদক আছিল আমাৰ শিক্ষাগুৰু মাননীয়  শ্ৰীযুত ইন্দ্ৰেশ্বৰ পেগু চাৰ। এইখিনিতেউল্লেখ্য যে সম্পাদনা সমিতিৰ তৰফৰ পৰা স্মৃতি‌ গ্ৰন্থখনৰ বেটু-পাতৰ পৰিকল্পনা আৰু ছপাশালত মুদ্ৰণৰ ক্ষেত্ৰত স্বতন্ত্ৰভাৱে সিদ্ধান্ত ল’ব পৰাকৈ এই অভাজনক কৰ্তৃত্ব প্ৰদান কৰিছিল। উন্নতমানৰ মুদ্ৰণৰ কথা চিন্তা কৰি স্মৃতিগ্ৰন্থখন গুৱাহাটীত ছপোৱাৰ প্ৰস্তাৱ সম্পাদনা সমিতিক দিয়া হ’ল। সম্পাদনা সমিতিৰ পৰাও সেউজ সংকেত পালো। মই পাণ্ডুলিপিবোৰ সংগ্ৰহ কৰি গুৱাহাটীলৈ আহি নিজৰাপাৰত অৱস্থিত মেচাৰ্ছ হেমকোষ প্ৰিণ্টাৰছৰ তদানীন্তন তত্ত্বাবধায়কৰ লগত কথাপাতি স্মৃতিগ্ৰন্থ ছপোৱাৰ দায়িত্ব দিলো। তাৰপিছত ৰং-তুলিকাৰে বেটু-পাত অলংকৰণৰ বাবে আমাৰ পূৰ্ব-পৰিচিত চিত্ৰ-শিল্পী তথা অভিযন্তা গুৱাহাটীৰ চন্দন নগৰ (বেলতলাৰ অন্তৰ্গত) নিবাসী মাননীয় ভাৰত কামানদেৱক বিচাৰি গ’লো। তেখেতক চন্দন নগৰৰ আবাসগৃহতে লগ পালো। লগ পাই আমাৰ স্মৃতিগ্ৰন্থখনৰ বাবে তেখেতক বেটু-পাত এখন আঁকি দিবৰ বাবে অনুৰোধ জনালো। তদুপৰি বেটু-পাতত উপস্থাপন কৰিব লগা এটা বিষয়-বস্তু ঠিক কৰি অন্তৰ্নিহিত ধাৰণাখিনিও আলোচনাৰ প্ৰসঙ্গত সংক্ষিপ্তৰূপত তুলি ধৰিলো। আলোচনাৰ অন্তত তেখেতে প্ৰস্তাৱিত বিষয়-বস্তুটো অংকণযোগ্য হ’ব বুলিয়েই মোক নিশ্চিতভাৱে জনালে। আমাৰ বেটু-পাতত চিত্ৰ-শিল্প গৰাকীৰ ৰং-তুলিকাৰে প্ৰাণপ্ৰতিষ্ঠা কৰা বেটু-পাতৰ মূল বিষয়-বস্তুটো আছিল এখন কাল্পনিক নৈৰ সিপাৰে শিল্প-উদ্যোগ,‌শিক্ষা-দীক্ষা আৰু বিজ্ঞান-প্ৰযুক্তি আদিৰ উত্তৰণৰ প্ৰতীকধৰ্মী‌অভিব্যক্তি আৰু  আনটো পাৰে প্ৰগতিয়ে ঢুকি নোপোৱা মিচিং সমাজ জীৱনক প্ৰতিনিধিত্ব কৰা কণমানি শিশু সন্তানক  বুকুচা বান্ধি পিঠিত লৈ আচৰ্য-চকিত নিথৰ দৃষ্টিৰে সিপাৰৰ প্ৰগতিৰ অবুজ ৰেহৰূপ চাই থকা এজাক অবোধ আইমাতৃ-ধাত্ৰীৰ কলাত্মক অভিব্যক্তি। মূল অন্তৰ্নিহিত বাৰ্তাটো আছিল ভৌগোলিক অৱস্থিতিৰ বাবেও নৈপৰীয়া সমাজ-সভ্যতাৰ‌ মাজত বৈষম্যমূলক উত্তৰণ থাকিব পাৰে; তাৰেই ৰং-তুলিকাৰে অংকিত দৃষ্টিনন্দন অভিযোজনা। 

                                             

আগলৈ…..


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages